জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ আয়োজন

জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ আয়োজন

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটত ১৯২৫ চনতে স্থাপন হোৱা অগ্ৰণী শিক্ষানুষ্ঠান জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ে শতবৰ্ষত ভৰি থৈছে৷ অহা ২০২৫ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বিস্তৃত কাৰ্যসুচীৰে উদযাপিত হ'ব শতবৰ্ষ অনুষ্ঠান ৷

এই উদ্দেশ্যৰেই শনিবাৰে বিদ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত হয় এক বৃহৎ ৰাজহুৱা সভা৷ বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ জনাৰ্দ্দন ভূঁঞাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মূখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷

বিদ্যালয়ৰ শৈক্ষিক প্ৰশাসনিক বিষয়াৰ দ্বায়িত্বত থকা শিক্ষক নিতুমনি বৰাই আঁতধৰা ৰাজহুৱা সভাই বিধায়ক পদ্ম হাজৰিকাক সভাপতি, বিদ্যালয়ৰ অধ্যক্ষ জীৱন বৰাক প্ৰধান সম্পাদক নিতুমনি বৰা আৰু সুৰজিৎ চৌধৰীক সম্পাদক হিচাপে লৈ উদযাপন সমিতি গঠন কৰে৷ বৃহৎ ৰাজহুৱা সভাখনিত বৃহত্তৰ জামুগুৰিহাটৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান, দল সংগঠন প্ৰাক্তন ছাত্ৰছাত্ৰীকে ধৰি প্ৰায় দুই শতাধিক ৰাইজে অংশগ্ৰহণ কৰে ৷

জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ উদযাপনৰ আয়োজন
জোনাইত ৰেলে মহটিয়াই নিলে চাৰিচকীয়া বাহন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in