/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/a0a33853-e796-415b-a4e4-2156f41e2be6/r25.jpg)
ডিজিটেল সংবাদ,কোকৰাঝাৰঃ কোকৰাঝাৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ত যোৱা ২৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা প্ৰথম আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ আজি সফল সামৰণি পৰে । ন'ৱেল বঁটা বিজয়ী মহম্মদ ইউনুছকে ধৰি পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা বিশিষ্ট লোক , বিশেষজ্ঞ, সমল ব্যক্তিসকল উপস্থিত থাকি নিজৰ মতামত -পৰামৰ্শ আগবঢ়ায়।
তদুপৰি বিভিন্ন বিষয়ৰ ওপৰত কৰ্মশালা অনুষ্ঠিত হয় য'ত বহু স্বনামধন্য লোকসকলে অংশগ্ৰহণ কৰি উপকৃত কৰে । লোকে লোকাৰণ্য হোৱা জ্ঞান মহোৎসৱৰ সামৰণি অনুষ্ঠানত বলিউডৰ প্ৰখ্যাত অভিনেতা চনু চুড উপস্থিত থাকি ৫টাকৈ জনগোষ্ঠীয় নৃত্যৰ সতে তালে তালে , হাতত হাত ধৰি নাচে । মঞ্চত বড়ো নৃত্য, কোচ -ৰাজবংশী নৃত্য , আদিবাসী নৃত্য , গোৰ্খা নৃত্য আৰু বিহু নৃত্য একেলগে চলি থকাৰ সময়তে চনু চুড ৰ'ব নোৱাৰি নিজ আসনৰ পৰা উঠি আহি নৃত্যৰ সতে তালে তালে , হাতত হাত ধৰি নাচি অন্যন্য সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰে ।
ইয়াৰ পিছতেই নিজ ভাষণত প্ৰখ্যাত অভিনেতা চনু চুডে কয় যে তেওঁ এগৰাকী অভিযন্তা আৰু সেয়ে কিছু হ'লেও তেওঁৰ জ্ঞান থকাৰ বাবেই এইখন মঞ্চত উপস্থিত থকাৰ সৌভাগ্য হৈছে । অসমৰ সতে তেওঁৰ সম্পৰ্ক বহু পুৰণি বুলি মন্তব্য কৰি চনু চুডে কয় কভিড যেতিয়া আৰম্ভ হৈছিল আৰু মুম্বাইত তেতিয়া বহুত বৰষুণ হৈছিল । অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বহু লোক এখন দলংৰ তলত আৱদ্ধ হৈ আছিল । এটা টুইট আহিছিল আৰু মই দুখন বিমানেৰে উৰিষ্যা আৰু অসমলৈ পঠিয়াই দিছিলো । তেওঁলোক মোক কৈছিল আমি যদি ভালে ভালে গৈ পাওঁ তেতিয়াহলে পুনৰ মুম্বাই আহি আপোনাক লগ কৰিম ।
সেই মানুহবোৰৰ কিছুমানে মোৰ লগত আৰু কিছুমানে মোৰ বন্ধুৰ লগত কাম কৰি আছে । শান্তিৰ ক্ষেত্ৰতে হওঁক , সমাজ উত্তৰণৰ ক্ষেত্ৰতে হওঁক নৱজাগৰণ আনিবলৈ এজন মানুহে নেতৃত্ব লয় । বহুতে ভাৱে নৱজাগৰণ আনিবলৈ টকাৰ প্ৰয়োজন কিন্তু আচলতে টকাৰ প্ৰয়োজন নাই ।
লগতে কয় বড়োলেণ্ড এলেকাৰ ১৫ -২০ বছৰীয়া কঠিন সময়ৰ পিছত এতিয়া ভালদিন আহিছে । নতুন পুৱা আহিছে । নতুন পুৱাৰ ৰশ্মিয়ে সকলোকে চুই আলোকিত কৰিলে সাৰ্থক হ'ব । এজন মানুহক সহায় কৰি যি সুখ পোৱা যায় সেয়া ১০০ খন চিনেমা কৰিলেও পোৱা নাযায় । চিকিৎসালয় , বৃদ্ধাশ্ৰম , শিক্ষাৰ সতে জড়িত যিকোনো কামত সহযোগ কৰিবলৈ চনু চুড পৰিয়ালৰ এজন সদস্য হৈ আপোনালোকৰ সতে সদায় আছে আৰু ভৱিষ্যতেও থাকিব । মোৰ মায়ে মোক কয় যাৰ জীৱনত স্পীড ব্ৰেকাৰ নাথাকে তেওঁৰ পথ সত্য নহয়। কিছুমানে জীৱনত সহজে সাফল্য লাভ কৰে আৰু কিছুমানে বহু পলমকৈ সাফল্য লাভ কৰে । মনোবল কেতিয়াও হেৰুয়াব নালাগে আৰু এদিন ঘড়ী বেলেগৰ হলেও সময় আপোনাৰ হৈ পৰিব । জীৱনৰ হাতৰ মুঠি সদায় বেলেগক সহায় কৰিবলৈ খোলা ৰাখিব লাগে আৰু কঠিন সময়ত যিজন আপোনাৰ কাষত থিয় হয় সিয়ে সকলোতকৈ ডাঙৰ বুলি মন্তব্য কৰে চনু চুডে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/251c587b-0b82-4446-9dfb-a8730631d56c/0bf8b0a8_d299_40cd_a1e7_a59ec37c6449.jpg)
ইপিনে প্ৰথম আন্ত:ৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱ উপলক্ষে অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা কেন্দ্ৰীয় পেট্ৰোলিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে বিটিআৰত পোনপ্ৰথম বাৰৰ বাবে অনুষ্ঠিত হোৱা ইমান বিশাল আন্ত:ৰাষ্ট্ৰীয় জ্ঞানৰ মহোৎসৱত অংশগ্ৰহণ কৰি অভিভুত হোৱা বুলি মন্তব্য কৰে ৷ তেওঁ মহোৎসৱত অংশগ্ৰহণ কৰি বিটিআৰৰ বাবে ভালেকেইটা অভিলাষী আঁচনিৰ কথা ঘোষণা কৰে ৷
বিটিআৰৰ চিৰাং জিলাৰ ঢালিগাওঁত থকা বঙাইগাঁৱৰ তেল শোধানাগাৰটোক বৰ্তমান থকা ২.৭ মিলিয়নৰ পৰা পাঁচ মিলিয়নলৈ উন্নীত কৰাৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰে ৷ ইয়াৰ পাছত বিজনীত আৰম্ভ কৰা সৈনিক স্কুলৰ আন্তঃগাঁথনিৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১৬ কোটি টকা মোকোলাই দিয়াৰ উপৰি নুমলীগড় শোধানাগাৰৰ চি এচ আৰ পুঁজিৰ পৰা এক কোটি ৯০ লাখ দিয়া বুলি সদৰি কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/d4dc51d1-02d0-442b-98df-743c25b75aa0/67e1b245_29ed_4e9b_9918_fbac6e0a0415.jpg)
ইয়াৰোপৰি চিৰাং জিলাৰ কমাৰদাঙাত পাঁচশ কোটি টকাৰ ব্যয় সাপেক্ষে এলপিজি বটলিং প্লেণ্ট স্থাপন কৰা হব য'ত নেকি ৬.১২ মেট্ৰিকটন তেল উৎপাদন কৰিব পৰা যাব ৷ বড়োভূমিত যথেষ্ট বাঁহগছ থকাৰ কথা উল্লেখ কৰি কোকৰাঝাৰত এটা ফুড প্ৰচেছিং ইউনিট স্থাপন কৰি বাঁহৰ পৰা গাড়ীৰ ইন্ধনত ব্যৱহাৰ কৰা ইথানল উৎপাদন কৰাৰ কথা পোষকতা কৰিছে মন্ত্ৰীগৰাকীয়ে ৷
সামৰণি অনুষ্ঠানৰ মুকলি সভা উদ্বোধন কৰি দিয়া ভাষণত ৰাজ্যখনৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই মানুহ মাত্ৰেই জ্ঞানৰ অধিকাৰী ৷ কিন্তু এই জ্ঞানৰ বিনিময় নহলে ইয়াৰ কোনো মূল্য নাই বুলি মব্তব্য কৰি জ্ঞানৰ প্ৰসাৰতা বৃদ্ধি কৰিবৰ কাৰণে জ্ঞানৰ আদান প্ৰদান কৰিবই লাগিব বুলি মন্তব্য কৰিছে ৷
আৰম্ভণিৰ দিনা বলিউদৰ অভিনেতা অহাৰ কাৰণে সামাজিক মাধ্যমত জ্ঞানৰ মহোৎসৱত অভিনেতাৰ কি কাম বুলি সামাজিক মাধ্যমত অসমৰ কিছুমানে প্ৰতিক্ৰিয়া কৰাক লৈ কয় যে বলিউডতে আছে জ্ঞানৰ ভাণ্ডাৰ ৷ কিয়নো বলিউঢৰ জৰিয়তে আমি গোটেই ভাৰতবৰ্ষখনক জানিবলৈ সক্ষম হৈছোঁ ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/bee3cc1d-bf6b-445b-a54d-a05227f84b7a/5231fff2_6d63_4faa_8a75_a1c333c30f60.jpg)
শিল্পী,অভিনেতা- অভিনেত্ৰী সকলেও সমাজৰ হকে বহু কাম কৰি আহিছে ৷ তেওঁলোকৰ পৰাও শিকিব লগীয়া বহু আছে বুলি কয় ৷ কোকৰাঝাৰত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত যিসকল সমল ব্যক্তি আহিছে তেওঁলোকে ইয়াৰ পৰা জ্ঞান লবলৈহে আহিছে বুলি কয় ৷ ইপিনে সভাত উপস্থিত থাকি কৃষিমন্ত্ৰী অতুল বৰাই বিটিআৰৰ কৃষিক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনা আছে আৰু বিটিআৰ চৰকাৰে কৃষিৰ উন্নতিকল্পে যি ব্যৱস্থা হাতত লৈছে সেয়া আদৰণীয় বুলি মন্তব্য কৰিছে ।
ইপিনে বিটিচিৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই পোন প্ৰথম বাৰৰ বাবে আয়োজন কৰা জ্ঞানৰ মহোৎসৱ খন পৰীক্ষা মূলকভাৱে অনুষ্ঠিত কৰা হৈছিল ৷ কিন্তু ৰাইজ, তথা বিভিন্ন দেশ বিদেশৰ পৰা অহা বিজ্ঞ মহলৰ পৰা ভবাতকৈও বহু বেছি যি ধৰনে সঁহাৰি পোৱা গৈছে এশ শতাংশই সফল হোৱা বুলি মন্তব্য কৰে ৷
তেওঁ প্ৰতি গৰাকী কৰ্ম-কৰ্তাক দিনে নিশাই নিষ্ঠাৰে কাম কৰাৰ বাবে সফল হোৱা বুলি উল্লেখ কৰি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । জ্ঞান মহোৎসৱৰ প্ৰভাৱ ২০ বছৰৰ ভিতৰত লাভ কৰিব আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ত এটা আন্ত:ৰাষ্ট্ৰীয় জ্ঞান কেন্দ্ৰ খোলা হ'ব বুলি মন্তব্য কৰি সকলোকে ঋণাত্মকবাদৰ পৰা ওলাই আহিবলৈ আহ্বান জনাইছে ৷
আজিৰ অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ পদ্মশ্ৰী ড° অৰূপ দত্ত , জাৰ্মানীৰ পৰা অহা তিনিগৰাকী সমল ব্যক্তি ক্ৰমে ড° থমাছ,ড° হিল মাৰ্ক,ড° কৰ্নেল, বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো বিটিআৰৰ বিধায়ক সকল, কাৰ্যবাহী সদস্য প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি, শিক্ষাবিদসকল উপস্থিত থকাৰ লগতে কেবাসহস্ৰাধিক ৰাইজ উপস্থিত থাকে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/1c4ffe14-bfba-4a69-8113-a71528e9539b/67e1b245_29ed_4e9b_9918_fbac6e0a0415.jpg)
Also Read: চাবুৱাৰ দিনজয় সত্ৰৰ সমীপৰ এটা বাসগৃহত ভয়াৱহ অগ্নিকাণ্ড
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us