উত্তপ্ত বিশ্বনাথঃ ঘূৰাই লাগে জিলাৰ মৰ্যাদা

উত্তপ্ত বিশ্বনাথঃ ঘূৰাই লাগে জিলাৰ মৰ্যাদা
উত্তপ্ত বিশ্বনাথঃ ঘূৰাই লাগে জিলাৰ মৰ্যাদা
উত্তপ্ত বিশ্বনাথঃ ঘূৰাই লাগে জিলাৰ মৰ্যাদা

ডিজিটেল ডেস্ক: ৰাজ্যৰ বিভিন্ন প্ৰান্তত জিলা বিলুপ্তিকৰণ সন্দৰ্ভত অব্যাহত আছে প্ৰতিক্ৰিয়া। ৩১ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজ্যৰ ৪ খন জিলা বিলুপ্তিকৰণৰ লগতে একাধিক ৰাজহ গাঁও এখন জিলাৰ পৰা কৰ্তন কৰি আন এখন জিলাৰ সৈতে সংলগ্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

কেবিনেটৰ এই সিদ্ধান্তৰ পিছতে এতিয়া ৰাজ্যজুৰি প্ৰতিবাদৰ জোৱাৰ উঠিছে। বিশেষকৈ বিশ্বনাথ জিলা বিলুপ্তিকৰণৰ বিষয়টোক সহজ ভাৱে ল’ব পৰা নাই বিশ্বনাথবাসীয়ে। চৰকাৰৰ এই সিদ্ধান্তক বিশ্বনাথবাসীৰ বাবে অপমানজনক বুলি আখ্যা দিছে বিশ্বনাথবাসীয়ে।

২০১৫ চনত গঠন কৰা জিলাখনে ঠন ধৰি উঠাৰ সময়তে এইদৰে জিলাৰ মৰ্যাদা কৰ্তন কৰি পুনৰ মহকুমা পৰ্যায়লৈ অৱনমিত কৰাৰ বাবে বিশ্বনাথৰ বিভিন্ন দল, সংগঠনৰ লগতে সৰ্বস্তৰৰ জনতাই আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে।

আজি বিশ্বনাথৰ পৌৰসভা কাৰ্যালয়ৰ সন্মুখত একাধিক ৰাজনৈতিক, অৰাজনৈতিক দল, সংগঠনৰ লগতে সকলো শ্ৰেণীৰ নাগৰিকে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাই নহয়, শীঘ্ৰেই জিলা বিলুপ্তিকৰণৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে।

দীৰ্ঘ সংগ্ৰামৰ অন্তত জিলাৰ মৰ্যাদা লাভ কৰা বিশ্বনাথক কেৱল ৰাজনৈতিক অংকৰ বাবে পুনৰ মহকুমালৈ অৱনমিত কৰাৰ অভিযোগ উত্থাপন কৰিছে দল, সংগঠনে। উল্লেখ্য যে, মাত্ৰ কেইটামান দিনৰ পূৰ্বে বিকাশৰ বাবে এটা পষেক কাৰ্যসূচীৰ অধীনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশ্বনাথ জিলাত বিভিন্ন প্ৰকল্পৰ লগতে সংহত উপায়ুক্ত কাৰ্যালয়ৰো আধাৰশিলা স্থাপন কৰিছিল।

সেয়েহে লাহে লাহে ঠন ধৰি উঠা জিলাখনৰ পৰা জিলাৰ মৰ্যাদা কৰ্তন কৰি ৰাজ্য চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিলে সেই সিদ্ধান্তত স্বাভাৱিকতে ক্ষোভিত হৈ পৰিছে সৰ্বস্তৰৰ নাগৰিক। উল্লেখ্য যে ৰাজ্য চৰকাৰে ২০২১ ত তামুলপুৰক জিলাৰ মৰ্যাদা দিয়াৰ লগে লগে ৰাজ্যত মুঠ জিলাৰ সংখ্যা বৃদ্ধি হৈছিলগৈ ৩৫ খনলৈ।

কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰে ৪ খন জিলা বিলুপ্তি কৰাৰ লগে লগে এতিয়া মুঠ জিলাৰ সংখ্যা ৩১ খনলৈ অৱনমিত হৈছে। ৩১ ডিচেম্বৰৰ কেবিনেটে নৱগঠিত জিলা তামুলপুৰক পুনৰ মহকুমা কৰি বাক্সা জিলাৰ সৈতে চামিল কৰাৰ লগতে বজালীক বৰপেটাৰ সৈতে, হোজাইক নগাঁৱৰ সৈতে আৰু বিশ্বনাথক শোণিতপুৰৰ সৈতে একত্ৰিকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইয়াৰোপৰি কেইবাখনো জিলাৰ ৰাজহ গাওঁ এখন জিলাৰ পৰা কৰ্তন কৰি আন এখন জিলাৰ সৈতে চামিল কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in