‘প্ৰেৰণা পুথিভঁৰাল’ৰ ২৩ সংখ্যক বাৰ্ষিক অধিৱেশন
‘প্ৰেৰণা পুথিভঁৰাল’ৰ ২৩ সংখ্যক বাৰ্ষিক অধিৱেশন

অধ্যয়ন-অনুশীলন-পৰিৱৰ্তনৰ ব্ৰতেৰে স্থাপিত ‘প্ৰেৰণা পুথিভঁৰাল’ৰ ২৩ সংখ্যক বাৰ্ষিক অধিৱেশন

ডিজিটেল সংবাদ, নলবাৰী : অধ্যয়ন-অনুশীলন-পৰিৱৰ্তনৰ ব্ৰতেৰে স্থাপিত প্ৰেৰণা পুথিভঁৰালৰ ২৩ সংখ্যক বাৰ্ষিক অধিৱেশন সম্পন্ন । ১ জানুৱাৰীত বিভিন্ন কাৰ্যসূচীৰে সম্পন্ন হয় নলবাৰী জিলাৰ বিহামপুৰত ২০০০ চনত স্থাপিত হোৱা প্ৰেৰণা পুথিভঁৰালৰ ২৩ সংখ্যক বাৰ্ষিক অধিৱেশন।

পুথিভঁৰালৰ জ্যেষ্ঠ পৰিচালক হিমাদ্ৰী মেধিয়ে প্ৰেৰণা পুথিভঁৰালৰ পতাকা উত্তোলন কৰি অধিৱেশনৰ শুভাৰম্ভ কৰে। প্ৰেৰণা পুথিভঁৰালৰ মুখ্য পৰিচালক বিশিষ্ট শিক্ষাব্ৰতী দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মাৰ সঞ্চালনাত পুথিভঁৰালটিৰ শিশু আৰু কিশোৰ- কিশোৰী চ’ৰাৰ সদস্যসকলে নৃত্য-গীত, অভিনয়-আবৃত্তি আদি বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

প্ৰেৰণা পুথিভঁৰালৰ মূল প্ৰাচীৰ পত্ৰিকা ‘অন্বেষণ’ বিশিষ্ট লেখক ময়ূৰ বৰাই, পুথিভঁৰালটিৰ সৰুক্ষেত্ৰী শাখাৰ প্ৰাচীৰ পত্ৰিকা ‘প্ৰত্যুষ’ বিশিষ্ট লেখক টুনুজ্যোতি গগৈয়ে আৰু নতুন দেহৰ শাখাৰ প্ৰাচীৰ পত্ৰিকা ‘প্ৰয়াস’ উত্তৰ লক্ষিমপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ অৰবিন্দ ৰাজখোৱাই উন্মোচন কৰে।

অনুষ্ঠানত জনপ্ৰিয় লেখক টুনুজ্যোতি গগৈৰ দ্বাৰা ৰচিত পুথি ‘সাপ, গোলাপ আৰু সংলাপ’ নামৰ পুথিখন গল্পকাৰ ইমৰান হুছেইনে আৰু অধ্যাপক ড০ অৰৱিন্দ ৰাজখোৱা ৰচিত ‘কথাবোৰ কৈ থাকিব লাগিব’ পুথিখন বিশিষ্ট লেখক ময়ূৰ বৰাই উন্মোচন কৰে । লগতে ড০ হীৰেন গোঁহাইৰ ৰচনাৱলীৰ তৃতীয় খণ্ডটো অঞ্চলটোৰ বাবে ময়ূৰ বৰা, ড০ অৰৱিন্দ ৰাজখোৱা আৰু ইমৰান হুছেইনে উন্মোচন কৰি প্ৰাসংগিক ভাষণ প্ৰদান কৰে । অনুষ্ঠানত ২২ গৰাকী কবিৰ অনুভৱেৰে ব্যতিক্ৰম ৰূপত প্ৰকাশিত ‘শীত’ নামৰ কাব্য সংকলন উন্মোচন কৰা হয়।

উল্লেখযোগ্য যে, পুথিভঁৰালৰ শ্ৰেষ্ঠ পঢ়ুৱৈ বঁটা লাভ কৰে মুকুল শৰ্মাই, শ্ৰেষ্ঠ কৰ্মী বঁটা লাভ কৰে মানৱজ্যোতি শইকীয়াই আৰু বাৰ্ষিক অধিৱেশনৰ শ্ৰেষ্ঠ কৰ্মী বঁটা লাভ কৰে ক্ৰমে নয়নমণি বৰ্মন, চন্দন দাস, সাগৰিকা তালুকদাৰ আৰু মৃন্ময় হালৈয়ে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in