/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/8bf3a6f9-50d5-4de2-a352-1e19c9a1ef67/rail.jpg)
ডিজিটেল সংবাদ, জোনাইঃ জোনাইৰ চিগাত শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ ৰেল দুৰ্ঘটনা। জানিব পৰা মতে, ডেকাৰ গাঁৱৰ পৰা মুৰ্কং চেলেকলৈ আহি থকা পেচেঞ্জাৰ এক্সপ্রেসে মহটিয়ালে এখন চাৰিচকীয়া বাহন।
৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ চিগাৰ পৰা শন্তপুৰলৈ যোৱা পথৰ পৰা চাৰি চকীয়া বাহনে ৰেলপথ পাৰ হ'ব লওতেই ডেকাৰগাওঁৰ পৰা মূৰ্কং চেলেকলৈ আহি থকা ৰেলে মহটিয়াই নিয়ে চাৰিচকীয়া বাহনখন।
উল্লেখনীয় যে, এই ঘটনাত কোনো লোকৰ প্ৰাণহানি হোৱা নাই। লক্ষণীয় যে, জোনাইৰ বিভিন্ন অঞ্চলত ৰে'ল গেট নথকাৰ বাবে এনেদৰে প্ৰায়ে ৰে'ল দুৰ্ঘটনা সংঘটিত হৈ থকা দেখা যায়। কিন্তু এই পৰ্যন্ত বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।
Also Read: ৰেলিং ভাগি বাগৰি পৰিল যাত্ৰীবাহী বাছ