তিনিচুকীয়াত অলংকাৰিত মাছৰ চোৰাং বেহা…

তিনিচুকীয়াত অলংকাৰিত মাছৰ চোৰাং বেহা…

ডিজিটেল সংবাদ, তিনিচুকীয়া:- মেচাৰ্চ ডিব্ৰু-ডাঙৰী ৰিভাৰ পাৰ্ট ৱান মীন মহলটোৰ হৈ যোৱা ৪ আগষ্টত গুঁইজানৰ সঞ্জয় দাস নামৰ লোকজনৰ এজাহাৰৰ ভিত্তিত গুঁইজান আৰক্ষীয়ে শুকুৰবাৰে নিশাৰ ভাগত অভিযান চলায়। এই অভিযানত গুঁইজান ৫ নম্বৰৰ বাসিন্দা যদু চৰকাৰৰ ঘৰৰ পৰা মুঠ ৬৭ টা দুস্প্ৰাপ্য তথা বিৰল প্ৰজাতিৰ নগা চেং আৰু চেঙেলী মাছ জব্দ কৰে ।

অভিযোগ অনুসৰি যদু চৰকাৰ আৰু তেওঁৰ ভাতৃ শ্রীধাম চৰকাৰে সুদীৰ্ঘকাল ধৰি চোৰাং তথা অবৈধভাৱে এইধৰণৰ অলংকাৰিত (ornamental fish) মাছ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহি:ৰাজ্যলৈও প্ৰেৰণ কৰি আহিছে । জানিব পৰা মতে এই অলংকাৰিত মাছসমূহ সৌন্দৰ্যবৰ্ধনৰ বাবে একুৰিয়ামত ব্যৱহাৰ কৰাৰ সমান্তৰালভাৱে গৱেষণাৰ বাবেও ব্যৱহৃত হৈ আহিছে । তদুপৰি ঔষধ প্ৰস্তুতৰ বাবেও বিদেশৰ বজাৰত ইয়াৰ যথেষ্ট সমাদৰ আছে । সেয়ে ইয়াৰ মূল্যও মুকলি বজাৰতকৈ অত্যাধিক ।

চৰকাৰ ভাতৃদ্বয়ে তিনিচুকীয়া জিলাৰ ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ব্ৰহ্মপুত্ৰ, দিবাং, ডিব্ৰু নদীত এই বিৰল প্ৰজাতিৰ মহামূল্যবান মাছসমূহ সংগ্ৰহ কৰি চোৰাং ব্যৱসায় অব্যাহত ৰাখিছিল । এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অভিযান চলাই মাছখিনি জব্দ কৰে যদিও আটক কৰিবলৈ সক্ষম নহ'ল যদু চৰকাৰ অথবা শ্রীধাম চৰকাৰক ।

জব্দ কৰা মাছখিনি চেঙেলীমাছ, নগাচেং (channa cobra, channa bleheri, channa stewarti) বুলি নিশ্চিত কৰা হৈছে । স্মৰ্তব্য যে এই বিৰল প্ৰজাতিৰ অলংকাৰিত মাছসূহৰ বিশ্বজুৰি এক বিশাল বজাৰ আছে । বিভিন্ন পক্ষক মেনেজ কৰি এই মাছসমূহ উৰা জাহাজেৰে বিদেশলৈ ৰপ্তানি কৰাৰো অভিযোগ আছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in