আন্তঃৰাষ্ট্ৰীয়

বিদেশত ৰঙালী বিহু...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সাত সাগৰ তেৰ নদীৰ সিপাৰেও এতিয়া ৰঙালীৰ ৰং আৰু হেঁপাহ ৷ নেডাৰলেণ্ডত বাস কৰা প্ৰবাসী অসমীয়া সমাজেও অসমীয়া নতুন বছৰ আৰু বহাগ বিহু উদযাপন কৰে ৷ নেডাৰলেণ্ড , বেলজিয়াম আৰু জাৰ্মানীৰ প্ৰবাসী অসমীয়াই পৰম্পৰা অটুত ৰাখি উদযাপন কৰে ব'হাগ বিহু ৷

ৱাহিদ চালেহ মুখ্য অতিথি হিচাপে উপস্থিত থকা এই অনুষ্ঠানত প্ৰবাসী অসমীয়া শিশুসকলে বিহু নাচ আৰু অনান্য সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে ৷ বিদেশত থাকিও শিপাৰ সৈতে সম্পৰ্ক ধৰি ৰখা এইসকল প্ৰবাসী অসমীয়াৰ প্ৰয়াস প্ৰসংশনীয় ৷