লখিমপুৰ জিলাৰ ১৭ শিক্ষকলৈ জিলা ভিত্তিক কৃতি শিক্ষকৰ বঁটা…

লখিমপুৰ জিলাৰ ১৭ শিক্ষকলৈ জিলা ভিত্তিক কৃতি শিক্ষকৰ বঁটা…

author-image
asomiyapratidin
New Update
লখিমপুৰ জিলাৰ ১৭ শিক্ষকলৈ জিলা ভিত্তিক কৃতি শিক্ষকৰ বঁটা…

ডিজিটেল সংবাদ, ঢকুৱাখনা:  সমগ্ৰ ৰাজ্যখনৰ লগতে সোমবাৰে লখিমপুৰ জিলাতো জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা শিক্ষা বিভাগৰ সহযোগত কেন্দ্ৰীয় ভাবে উদযাপিত হব শিক্ষক দিৱস। পণ্ডিত প্রবৰ ডঃ সৰ্বেপল্লী ৰাধা কৃষ্ণনৰ ৬১ সংখ্যক জন্মদিনৰ সতে সংগতি ৰাখি ৰাষ্ট্ৰজুৰি অনুষ্ঠিতব্য এই দিৱসৰ প্ৰাকক্ষণত  লখিমপুৰ জিলা প্ৰশাসন আৰু জিলা শিক্ষা বিভাগে জিলা ভিত্তিক কৃতি শিক্ষকৰ  নাম তালিকা প্ৰকাশ কৰিছে ।   জিলা উন্নয়ন আয়ুক্ত মনোজ বৰুৱাৰ স্বাক্ষৰিত এক নিৰ্দেশনা অনুসৰি জিলা খনৰ মুঠ ১৭ গৰাকী শিক্ষকক জিলা ভিত্তিক কৃতি শিক্ষকৰ বাবে নিৰ্বাচিত কৰিছে বাছনি সমিতিয়ে ।

Advertisment

সেই অনুক্ৰমে উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত উত্তৰ লখিমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক নয়ন মণি মহন্ত , দৌলতপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ছাহাবুদ্দিন আহমেদ , নাওবৈছা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মাধুৰীমা শৰ্মা ভূঞা , লালুক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক গোলাপ বৰুৱা , নাৰায়ণপুৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অতুল বৰুৱা , নাৰায়নপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক দিলীপ কুমাৰ বৰদলৈ ,বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক দেৱ কুমাৰ পেগু , ঢকুৱাখনাৰ দক্ষিণ চাপৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হেম প্ৰভা গগৈ বৰা , উচ্চ প্ৰাথমিক শাখাত ফাৰুকিয়া মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মালিনী শইকীয়া , বধাকৰা জনজাতি বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী ঊষা গোঁহাই বৰুৱা ,  বঙালমৰা  মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক বন্তি হাজৰিকা   , পিলখানা নৱজ্যোতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰশান্ত কুমাৰ বৰা , ঢেকীয়াজুলি ধোঁৱাপৰা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক জনাৰ্দন হাজৰিকা,  নিম্ন প্ৰাথমিক পৰ্য্যায়ত অসম অন্ধ শিশু বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰীতি গোস্বামী, চিছা পথাৰ মৰনৈ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দীপ্তি ৰেখা নেওগ ,ঘিলামৰা আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী সহকাৰী শিক্ষক দেৱলতা গগৈ ,সন্ধা বৰুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বন্তি বৰাক  জিলা ভিত্তিত কৃতি শিক্ষকৰ বঁটাৰ বাবে নিৰ্বাচিত কৰিছে । সোমবাৰে লখিমপুৰত অনুষ্ঠিত হব লগা জিলা ভিত্তিক কেন্দ্ৰীয় শিক্ষক দিৱসৰ সভাত এইসকল কৃতিমান শিক্ষকক জিলা প্ৰশাসন আৰু জিলা শিক্ষা বিভাগে  বঁটা আৰু মান্যতা প্ৰদান কৰিব।

জিলা ভিত্তিক বঁটা প্ৰাপক কৃতি শিক্ষক সকললৈ উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চৰ সভানেত্ৰী কল্পনা গগৈ , লখিমপুৰ জিলা অধ্যক্ষ মঞ্চৰ সভাপতি মনোজ বৰা , সাধাৰণ সম্পাদক সত্যৰঞ্জন বৰাই  অভিনন্দন জনাইছে ।

আৰু পঢ়ক : এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে তেলঢালা গাঁওবাসীয়ে…

assam lakhimpur