/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/darrang.jpg)
ডিজিটেল সংবাদ, মঙলদৈ: দলঙৰ ছিপাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ অবিনাশ চহৰীয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহি পুনৰীক্ষণ কৰাত দশম স্থান দখল কৰিবলৈ সক্ষম হয়।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম ৰিজাল্টত সাধাৰণ গণিতত মাত্ৰ ৫৬ নম্বৰহে পাইছিল অবিনাশে।এই পৰিপ্ৰেক্ষিত অবিনাশে বিশ্বাস কৰা নাছিল ফলাফল। সেয়েহে সাধাৰণ গনিত বিষয়ৰ উত্তৰ বহী পুনৰ নিৰীক্ষণৰ বাবে আবেদন কৰিছিল।
শুকুৰবাৰে প্ৰকাশিত পুনৰ নিৰীক্ষণত সাধাৰণ গনিতত অবিনাশে ১০০ নম্বৰ পাবলৈ সক্ষম হয়। লগতে পুনৰ বহি নিৰীক্ষণৰ অন্তত দশম শীৰ্ষস্থান দখল কৰে অবিনাশে।
অবিনাশৰ সাফল্যত পুনৰ দৰং বাসী উৎফুল্লিত হৈ পৰিছে। লগতে কাৰ ভূলৰ বাবে অবিনাশ প্ৰাপ্য স্বীকৃতিৰ পৰা ইমান দিনে বঞ্চিত হৈ আছিল তাক লৈ প্ৰশ্ন কৰিছে জিলা বাসীয়ে।
আৰু পঢ়ক: ন্যায়পালিকা বনাম কাৰ্যপালিকা: গণতন্ত্ৰৰ প্ৰতিটো অংশত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কিমান গ্ৰহণযোগ্য