Advertisment

২৬ টা বছৰে মাঘ বিহু নপতা এখন গাঁও

আজি চহা অসমীয়াৰ হেঁপাহৰ উৰুকা। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উৰুকাক লৈ উখল মাখল পৰিবেশ। কিন্তু তামুলপুৰৰ কেকেৰী কুচি গাৱঁত নাই যোৱা ২৬ টা বছৰে মাঘৰ বিহুৰ ব্যস্ততা।

author-image
Asomiya Pratidin
New Update
২৬ টা বছৰে মাঘ বিহু নপতা এখন গাঁও

ডিজিটেল সংবাদ,তামুলপুৰঃ আজি চহা অসমীয়াৰ হেঁপাহৰ উৰুকা। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উৰুকাক লৈ উখল মাখল পৰিবেশ। কিন্তু তামুলপুৰৰ কেকেৰী কুচি গাৱঁত নাই যোৱা ২৬ টা বছৰে মাঘৰ বিহুৰ ব্যস্ততা।

Advertisment

আজি তামোল পুৰৰ কেকেৰী কুচিৰ সেই ভয়ংকৰ হত্যা লীলাই ২৬ টা বছৰ অতিক্ৰম কৰিলে । সেইদিনা আছিল ১৯৯৮ চনৰ ১৩ জানুৱাৰী। আজিৰ দৰেই উচাহ উদ্দীপনাৰে ভৰা এটা উৰুকা । চাৰিওপালৰ পৰিৱেশ আজিৰ দৰেই। মাছৰ বজাৰত মাছ উভৈনদী, পথাৰত ভেলাঘৰ। আখলে আখলে জীয়ৰী-বোৱাৰী ব্যস্ততা । নিশা উৰুকাৰ ভোজভাতৰ ব্যাপক প্ৰস্তুতি। কিন্তু হঠাৎ ঘটিছিল এক অনাকাংক্ষিত ঘটনা। উৰুকাৰ নিশা গাঁওখনত একাংশ অস্ত্ৰধাৰী অচিনাকি দুৰ্বৃত্তই প্ৰৱেশ কৰি গাঁওখনৰ এফালৰ পৰা চলাইছিল হত্যা লীলা। কিছু মিনিটৰ ভিতৰতে মৃত্যুৰ শীতল কোলাত ঢলি পৰিছিল মুঠ ১৭ গৰাকী লোক।

সেই অভিশপ্ত দিনটোৰ ২৬টা বছৰ উকলিল। কিন্তু আজিও সেই গাঁওখনত পালন কৰা নহয় মাঘ বিহু। বিহু পাতিবলৈ মন নাযায় গাঁও বাসীৰ। উৰুকাৰ দিনটো গাঁও বাসীয়ে নাম প্ৰসংগ কৰি, চাকি বন্তি জ্বলাই মৃতকৰ সদগতি কামনা কৰে। মৃত্যুমুখত পৰা পৰিয়ালৰ সদস্য আজিও ন্যায়ৰ আশাত। কোনে কিয়, এই হত্যা লীলা কৰিলে এয়া আজিও ৰহস্য।

Also Read: মিজোৰামত বুজন পৰিমাণৰ হেৰ'ইন আৰু বিদেশী চিগাৰেট জব্দ

tamulpur maghbihu