
ডিজিটেল ডেস্কঃ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত আজি ৰাজ্যৰ মুঠ ১১ টা বিৰোধী ৰাজনৈতিক দলে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াগৰাকীক সাক্ষাৎ কৰে। এই সাক্ষাতৰ সময়ত বিৰোধী দল কেইটাই ৰাজ্যিক নিৰ্বাচনী বিষয়াগৰাকীৰ জৰিয়তে সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগলৈ এক স্মাৰক পত্ৰও প্ৰদান কৰে।
এই সাক্ষাতৰ সময়ত ইতিপূৰ্বে সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত দাখিল কৰা আৱেদন সন্দৰ্ভত আলোচনা কৰা হয়। বিৰোধী ৰাজনৈতিক দলসমূহৰ দাবী সমষ্টি পুনৰ নিৰ্ধাৰণ ২০০১ চনৰ লোকপিয়লৰ পৰিৱৰ্তে শেহতীয়া লোকপিয়লৰ আধাৰত হওক।
আজিৰ এই সাক্ষাতৰ সময়ত ৰাজ্যিক নিৰ্বাচনী বিষয়াগৰাকীৰ জৰিয়তে সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰখন আজিয়েই সংশ্লিষ্ট বিষয়ালৈ প্ৰেৰণ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।
এই সাক্ষাতৰ সময়ত কংগ্ৰেছ দলৰ হৈ কংগ্ৰেছৰ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইন, অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ কোষৰ অধ্যক্ষ মনজিৎ মহন্ত, ৰাজ্য সভাৰ সাংসদ অজিত ভূঞা, তৃণমূল কংগ্ৰেছৰ সংবাদ বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মা, সাংগঠনিক সম্পাদক অৰূপজ্যোতি ভূঞাকে আদি কৰি কেইবাজনো নেতা উপস্থিত থাকে।