এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে তেলঢালা গাঁওবাসীয়ে…

এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে তেলঢালা গাঁওবাসীয়ে…

ডিজিটেল সংবাদ, মানকাচৰ : মানকাচৰৰ অসম-মেঘালয় সীমান্তৱৰ্তী এলেকাত পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৰাইজে। বিশুদ্ধ খোৱাপানীতো দূৰৰে কথা, দৈনন্দিন ব্যৱহাৰৰ বাবেও প্ৰয়োজনীয় পানী নাই পাহাৰীয়া অঞ্চল সমূহত। ধোৱা-চাঙত কোটি কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা জল জীৱন মিছন আঁচনি।

নৈ-নিজৰাৰ পানী ব্যৱহাৰ কৰিবলগীয়া হৈছে আন্তৰাজ্যিক সীমান্তৱৰ্তী এলেকাৰ জনতাই। হাতে হাতে বাল্টি, কলহ লৈ দুই-তিনি কিলোমিটাৰ পাহাৰ বগাই পানী সংগ্ৰহ কৰিবলগীয়া হৈছে সীমান্তৱৰ্তী জনতাই। গুৰুত্ব নাই চৰকাৰ, প্ৰশাসন তথা জনস্বাস্থ্য কাৰিকৰি বিভাগৰ।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অসম-মেঘালয় সীমান্তৱৰ্তী এলেকাত বছৰ বছৰ ধৰি তেলঢালা গাঁৱৰ প্ৰায় তিনি শতাধিক পৰিয়ালে এইদৰে সংগ্ৰহ কৰিবলগীয়া হৈছে নিজৰাৰ পানী।

বিশুদ্ধ খোৱাপানীৰ বাবে ৰাজ্যত জনস্বাস্থ্য কাৰিকৰি বিভাগে ব্যয় কৰিছে কোটি কোটি টকা। কিন্তু প্ৰকৃততে সেই সমূহ আঁচনিৰ সু ফল সৰ্বসাধাৰণ জনতাই কিমান পাইছে তাৰ প্ৰমাণ এই সমূহ দৃশ্য। তেলঢালা গাওঁত জনস্বাস্থ্য বিভাগে ইতিমধ্যে দুটাকৈ আঁচনি মুকলি কৰিছে ঠিকেই, কিন্তু আঁচনি দুখনৰ পৰা পানীহে পোৱা নাই সাধাৰণ জনতাই।

তেলঢালা গাওঁখনত ২০২০ জনতে মুকলি কৰা শৌৰশক্তি চালিত আঁচনি খনত বিদ্যুতৰ ব্যৱস্থা নথকাত বতৰ বেয়া হ'লে দুই তিনিদিনলৈ জনতাই নাপায় পানী। ফলত পাহাৰখনৰ পৰা দুই-তিনি কিলোমিটাৰ তলত নামি আহি নিজৰাৰ পৰা লেতেৰা পানী সংগ্ৰহ কৰি পুনৰ পাহাৰ বাগৰি উঠিবলগীয়া হয় ৰাইজ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in