শান্তিপূৰ্ণভাৱে সম্পন্ন হ'ল প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন

শান্তিপূৰ্ণভাৱে সম্পন্ন হ'ল প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন

ডিজিটেল ডেস্কঃ গণতন্ত্ৰণৰ সৰ্ববৃহৎ উৎসৱ হৈছে নিৰ্বাচন। আজি দেশত অনুষ্ঠিত হৈ গ'ল ১৮সংখ্যক লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। অসমত ৫ টা সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। কাজিৰঙা, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট আৰু শোণিতপুৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হৈছে। শান্তিপূৰ্ণভাৱে সম্পন্ন হ'ল ৰাজ্যৰ সমষ্টিসমূহত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন।

ৰাজ্যখনৰ ৫টা সমষ্টিত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত কোনো কোনো ঠাইত কিছু বিসংগতিৰ সৃষ্টি হৈছিল যদিও ভোটগ্ৰহণত কোনো বাধা নহোৱাকৈ সম্পন্ন হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া। বোকাজান, নাজিৰা আৰু ডিমৌত ই ভি এম বিকল হোৱাত ভোটদানত বিলম্ব হৈছিল যদিও পৰৱৰ্তী সময়ত সুকলমে ভোটদান প্ৰক্ৰিয়া শেষ হয়।

ইয়াৰোপৰি ৫টা সমষ্টিতে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ভোটাৰৰ অভিলেখ সংখ্যক সহাঁৰি দেখিবলৈ পোৱা গৈছিল। যোৰহাট আৰু ডিব্ৰুগড়ত পুৱা ৪বজাৰে পৰা লাইন ধৰি ভোটাৰ ৰাইজে নিজ ভোটাদানৰ অধিকাৰ সাব্যস্ত কৰিছিল।

শোণিতপুৰৰ লোকসভাৰ অন্তৰ্গত ৰঙাপাৰা সমষ্টিৰ ১১২ নং গুদামঘাট কছাৰী ভোটকেন্দ্ৰৰ ইভিএম মেচিনৰ বিজেপিৰ চিম্বলত বগা কাগজ ফেভিকুইক লগায় থোৱাৰ দৰে ঘটনা সংঘটিত হোৱাৰ পিছতো কেন্দ্ৰটোত সুচাৰুৰূপে ভোটগ্ৰহণ সম্পন্ন হয়।ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত ধেমাজি নগৰৰ ১৮০ নং ধেমাজি আই টি আই ভোটকেন্দ্ৰত ভোটাৰ তালিকাত নাম থকা ব্যক্তিৰ বিপৰীতে অন্য ব্যক্তিয়ে ভোট দিয়াৰ ঘটনাও সংঘটিত হোৱা পৰিলক্ষিত হয়।

ইয়াৰোপৰি লোকসভা নিৰ্বাচনৰ ভোট গ্রহণ অনুষ্ঠিত হৈ থকাৰ সময়তে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত শিৱসাগৰ বিধানসভা সমষ্টিৰ দলীয় কার্যালয়ত নির্বাচনী কামত ব্যস্ত হৈ থকাৰ সময়তে ৰাইজৰ দলৰ ৰাইজৰ দলৰ নেত্ৰী সংগীতা গগৈৰ আকস্মিকভাৱে প্ৰেচাৰ ষ্ট্ৰ'কত আক্রান্ত হৈ মৃত্যু হয়। লামডিং হৰুলংফাৰ এম ই স্কুল ২৫৩ নম্বৰ ভোট কেন্দ্ৰত প্ৰিজাইডিং বিষয়াৰ উচ্চ ৰক্ত চাপত আক্ৰান্ত হোৱাৰ দৰে ঘটনা সংঘটিত হোৱাত ভোট কেন্দ্ৰটোত ভোট গণনা স্থগিত কৰে যদিও পৰৱৰ্তী সময়ত ভোটদান প্ৰক্ৰিয়া সমাপ্ত হয়।

উল্লেখযোগ্য যে ঢকুৱাখনাৰ বিধানসভা সমষ্টিৰ ঘিলাগুৰি, বাম চাপৰি আৰু লক্ষীপথাৰ গাঁওৰ ৫শতাধিক ভোটাৰে ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ  দলেৰ প্ৰতাৰণা প্ৰবঞ্চনাৰ বিৰুদ্ধে ভোট বৰ্জন কৰি চূড়ান্ত গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে।

এনেদৰে ৰাজ্যখনৰ বিভিন্ন ঠাইত নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সময়ত বিভিন্ন ঘটনা সংঘটিত হোৱাৰ পিছতো সুকলমে সম্পন্ন হয় ১৮সংখ্য়ক লোকসভা নিৰ্বাচন। উল্লেখযোগ্য যে তথ্য অনুসৰি অসমৰ ডিব্ৰুগড় সমষ্টিত ভোটদানৰ হাৰ ৭১.৬৫%, যোৰহাটত ৭৭%,কাজিৰঙা সমষ্টিত ৭১.৫৭%, লখিমপুৰত ৬৯.৩৪% আৰু শোণিতপুৰ সমষ্টিত ৭১.৩৪%। দেখা গল যে ৫টা সমষ্টিৰ ভিতৰত যোৰহাট সমষ্টিত সৰ্বাধিক লোকে ভোটাধিকাৰ সাব্যস্ত কৰিলে।

শান্তিপূৰ্ণভাৱে সম্পন্ন হ'ল প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন
ঢকুৱাখনাত চিকিৎসকৰ হেৰাল ভোট!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in