গোৱালপাৰাৰ দুই অভিযুক্তৰ আলকায়দা,আনচাৰুল বাংলাৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত থকাৰ তথ্য লাভ

গোৱালপাৰাৰ দুই অভিযুক্তৰ আলকায়দা,আনচাৰুল বাংলাৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত থকাৰ তথ্য লাভ

author-image
asomiyapratidin
New Update
গোৱালপাৰাৰ দুই অভিযুক্তৰ আলকায়দা,আনচাৰুল বাংলাৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত থকাৰ তথ্য লাভ

ডিজিটেল সংবাদ গোৱালপাৰা: শুকুৰবাৰে আটক কৰা দুই সন্দেহযুক্ত জেহাদী সম্পৰ্কত মুখ খলিলে গোৱালপাৰা আৰক্ষীয়ে। শনিবাৰে নিশা দহমান বজাত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এই সন্দৰ্ভত এখন সংবাদ মেল অনুষ্ঠিত কৰে আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডিয়ে।

Advertisment

আব্দুৰ চুবাহান আৰু জালাল উদ্দিন আলকায়দা আৰু আনচাৰুল বাংলাৰ লগত প্ৰত্যক্ষভাৱে জড়িত বুলি আৰক্ষী অধীক্ষকে দাবী কৰিছে।এই দুয়োজনৰ ঘৰৰ পৰা জেহাদী সংগঠন দুটাৰ কাৰ্যকলাপৰ ভালে সংখ্যক নথিপত্ৰ আৰু আৰবী আখৰৰ বেনাৰ উদ্ধাৰ কৰা বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে।আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডিয়ে সংবাদ মেলত দাবী কৰা মতে সন্দেহযুক্ত জেহাদী আব্দুৰ চুবাহানে ২০১৮চনৰ পৰা আলকায়দাৰ লগত প্ৰত্যক্ষ ভাৱে জড়িত।

শেহতীয়াকৈ তেওঁ মাটিয়া থানাৰ অন্তৰ্গত সুন্দৰপুৰ টিলাপাৰাত আয়োজিত ধৰ্মসভাত অংশ লৈ জেহাদী কাৰ্যকলাপৰ ওপৰত বিতৰ্কিত ভাষণ ৰাখে।এই সভাখনতে বাংলাদেশৰ একাংশ জেহাদীয়ে অংশগ্ৰহণ কৰিছিল বুলি আৰক্ষী অধীক্ষকে সদৰী কৰে।উল্লেখ্য যে,অভিযুক্ত জালাল উদ্দিনে জেহাদী সংগঠনৰ সাংগঠনিক দিশৰ ওপৰত কাম কাজ চলাই থকা বুলি উল্লেখ কৰে।

বৰপেটা আৰু মৰিগাঁওৰ পৰা গ্ৰেপ্তাৰ কৰা অভিযুক্ত জেহাদীসকলৰ লগত আব্দুৰ চুবাহান আৰু জালাল উদ্দিনৰ প্ৰত্যক্ষভাৱে লিংক থকা বুলি আৰক্ষী অধীক্ষকে সদৰী কৰিছে।আৰক্ষী অধীক্ষক গৰাকীয়ে আৰু কয় যে ধৃত জেহাদীদুগৰাকীয়ে নতুন সদস্য ভৰ্তিৰ বাবেও জিলাখনত কাম কৰি আছিল।দুয়োজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মাটিয়া আৰক্ষী থানাত অধিক তথ্যৰ বাবে জেৰা কৰি থকা হৈছে।জিলাখনত খোপনী লোৱা আন আন সন্দেহজনক জেহাদী আটক কৰাৰ সম্ভাৱনা প্ৰকট হৈছে আৰক্ষী অধীক্ষকৰ ভাষ্যত।

আৰু পঢ়ক: নগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উদযাপন : এঘাৰ খন গ্ৰন্থ উন্মোচন

assam narpeta jihadi arrested