কাছাৰত ২০ হাজাৰ য়াবা টেবলেট জব্দ

কাছাৰত ২০ হাজাৰ য়াবা টেবলেট জব্দ

ডিজিটেল সংবাদ শিলচৰ: কাছাৰত ড্ৰাগছ বিৰোধী অভিযান অব্যাহতl অসম ৰাইফলছ আৰু লক্ষীপুৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই এখন স্কুটীৰ পৰা জব্দ কৰে ২০ হাজাৰ য়াবা টেবলেট।

সৰবৰাহৰ সময়ত শিলচৰ -ইম্ফল ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ কণ্ঠআগআৱৰ পৰা জব্দ কৰা হয় টেবলেটখিনি। এ এচ ১১কে-৫২৫৩ নম্বৰৰ স্কুটীখনত বিক্ৰীৰ বাবে অনা হৈছিল টেবলেটখিনি।

টেবলেটৰ সৈতে মাৰকুলিনৰ সিএমথাৰ মাৰ নামৰ সৰবৰাহকাৰী জনক গ্ৰেপ্তাৰ কৰা হয়। জব্দকৃত টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় ১ কোটি টকা বুলি সদৰি কৰিছে অসম ৰাইফলছে। সৰবৰাহকাৰীজনৰ পৰা স্কুটীসহ এটা মোবাইল ফোন ও জব্দ কৰা হৈছে। বৰ্তমান লক্ষীপুৰ থানাত জেৰা কৰি থকা হৈছে ধৃত সৰবৰাহকাৰীজনক।

কাছাৰত ২০ হাজাৰ য়াবা টেবলেট জব্দ
মুখ্যমন্ত্ৰীৰ সভাত সাংবাদিকক হাৰাশাস্তি : ক্ষুব্ধ সাংবাদিকৰ বাতৰি বৰ্জন

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in