উত্তৰ-পূব কৰ্কট চিকিৎসালয় তথা গৱেষণা কেন্দ্ৰত অনুষ্ঠিত ক্লিনিকেল অনক'লজী আৰু গৱেষণাৰ কৰ্মশালা...

author-image
Asomiya Pratidin
New Update
উত্তৰ-পূব কৰ্কট চিকিৎসালয় তথা গৱেষণা কেন্দ্ৰত অনুষ্ঠিত ক্লিনিকেল অনক'লজী আৰু গৱেষণাৰ কৰ্মশালা...

ডিজিটেল ডেস্ক : উত্তৰ-পূব কৰ্কট চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠান (এন ই চি এইচ আৰ আই)য়ে আই চি এম আৰৰ উদ্যোগত আয়োজন কৰিছে ২ দিনীয়া এক কৰ্মশালাৰ । চলিত ডিছেম্বৰ মাহৰ ১০ আৰু ১১ তাৰিখে অনুষ্ঠিত হোৱা এই কৰ্মশালাত ক্লিনিকেল অনক'লজী আৰু গৱেষণাৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ আৰু প্ৰকৃত সময় পলিমেৰেজ শৃংখলা প্ৰতিক্ৰিয়া (আৰটি-পিচিআৰ) আৰু পৰৱৰ্তী প্ৰজন্মৰ অনুক্ৰম (এনজিএছ)ৰ ওপৰত দিয়া হ'ব প্ৰশিক্ষণ ।

Advertisment

বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ ১২০ জনতকৈও অধিক প্ৰতিনিধিয়ে প্ৰশিক্ষণৰ বাবে ইতিমধ্যে অংশগ্ৰহণ কৰিছে। আৰ.টি.পি.চি.আৰ. আৰু পৰৱৰ্তী প্ৰজন্মৰ অনুক্ৰম হৈছে কৰ্কট ৰোগৰ চিকিৎসাত ৰোগ নিৰ্ণয় আৰু থেৰাপিউটিক প্ৰয়োগৰ ক্ষেত্ৰত অত্যাধুনিক প্ৰযুক্তি।

এন জি এছ হৈছে শেহতীয়া প্ৰযুক্তি য'ত কৰ্কট ৰোগত হোৱা বিভিন্ন জিন পৰিৱৰ্তন চিনাক্ত কৰিব পাৰি। কৰ্কট ৰোগৰ লক্ষ্যযুক্ত চিকিৎসাৰ বাবে, বিশেষকৈ স্তন, হাঁওফাঁও আৰু মলাশয়ৰ কৰ্কটৰোগৰ বাবে ই শেহতীয়া বছৰবোৰত গুৰুত্বপূৰ্ণ সঁজুলি হিচাপে পৰিগণিত হৈছে।

এই প্ৰশিক্ষণ শিবিৰত উপস্থিত থকা সমল ব্যক্তি কেইগৰাকী হ'ল ক্ৰমে ড০ দেৱাশীষ বৰবৰা, ড০ ৰাজেশ সাহা, ড০ ৰাম কুমাৰ, ড০ অনুৰাধা চৌগুলে, ড০ অৰবিন্দ কুৰকুটে আৰু ড০ শ্ৰীজয়ন নাম্বিয়াৰ।

প্ৰতিষ্ঠানটিৰ পৰিচালনা সঞ্চালক আৰু গৱেষণা বিভাগৰ মুৰব্বী ড০ এম এন বৰুৱাই সমাৱেশসমূহক আদৰণি জনায় আৰু এনজিএছৰ গুৰুত্বৰ বিষয়ে মন্তব্য প্ৰদান কৰে।ইয়াৰ সৈতেই এন ই চি এইচ আৰ আইৰ সঞ্চালক ড০ ৰাজ চাংকাকতিয়েও কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত নতুন প্ৰযুক্তিৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। 

ৰোগবিজ্ঞান আৰু আণৱিক জীৱবিজ্ঞান বিভাগৰ মুৰব্বী তথা আয়োজক সমিতিৰ সচিব ড০ গাজী নাচিম আহমেদে সদৌ শেষত এই কৰ্মশালা খনিত সহযোগিতা আগবঢ়োৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰে ।  

উল্লেখ্য যে, এই কৰ্মশালা খনি নতুন দিল্লীৰ আই চি এম আৰৰ বিজ্ঞানক জন সাধাৰণৰ মাজলৈ নিয়াৰ প্ৰয়াসৰ এক অংশ ৰূপে আয়োজন কৰা হেছিল ।

আৰু পঢ়ক : পশুপালন বিভাগত চাকৰি দিয়াৰ নামত লাখ টকা সংগ্ৰহ, প্ৰৱঞ্চকৰ আত্মগোপন...

assam north east cancer hospital