/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/e2013ff9-1c61-4fed-91a3-3c357865a306/amlan_bora.jpg)
নেডাৰলেণ্ডৰ বাণিজ্য আৰু বিনিয়োগ আয়ুক্ত অম্লান বৰাৰ পদক্ষেক ধন্যবাদ দিলে শিক্ষাৰ্থীয়ে...
ডিজিটেল সংবাদ বেকাজানঃ কৰ্মসূত্ৰে সাত সাগৰ তেৰ সিপাৰে থাকিলেও জন্মভূমিৰ প্ৰতি তেওঁৰ আছে এক এৰাব নোৱাৰা টান । স্বজাতিৰ মানুহখিনিৰ বাবে কিবা এটা কৰাৰ হেপাঁহ সদায় বুকুত পুহি ৰাখিছে ।
সেয়ে সময় পালে দৌৰি আহে জন্মভূমি অসমলৈ । নেডাৰলেণ্ড চৰকাৰৰ বাণিজ্য আৰু বিনিয়োগ আয়ুক্ত তথা অসম সন্তান অম্লান বৰাৰ সহযোগত আৰু অসমৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন ৰুদ্ৰাক্ষীৰ উদ্যোগত আজি তিতাবৰৰ ৰঙাজান বাগান প্ৰাথমিক বিদ্যালয়ত বাগিচা অঞ্চলৰ প্ৰায় পাঁচখন বিদ্যালয়ৰ আৰ্থিক ভাৱে দুৰ্বল শতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত গৰম বস্ত্ৰ, কম্বল খাদ্য- সামগ্ৰী আদি বিতৰণ কৰে ।
শীতৰ ঠেটুৱৈ ধৰা দিনত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে হাতত একোখনকৈ কম্বল পাই উৎফুল্লিত হৈ পৰে । ছাত্ৰ-ছাত্ৰীয়ে অম্লান বৰাক এনে বদ্যনতাৰ বাবে ধন্যবাদ জনাই কয়- ''ছাৰ মাজে সময়ে আপুনি আহি আমাৰ খবৰ লৈ থাকিব। আমি এই কেইদিন অকণমান ঠাণ্ডা পাইছিলো কিন্তু এতিয়া আৰু নাপাম । অম্লান বৰা ছাৰ আপুনি বহুত ভাল মানুহ।''
ইফালে স্বেচ্ছাসেৱী অনুষ্ঠান ৰুদ্ৰাক্ষী আৰু সুদূৰ নেডাৰলেণ্ডৰ বাণিজ্যিক আয়ুক্ত অম্লান বৰাৰ এই মহানুভৱতাৰ পদক্ষেপক সকলোৱে আদৰণি জনাইছে ।
ক্লিক কৰি পঢ়কঃ নিৰ্বাচনৰ প্ৰাক্ মূহুৰ্তত উত্তাল ত্ৰিপুৰা !বিজেপি-চিপিআই (এম) সমৰ্থকৰ মাজত সংঘৰ্ষত গ্ৰেপ্তাৰ এজন....