/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/4ca2e1eb-a931-439e-9e7f-84da3521ffd8/AP_FOR_WEB_Bhupen_Bora.jpg)
বিপদ নিশ্চিত ! ভূপেন বৰাৰ বিৰুদ্ধে এজাহাৰৰ বৰষুণ...
ডিজিটেল ডেস্কঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষী থানাই থানাই দাখিল হৈছে গোচৰ। এই পৰ্যন্ত সৰ্বমুঠ ২৮৩ খন এজাহাৰ ভূপেন বৰাৰ বিৰুদ্ধে দাখিল হোৱা বুলি জানিব পৰা গৈছে। বিজেপিৰ যুৱ মৰ্চাই মুঠ ৩৯ খন সাংগঠনিক জিলাত দাখিল কৰিছে এই এজাহাৰ।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিবলৈ গৈ ভূপেন বৰাই লাভ জিহাদৰ প্ৰসংগত কৰিছিল বিতৰ্ক মন্তব্য। তেওঁ লাভ জিহাদৰ সৈতে মহাভাৰতক সামৰি ভগৱান শ্ৰীকৃষ্ণকো লাভ জিহাদৰ লগত সাঙুৰিছিল।
হিন্দু ধৰ্মীয় অনুভূতিত এইদৰে আঘাত কৰি মন্তব্য কৰাৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে বৰাৰ বিৰুদ্ধে মাত্ৰ এখন এজাহাৰ দাখিল হ’লেই গ্ৰেপ্তাৰ কৰিব বুলি মন্তব্য কৰিছিল। ইয়াৰ পিছতে যুৱ মৰ্চাই বৃহস্পতিবাৰে ৰাজ্যৰ জিলাই জিলাই ভূপেন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ হুংকাৰ দিয়াৰ পিছত শুকুৰবাৰৰ দিনটোত প্ৰতিখন সাংগঠনিক জিলাৰ লগতে, মহকুমা আদিৰ ভিত্তিতো এজাহাৰ দাখিল কৰিছে।
যুৱ মৰ্চাৰ উপৰিও আন আন হিন্দুত্ববাদী সংগঠন, নেতায়ো ভূপেন বৰাৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। এইদৰে আজিৰ দিনটোত তেওঁৰ বিৰুদ্ধে মুঠ ২৩৮ খন এজাহাৰ দাখিল হৈছে।
ভূপেন বৰা সন্দৰ্ভত যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই কয়, মিঞাক ভাগ্য নিয়ন্তা বুলি ভাবি নিজৰ সভ্যতা, সংস্কৃতিক তুচ্ছ তাচ্ছিল্য কৰিবলৈ ভূপেন বৰা আৰু কংগ্ৰেছ দলে আগন্তুক দিনত যাতে আৰু এটা শব্দও উচ্চাৰণ নকৰে। ইয়াৰোপৰি তেওঁ ভূপেন বৰাৰ মন্তব্য মহাপুৰুষ গুৰুজনাৰ কৃষ্ণ সংস্কৃতিৰে উদ্বুদ্ধ অসমীয়া জন জীৱনৰ প্ৰতি ভাবুকি বুলিও উল্লেখ কৰে।
কেৱল সেয়াই নহয় ভূপেন বৰাৰ নিজ দলৰে কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ভূপেন বৰাক দল এৰি ভকত হ’বলৈ পৰামৰ্শ আগবঢ়াইছে। তেওঁ ভূপেন বৰাৰ এনে মন্তব্যই কংগ্ৰেছ দলটোকে শলঠেকত পেলাইছে বুলিও উল্লেখ কৰিছে।
অৱশ্যে বৃহস্পতিবাৰৰ মন্তব্যৰ পাছত সাম্ভাব্য বিপদৰ সম্ভেদ পাই ভূপেন বৰাই শুকুৰবাৰে পুৱাই তেওঁৰ সেই মন্তব্যৰ বাবে ক্ষমা বিচাৰিছে। নিশা সপোনত তেওঁৰ প্ৰয়াত ককাকে দুটা শব্দ তেওঁ ভুলকৈ কোৱা বুলি উনুকিয়াই দিয়াৰ কথা উল্লেখ কৰি ঘোষা গাই ৰাইজৰ ওচৰত নিঃচৰ্ত ক্ষমা বিচাৰিছে।
তেওঁ পুৱাই গোসাঁইঘৰত চাকি-বন্তি জ্বলোৱাৰ কথা উল্লেখ কৰি ক্ষমা বিচৰাৰ কথা কয়। তেওঁ এই সন্দৰ্ভত কয়, মোক মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰ কৰিবলৈ কৈছে। কিন্তু বেছি বেয়া লাগিছে যেতিয়া এজন সত্ৰাধিকাৰে মোক নামঘৰলৈ যোৱা বন্ধ কৰিব দিছে। মোক নামঘৰলৈ যোৱা বন্ধ নকৰিব, তাতকৈ এনকাউণ্টাৰ কৰক।
ঘোষা গাই বিতৰ্কিত মন্তব্যৰ বাবে ক্ষমা বিচৰা ভূপেন বৰাই লগতে কয়, বাকী বিজেপি–আৰ এছ এছে বিষয়টো ধৰি থাকিব। অৰাজনৈতিক লোকসকলক বিষয়টো এৰাই চলিবলৈ আহ্বান জনাইছো।
ইফালে অসম এৰি আজি দিল্লীলৈ উৰা মৰা ভূপেন বৰাই তেওঁক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনাৰ প্ৰসংগত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত কয়, জে’লত থকাৰ অভিজ্ঞতা এতিয়ালৈকে হোৱা নাই। এইবাৰ সেই অভিজ্ঞতা লৈ আহিম।
Also Read: চচল শতদল শাখা সাহিত্য সভাৰ কৃতি ছাত্ৰ-ছাত্ৰীৰ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন...