ঢকুৱাখনাত চিকিৎসকৰ হেৰাল ভোট!

ঢকুৱাখনাত চিকিৎসকৰ হেৰাল ভোট!

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত চিকিৎসকৰ হেৰাল ভোট!

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ ১৩১ নং ডাংধৰা ভোট কেন্দ্ৰত শুকুৰবাৰে সংঘটিত হয় এনে এক দুষ্কাৰ্য। ভোট কেন্দ্ৰটোৰ এগৰাকী সচেতন ভোটাৰ ত্ৰিনয়ন মিলি। পেছাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী সহকাৰী অধ্যাপক।

Advertisment

ভোটাৰগৰাকীয়ে চিকিৎসা মহাবিদ্যালয়ৰ ন্যস্ত নিয়মীয়া দায়িত্ব সম্পন্ন কৰাৰ পাছত উপস্থিত হৈছিল নিজৰ ভোটকেন্দ্ৰ ডাংধৰা উচ্চ মাধ্যমিক বিদ্যালয়ত। বিধিগত নথিপত্ৰ সহ চিকিৎসকগৰাকী বিয়লি শাৰী পাতি উপস্থিত হৈছিল ভোট দানৰ বাবে।  কিন্তু  ভোটদানৰ বাবে নিজৰ ক্ৰমিক নম্বৰ সন্ধান কৰাৰ পাছত নিৰ্বাচনী বিষয়াই জনাই তেওঁৰ ভোট ইতিপূৰ্বে সাব্যস্ত হৈছে।

নিজৰ ভোটাধিকাৰৰ পৰা বঞ্চিত হৈ স্তম্ভিত চিকিৎসক মিলিয়ে লগে লগে কেন্দ্রটোৰ প্ৰিজাইডিং বিষয়া, প্ৰথম পুলিং ,দ্বিতীয় পুলিং বিষয়া সকলক অভিযোগ দিয়ে। কিন্তু এগৰাকী সচেতন  নাগৰিকে নিজৰ ভোটশক্তিৰ পৰা বঞ্চিত কেনেকৈ হব লগা হল তাৰ প্ৰত্যুত্তৰ বিচাৰি ব্যৰ্থ হয়।

পৰৱৰ্তী সময়ত চিকিৎসক মিলি ঢকুৱাখনা জিলা নিৰ্বাচনী বিষয়া কাৰ্ত্তিক কলিতাৰ কাৰ্য্যালয়ত উপস্থিত হৈ লিখিত অভিযোগ দাখিল কৰে। জিলা নিৰ্বাচনী বিষয়া কলিতাই এইসন্দৰ্ভত তাৎক্ষণিক ভাৱে তদন্ত কৰাৰ আশ্বাস দিছে।

এটা ভোট কেন্দ্ৰত পৰ্যাপ্ত নিৰ্বাচনী বিষয়া কৰ্মী নিযুক্ত হোৱাৰ পাছতো কি দৰে ভুৱা নথিপত্ৰৰে অজ্ঞাত ব্যক্তিয়ে জালিয়াতিৰে ৰেগিং কৰি ভোট দিবলৈ সক্ষম হল সেয়া চিন্তনীয় বিষয় হৈ পৰিছে।

Also Read: ৰাইজৰ দলৰ নেত্ৰী সংগীতা গগৈৰ মৃত্যুঃ অখিল গগৈৰ শোক প্রকাশ

dhakuakhana loksabha election