/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/cbdc40f5-6f82-4146-a7f9-3759de6b3a15/Kangki.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ ১০ নং হাওৰাঘাট পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কাংকী বেলগুৰি বৃহত্তৰ বহুমুখী সমবায় সমিতিৰ দেওবাৰে দিনৰ ১২ বজাৰ পৰা বিয়লি ৪ বজালৈকে নিৰ্বাচন অনুষ্ঠিত হয় । সমবায় সমিতিৰ এই নিৰ্বাচনত শাসকীয় বিজেপি দলৰ হৈ মুঠ ১৫ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়ায়।
আনহাতে বিৰোধী কংগ্ৰেছ দলৰ হৈ দুগৰাকী প্ৰাৰ্থী ক্ৰমে ৰূপছিং ৰংহাং আৰু বিশ্ব চন্দ্ৰ নাথে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। কাংকী বেলগুৰি সমবায় সমিতিৰ নিৰ্বাচন বিয়লি ৪ বজাত অন্ত পৰাৰ পিছত সন্ধিয়াৰ পৰা ভোট গণনা আৰম্ভ কৰা হয় ।
ডিফুৰ পৰা অহা নিৰ্বাচনী বিষয়া ৰাজেন তিমুং আৰু সহযোগী বিষয়া ক্ৰমে বিচিত্ৰ ইংতি, লাইনেল টেৰণ আৰু তাৰজেন হাঞ্চেৰ উপস্থিতিত আজি সমবায় সমিতিৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ লগতে ভোট গণনা প্ৰক্ৰিয়াও অনুষ্ঠিত কৰা হয় । সমবায় সমিতিৰ নিৰ্বাচনৰ ফলাফল অনুসৰি শাসকীয় বিজেপি দলৰ ১৫ জন প্ৰাৰ্থীৰ আটাইকেইজনেই জয়লাভ কৰিবলৈ সক্ষম হয় ।
অৱশ্যে বিজেপি দলৰ ৩প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে জয়ী হোৱাৰ বিপৰীতে বাকী ১২ জন প্ৰাৰ্থী নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠৰে জয়লাভ কৰিবলৈ সক্ষম হয় ।
উল্লেখ্য যে পুৱা ১০ বজাত সমবায় সমিতিখনৰ এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয় । ছামছিং টেৰণৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত সম্পাদক কমলা মেধিয়ে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে সমবায় সমিতিৰ হিচাব নিকাচো দাখিল কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/20505641-2936-4f17-b930-74141647d788/385c3cde_7b29_438e_ad4f_b20902602bb9.jpg)
Also Read: অষ্ট্ৰেলিয়াৰ ওচৰত হাৰিল চীন !