/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/cghhh.jpg)
ডিজিটেল সংবাদ, তিনিচুকীয়া: তিনিচুকীয়া জিলাৰ কাকপথাৰৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যলয়ৰ অন্তৰ্গত ন-মাইথং অংগনৱাড়ী কেন্দ্ৰত শুকুৰবাৰে এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় । শিশুৰ বাবে ৰন্ধন কৰা খাদ্যত গাখীৰ বুলি ফ্ল'ৰ ফেনাইল মিলাই সেই খাদ্য খাই অসুস্থ হৈ চিকিৎসাধীন হ'বলগা হয় ১০ টাকৈ কণ কণ শিশু । ইয়াকে কেন্দ্ৰ কৰি অঞ্চলটোত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় । হুৱা-দুৱা লাগে অভিভাৱকৰ মাজত ।
জানিব পৰা মতে সম্প্ৰতি অংগনৱাড়ী কেন্দ্ৰসমূহত পালন কৰি অহা স্তনপান সপ্তাহ উপলক্ষ্যে অন্যান্য কেন্দ্ৰসমূহৰ দৰে কালিৰ দিনটোত ন-মাইথং অংগনৱাড়ী কেন্দ্ৰত এক সজাগতা সভাৰ আয়োজন কৰা হৈছিল। সভাত ১০ টি কণ কণ শিশুৰ লগতে তেওঁলোকৰ অভিভাৱকসকল উপস্থিত আছিল। অনুষ্ঠানটো অব্যাহত থকাৰ মাজতে শিশুসকলৰ বাবে খাদ্য প্ৰস্তুত কৰিবলৈ আগবাঢ়ি আহে দুগৰাকী অভিভাৱক। দুয়ো শিশুসকলৰ বাবে খাদ্য প্ৰস্তুত কৰিবলৈ চুজি আৰু গাখীৰৰ পাতল আহাৰ তৈয়াৰ কৰাত ব্যস্ত হয় । তেতিয়াই ঘটিল এক অথন্তৰ।
ৰান্ধনীশালৰ এটা বটলত গাখীৰসদৃশ ফ্ল'ৰ ফেনাইল প্ৰত্যক্ষ কৰি এগৰাকীয়ে সেয়া গাখীৰ বুলি ভাবি ঢালি দিলে প্ৰস্তুত কৰা খাদ্যত । অৱশেষত এনেদৰে তৈয়াৰ কৰা খাদ্য উপস্থিত কণ কণ শিশুসকলক পৰিৱেশন কৰাৰ লগতে লগতে কম-বেছি পৰিমাণে দুই-এক অভিভাৱকেও সেয়া গ্ৰহন কৰে । পিচে সেই খাদ্যৰ অদ্ভুত সোৱাদ পোৱাত তেওঁলোকৰ মনত সন্দেহ উপজে ।
ইয়াৰ পিছতেই অনুসন্ধান কৰি খাদ্যত গাখীৰৰ পৰিৱৰ্তে ফ্ল'ৰ ফেনাইল মিহলি হোৱা বিষয়টো পোহৰলৈ অহাত হুৱা-দুৱা লাগে কেন্দ্ৰটোত । ইফালে খাদ্য খাই শিশুসকলে শৌচ-বমি কৰিব ধৰাত তেওঁলোকক লগে লগে নিকটবৰ্তী স্বাস্থ্যকেন্দ্ৰলৈ নি প্ৰাৰম্ভিক চিকিৎসা প্ৰদান কৰা হয় । সম্প্ৰতি ১০ কণ কণ অসুস্থ শিশুক উন্নত চিকিৎসাৰ হেতু তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
ইফালে এই ঘটনা পোহৰলৈ অহাৰ পিছতেই কাকপথাৰ আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ প্ৰাথমিক তদন্ত কৰাৰ লগতে অসুস্থ শিশুসকলক তাৎক্ষণিকভাৱে তিনিচুকীয়ালৈ প্ৰেৰণ কৰে । উল্লেখ্য যে শিশুৰ বৌদ্ধিক তথা মানসিক উৎকৰ্ষ সাধনৰ বাবে স্থাপন কৰা অংগনৱাড়ী কেন্দ্ৰত সংঘটিত এই ঘটনাক লৈ সচেতন ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
মূলত কেন্দ্ৰটোৰ কৰ্মী আৰু সহায়িকাগৰাকীৰ অসাৱধানতাৰ বাবেই এনে এক ভয়ংকৰ ঘটনা সংঘটিত হোৱা বুলি ৰাইজৰ মাজত ব্যাপক চৰ্চা চলিছে। এনেধৰণৰ বিষাক্ত দ্ৰব্য আছুতীয়াকৈ নাৰাখি ৰান্ধনীশালত ৰখা বিষয়টো সহজভাৱে ল'ব পৰা নাই অভিভাৱকসকলে । খাদ্য প্ৰস্তুতৰ সময়ত কৰ্মী বা সহায়িকাগৰাকীয়ে এবাৰলৈ হ'লেও চোৱাচিতা কৰাৰ দায়িত্ব আছিল বুলি আঙুলি টোওৱা হৈছে । অংগনৱাড়ী কেন্দ্ৰটোৰ প্ৰশিক্ষিত কৰ্মী লাৱণ্য বৰুৱা আৰু সহায়িকা জাহ্নৱী বাইলুঙৰ দায়িত্বজ্ঞানহীনতাৰ বাবেই ভয়ংকৰ ঘটনাটো সংঘটিত হ'বলৈ পালে বুলি ৰাইজৰ মুখে মুখে আলোচিত হৈছে ।
আৰু পঢ়ক: তিনিচুকীয়াত অলংকাৰিত মাছৰ চোৰাং বেহা…