/asomiyapratidin/media/media_files/2025/04/09/xrSJPWCkCvrjQx558YJN.jpg)
২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাৰ সংবাদকৰ্মী আৰু সাংবাদিক সকলৰ উমৈহতীয়া মঞ্চ প্ৰেছ গীল্ড ঢকুৱাখনাই গতিপথত ২৩ টা বর্ষত প্ৰদাৰ্পণ কৰিলে । ২০০২ চনত প্ৰতিষ্ঠা হোৱা এই সাংবাদিক মঞ্চৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱসটি বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। পুৱা গীল্ডৰ সভাপতি তোলন চন্দ্ৰ দত্তই পতাকা উত্তোলন কৰাৰ পাছতে স্মৃতি তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।
দুপৰীয়া গীল্ডৰ সভাপতি তোলন চন্দ্ৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত প্ৰতিষ্ঠা দিৱস আৰু বিশেষ সম্বৰ্ধনা সভাত
অৱসৰপ্ৰাপ্ত শিক্ষাবিদ পদ্মা বৰা দাস, জ্যেষ্ঠ নাগৰিক লালিত্য কুমাৰ দাস, বিশিষ্ট নাট্য সাধক নন্দ চুতীয়া ,জ্যেষ্ঠ নাগৰিক, অৱসৰপ্ৰাপ্ত শিক্ষাবিদ তৰুণ চন্দ্ৰ পাতিৰ, মানস নেওগ, প্ৰেছ গীল্ডৰ প্ৰতিষ্ঠাপক সভাপতি আলোক চমুৱা, প্ৰাক্তন সভাপতি দুলেন চমুৱাকে প্ৰমুখ্যে কৰি গৰিষ্ঠ সংখ্যক অভ্যাগত অতিথি উপস্থিত থাকি বক্তব্য আগবঢ়াই। গীল্ডৰ সমূহ সদস্যৰ উপস্থিতিত জনাকীৰ্ণ সভাখন ঢকুৱাখনা স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূতৰ মননশীল উদ্বোধনী ভাষনেৰে উদ্বোধন কৰা হয়। ঢকুৱাখনাৰ শংকৰদেৱ শিশু নিকেতন আৰু আমগুৰি প্ৰাথমিক বিদ্যালয়ৰ শিশু শিক্ষাৰ্থী সকলৰ শ্ৰুতিমধুৰ সংগীতেৰে প্ৰতিষ্ঠা দিৱসৰ সভাখনৰ গাম্ভীৰ্যতা আৰু সৌষ্ঠৱ দুগুণ বৃদ্ধি কৰে। সভাত প্ৰবীণ শিক্ষাবিদ, প্ৰেছ গীল্ডৰ শুভাকাংক্ষী তৰুণ পাতিৰ,নাট্যকৰ্মী নন্দ চুতীয়া, প্ৰতিষ্ঠাপক সভাপতি আলোক চমুৱা, সম্পাদক অমৃত পৱন বৰা আৰু কিছু সংখ্যক পৰৱৰ্তীকালীন সংবাদসেৱীক স্মাৰক সহ গীল্ডৰ গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। সভাত ঢকুৱাখনা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নৱনীতা হাজৰিকা উপস্থিত থাকি সংবাদ মাধ্যম আৰু সাধাৰণ প্ৰশাসনৰ মাজৰ সৌহাদ্যপূৰ্ণ সহযোগিতাৰ শলাগ লৈ চমু শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়।