/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/c7ec27cf-9556-4c82-8cf7-01be03a81f23/5.jpg)
ডিজিটেল ডেস্কঃ নামনি মুৱা ব্ৰহ্মপুত্ৰ মেইল ট্ৰেইনত গুৱাহাটীৰ পৰা দিল্লীলৈ যাত্ৰা কৰা দুজন বাংলাদেশী নাগৰিকক শুকুৰবাৰে ৰে'ল আৰক্ষীৰ এটা দলে নিউ বঙাইগাঁও ৰে'ল ষ্টেচনত আটক কৰে। আটক কৰা ধৃত বাংলাদেশী নাগৰিক দুজন সুজন বাবু দাস আৰু মহম্মদ জুনাইদ আহমেদ।
উল্লেখযোগ্য যে বাংলাদেশৰ জয়ন্তপুৰ ডাউকীৰ পৰা মেঘালয়ৰ শ্বিলঙত প্ৰৱেশ কৰিছিল ধৃত বাংলাদেশী দুজন। গুৱাহাটীৰ পৰা দিল্লীলৈ গৈ থকা অৱস্থাত দুয়োকে আটক কৰে ৰে'ল আৰক্ষীয়ে। ধনৰ বিনিময়ত দালালে সীমান্ত পাৰ কৰিছিল বুলি স্বীকাৰ কৰে বাংলাদেশী দুজনে। আটক কৰা বাংলাদেশী দুজনক ৰে'ল আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।
Also Read: পাৰিবাৰিক কণ্ডলঃ স্বামীয়ে হত্যা কৰিলে পত্নীক