বৰক'লা গুৰুনানক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পুষ্পকান্ত দাসৰ বিদায় সম্বৰ্ধনা সভা

বৰক'লা গুৰুনানক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পুষ্পকান্ত দাসৰ বিদায় সম্বৰ্ধনা সভা

ডিজিটেল সংবাদ,বেবেজীয়া : নগাঁও জিলাৰ বৰক'লা গুৰুনানক প্ৰাথমিক বিদ্যালয়ত শুকুৰবাৰে এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক পুষ্পকান্ত দাসক বিদায় সম্বৰ্ধনা জনোৱা হয় । সেই উপলক্ষে আয়োজন কৰা হয় এখন বিদায় সম্বৰ্ধনা সভা ।

সভাখনত সভাপতিত্ব কৰে বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গুৰুমুখ সিঙে । বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰঞ্জু সিঙে আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত সভাপতি গুৰুমুখ সিঙে ভাষণত কয়- "বৰ্তমান সময়ৰ মূল্যবোধৰ অৱক্ষয়ৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলক গুণগত আৰু নৈতিক শিক্ষাইহে প্ৰকৃত মানুহ হিচাপে গঢ় দি তুলিব ।"

সভাত ৰাষ্ট্ৰীয়-ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী তথা লেখিকা মঞ্জুৰাণী লস্কৰ, শিক্ষাব্ৰতী ৰজত মুদৈ, বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিংহ, আৰু বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক বলীন্দ্ৰ লস্কৰে সদ্যঅৱসৰপ্ৰাপ্ত শিক্ষক পুষ্পকান্ত দাস এগৰাকী সুদক্ষ আৰু সফল শিক্ষক আছিল বুলি মন্তব্য প্ৰকাশ কৰে।

সভাত বিশিষ্ট সমাজকৰ্মী মোহিনী মোহন লস্কৰ, মিলন বৰা, যতীন্দ্ৰ মোহন দাস, শিক্ষক লক্ষীপ্ৰসাদ বৰুৱা, পৰাগমণি বৰুৱাকে ধৰি অঞ্চলৰ গণ্য-মান্য ব্যক্তি সকলৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকল উপস্থিত থাকে। কিনকিনিয়া বৰষুণকো নেওচি প্ৰধান শিক্ষক গৰাকীৰ বিদায় সভাত ভালে সংখ্যক গুণমুগ্ধ,ছাত্ৰ-ছাত্ৰী উপস্থিত থকাটোৱেই শিক্ষকগৰাকীৰ প্ৰতি থকা অপাৰ শ্ৰদ্ধাকপ্ৰকাশ কৰে ।

উল্লেখযোগ্য যে বিদায়ী প্ৰধান শিক্ষক পুষ্পকান্ত দাসক গামোছা,শিখ সমাজৰ ধৰ্মীয় বস্ত্ৰ, শৰাই, চেলেং, সম্বৰ্ধনা পত্ৰ, ফুলৰ থোপা, গ্ৰন্থৰ টোপোলাৰে শিক্ষক তথা ছাত্ৰ-ছাত্ৰীসকলে উষ্ম বিদায় সম্বৰ্ধনা জনায় ।

বৰক'লা গুৰুনানক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পুষ্পকান্ত দাসৰ বিদায় সম্বৰ্ধনা সভা
মধ্যপ্ৰদেশত ফুলিব 'কমল' নে 'পদুম'? 'মামা' আৰু 'জয়-বীৰু'ৰ ভৱিষ্যত লিখিলে ৭১ শতাংশ ভোটাৰে...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in