১৬ জানুৱাৰীত ভৱেশ শইকীয়া স্মাৰক 'এইদেশ বঁটা' প্ৰদান অনুষ্ঠান

১৬ জানুৱাৰীত ভৱেশ শইকীয়া স্মাৰক 'এইদেশ বঁটা' প্ৰদান অনুষ্ঠান

ডিজিটেল সংবাদ, বোকাখাতঃ বোকাখাতৰ পুৱতি সাহিত্য সভাৰ উদ্যোগত, বোকাখাত প্ৰেছ ক্লাব, বোকাখাত মহকুমা সাংবাদিক সংস্থা, সন্ধানী লেখিকা সমাৰোহ সমিতি, বোকাখাত নাট্য মন্দিৰ, ইলেক্ট্ৰনিকচ মেডিয়া জাৰ্নেলিষ্ট  এচ'ছিয়েচন, বোকাখাত, কাজিৰঙা নিউজ নেটৱৰ্ক,  আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টছ  ইউনিয়ন (আপকু) আৰু এইদেশ নিউজৰ সহযোগত জনতাৰ প্ৰহৰী ভৱেশ শইকীয়াৰ স্মৃতিচাৰণ আৰু ভৱেশ শইকীয়া স্মাৰক  এইদেশ বঁটা ২০২৩ প্ৰদান অনুষ্ঠান অহা ১৬ জানুৱাৰীত বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত অনুষ্ঠিত হ'ব ৷

ভৱেশ শইকীয়াৰ ৯৫ সংখ্যক জন্মদিৱস,স্মৃতিচাৰণ সভা আৰু এইদেশ বঁটা প্ৰদান অনুষ্ঠানতে এইদেশ সংবাদ গোষ্ঠীৰ উদ্যোগত স্থানীয় প্ৰজন্মক সন্মান জনোৱাৰ বাবে আৰু সাংবাদিকতাৰ ক্ষেত্ৰখত সেৱা আগবঢ়োৱা ব্যক্তিৰ বাবে এইদেশ বঁটা- ২০২৩ বঁটা প্ৰদান কৰা হ'ব ৷ উচ্চ প্ৰযুক্তিৰ অনলাইন সংবাদ মঞ্চ  এইদেশ নিউজে অসমৰ প্ৰথম বহুভাষিক ৱেব পৰ্টেল হিচাপে গৌৰৱেৰে থিয় হৈ বিগত পাঁচটা বছৰেই সফলতাৰে সেৱা আগবঢ়াই আহিছে । এইদেশৰ এই যাত্ৰা ২০১৭ চনৰ ১৫ আগষ্টত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পৰিৱেশবিদ পদ্মশ্ৰী যাদৱ পায়েঙ আনুষ্ঠানিকভাৱে মুকলি কৰিছিল ।

১৬ জানুৱাৰীৰ 'এইদেশ বঁটা-২০২৩' প্ৰদান অনুষ্ঠানত ৰাজ্যিক পৰ্যায়ৰ ভৱেশ শইকীয়া স্মাৰক শ্ৰেষ্ঠ সাংবাদিকতাৰ এইদেশ বঁটা - ২০২৩ দেৰগাওঁৰ প্ৰবীণ সাংবাদিক মহেন্দ্ৰ নাথ হাজৰিকাক আৰু জিলা পৰ্যায়ৰ ভৱেশ শইকীয়া স্মাৰক শ্ৰেষ্ঠ যুৱ উদ্যোগীৰ এইদেশ বঁটা - ২০২৩ বোকাখাত মহকুমাৰ চিনাকানৰ নিৱাসী মৌ পালক তথা যুৱ কৃষক পাপুমনি হাজৰিকাক প্ৰদান কৰা হ'ব ৷ এইদেশ নিউজৰ উদ্যোগত প্ৰদান কৰিব লগা এই দুই বঁটাত এক প্ৰশস্তি পত্ৰ, নগদ ধনৰ লগতে এটা ভৱেশ শইকীয়া স্মৃতিৰ এটা স্মাৰক, পদক আৰু মানপত্ৰ থাকি'ব ৷

এইদেশ বঁটাৰ উদ্দেশ্য হৈছে জনতাৰ প্ৰহৰী প্ৰয়াত ভৱেশ শইকীয়াৰ স্মৃতি সজীৱ কৰি ৰখাৰ লগতে অসমৰ বিকাশ আৰু উৎকৰ্ষতা বৃদ্ধিত অসামান্য সেৱা আগবঢ়োৱা সংবাদ মাধ্যমৰ ব্যক্তি আৰু নৱপ্ৰজন্মক স্বীকৃতি প্ৰদান আৰু উৎসাহিত কৰা । অনুষ্ঠানত এইদেশৰ নিউজৰ উপৰিও এইদেশ গোষ্ঠীৰ ধনশিৰি ইক’ কেম্প আৰু ডেষ্টিনেচন নৰ্থ ইষ্টৰ সকলো কৰ্মকৰ্তা উপস্থিত থাকিব ৷ এইদেশ গোষ্ঠীৰ তৰফৰ পৰা ভৱেশ শইকীয়াৰ স্মৃতিচাৰণ আৰু ভৱেশ শইকীয়া স্মাৰক  এইদেশ বঁটা ২০২৩ প্ৰদান অনুষ্ঠানলৈ সকলোকে সাদৰেৰে নিমন্ত্ৰন জনোৱা হ'ল ৷

১৬ জানুৱাৰীত ভৱেশ শইকীয়া স্মাৰক 'এইদেশ বঁটা' প্ৰদান অনুষ্ঠান
২৬ টা বছৰে মাঘ বিহু নপতা এখন গাঁও

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in