/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/40123bdd-969b-4f37-b9b1-cb8a48656944/china.jpg)
ডিজিটেল ডেস্কঃ আমদানি আৰু ৰপ্তানি অৰ্থনীতিৰ মূল উপাদান। বিশ্ব অৰ্থনীতিত আমদানি আৰু ৰপ্তানিৰ মাজেৰে কোনো এখন দেশে ইখন দেশৰ পৰা সিখন দেশলৈ কেঁচামাল অথবা দেশখনৰ উৎপাদিত সামগ্ৰীৰ কিনা-বেচা কৰে।
এনেবোৰ কথাৰ মাজতো থাকে দেশসমূহৰ অৰ্থনৈতিক ভাৰসম্যতা। চাহিদা আৰু দ্ৰব্য মূল্য নিৰ্ণয় কৰি সামগ্ৰীৰ মূল্য নিৰ্ধাৰণ কৰা হয়। এনেবোৰ কথাৰ মাজতো থাকে ইখন দেশে ইখন দেশক অৰ্থনৈতিকভাৱে হেঁচা প্ৰয়োগ অথবা অভিসন্ধি ৰচনা কৰাৰ কৌশল।
অষ্ট্ৰেলিয়াক অৰ্থনৈতিক গ্ৰাসত পেলোৱাৰ চেষ্টাত ব্যৰ্থ চীন। চীনে বলপূৰ্বকভাৱে অৰ্থনৈতিক হেঁচা প্ৰয়োগ কৰাৰ পাছতো অষ্ট্ৰেলিয়াক আৰ্থিক সংকটত পেলাবলৈ ব্যৰ্থ হৈছে।
উল্লেখ্য যে, প্ৰায় ৩ বছৰ পূৰ্বে চীনে অষ্ট্ৰেলিয়াক বাণিজ্যিক দিশত নিষেধাজ্ঞা আৰোপ কৰিছিল। সেই সময়ছোৱাতো চীনে আৰোপ কৰা বাধাৰ বাবে অষ্ট্ৰেলিয়াৰ অৰ্থনৈতিক দিশত কোনোধৰণৰ প্ৰতিফলন ঘটা নাছিল।
ইয়াৰ পাছত আকৌ চীনে বাণিজ্যিক দিশত অষ্ট্ৰেলিয়াক বাধা আৰোপ কৰে যদিও এইবাৰো বিফল হয় চীনৰ এই কৌশল। ইউৰোপ এছিয়া ফাউণ্ডেচনৰ প্ৰতিবেদন অনুসৰি,চীনে অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় সুৰক্ষা নীতি সলনি কৰিবলৈ সক্ষম হোৱা নাই।
যাৰ ফলত চীন চৰকাৰে এতিয়া অষ্ট্ৰেলিয়াৰ বাবে বাণিজ্যিক সীমাবদ্ধতা শিথিল কৰিবলগীয়াত পৰে। এনে পৰিবেশৰ সৈতে মোকাবিলা কৰাৰ পৰিপ্ৰেক্ষিতত চীনে অষ্ট্ৰেলিয়াৰ পৰা আমদানিকৃত সামগ্ৰীত কোনোধৰণৰ বাধা তথা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিবলগীয়া হয়।