কংগ্ৰেছৰে আসন বুজাবুজিয়ে ক্ষতি কৰিছে CPI(M)ক ! মানিক বাবুৰ অৱসৰঃ বাওদলত বিদ্ৰোহ...
কংগ্ৰেছৰে আসন বুজাবুজিয়ে ক্ষতি কৰিছে CPI(M)ক ! মানিক বাবুৰ অৱসৰঃ বাওদলত বিদ্ৰোহ...  
উত্তৰ-পূব

কংগ্ৰেছৰে আসন বুজাবুজিয়ে ক্ষতি কৰিছে CPI(M)ক ! মানিক বাবুৰ অৱসৰঃ বাওদলত বিদ্ৰোহ...

Asomiya Pratidin

ডিজিটেল সংবাদ আগৰতলাঃ ১৬ ফেব্ৰুৱাৰীত ত্ৰিপুৰাৰ ৰাজ্যিক বিধান সভাৰ নিৰ্বাচন। এই নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যখনত তৎপৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহ।

ত্ৰিপুৰাৰ ৪ বাৰৰ মুখ্যমন্ত্ৰী তথা দেশৰ চি আই এমৰ জ্যেষ্ঠ নেতা মানিক সৰকাৰে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ত্ৰিপুৰাত ধাৰাবাহিক ভাৱে শাসনত থকা চি পি আই এমে বিগত বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ হাতত পৰাস্ত হৈছিল।

যোৱা নিৰ্বাচনত প্ৰথমবাৰৰ বাবে ৰাজ্যখনত গঠন হৈছিল বিজেপিৰ চৰকাৰ। ইয়াৰ পিছৰে পৰা ৰাজ্যখনত বিজেপিয়ে নিজৰ এক শক্তিশালী ভেটী তৈয়াৰ কৰাৰ পৰিৱৰ্তে চি আই এমে হেৰুৱাইছে পূৰ্বৰ জনপ্ৰিয়তা।

অৱশ্যে এতিয়াও ৰাজ্যখনত দলটোৰ আছে শক্তিশালী ভেটী। দলটোক ৰাজ্যখনত সন্মুখৰ পৰা নেতৃত্ব দি অহা মানিক সৰকাৰে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

আনহাতে দলটোৰ আন ৬ গৰাকী শক্তিশালী নেতাক এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পৰা অব্যাহতি দিয়া হৈছে। দলটোৰ শক্তিশালী নেতা বাদল চৌধুৰী, নাৰায়ণ চৌধুৰী, ভানুলাল সাহা, যশবীৰ ত্ৰিপুৰা, তপন চক্ৰৱৰ্তী আৰু মবসৰ আলীক এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ পৰা বিৰত ৰখা হৈছে।

দলৰ এই সিদ্ধান্ত সকলোৱে মানি ল'লেও অৱশ্যে মবসৰ আলীয়ে মানি লোৱা নাই। তেওঁ দলৰ এই সিদ্ধান্তৰ বিৰুদ্ধে থিয় দিছে। দলৰ সিদ্ধান্তৰ বিৰোধিতাৰে তেওঁ ইতিমধ্যে দলৰ পৰা অব্যাহতি লৈছে।

ইয়াৰ পিছতে তেওঁ দিল্লীত বিজেপিত যোগদান কৰিছে। সংখ্যালঘুসকলৰ মাজত জনপ্ৰিয় তথা শক্তিশালী মবসৰ আলীৰ বিজেপিত যোগদানে বিজেপিক আৰু অধিক শক্তিশালী কৰিব বুলি আশা কৰা কৰিছে।

মবসৰ আলীক বিজেপিয়ে তেওঁৰ পূৰ্বৰ সমষ্টি কৈলাশ চহৰৰ পৰা টিকট প্ৰদান কৰিছে। মবসৰ আলীৰ এই দলবিৰোধী সিদ্ধান্তই ত্ৰিপুৰাৰ বাওপন্থী নেতাসকলক স্তম্ভিত কৰাৰ লগতে দলটোক যথেষ্ট ক্ষতিও কৰিছে।

উল্লেখ্য যে ত্ৰিপুৰাত এইবাৰ কংগ্ৰেছৰ সৈতে মিত্ৰতাৰে নিৰ্বাচনী যুঁজত নামিছে বাওপন্থী দলটো। সেয়ে আসন বুজাবুজিৰ বাবে কৈলাশ চহৰ আসনখন চি পি আই এমে কংগ্ৰেছক এৰি দিবলৈ বাধ্য হৈছে।

ত্ৰিপুৰা কংগ্ৰেছৰ সভাপতি বীৰজিৎ সিনহাই এই আসনখনৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে। অৱশ্যে চি পি আই এমে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাক লৈ দলটোৰ তৃণমূল পৰ্যায়ত ব্যাপক অসন্তুষ্টিয়ে দেখা দিছে।

ইফালে মানিক সৰকাৰে নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিততে এইবাৰ ৰাজ্যখনত চি পি আই এমৰ মুখ্যমন্ত্ৰীৰ মুখ হিচাপে বিবেচিত হৈছে দলটোৰ ৰাজ্যিক সম্পাদক জিতেন্দ্ৰ চৌধুৰী।

দলটোৱে এইবাৰ কংগ্ৰেছৰ সৈতে আসন বুজাবুজি কৰাৰ বাবে ৬০ আসনৰ ভিতৰত ৪৭ খন আসনত প্ৰতিদ্বন্দিতা আগবঢ়াব। ১৩ খন আসন দলটোৱে কংগ্ৰেছক এৰি দিছে।

অৱশ্যে কংগ্ৰেছে আসন বুজাবুজিৰে লাভ কৰা ১৩ খন আসনৰ উপৰিও আন ৪ টা সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা আগবঢ়াব। সেয়ে বাও দলটোৱেও আন ৩ খন আসনত বুজাবুজিৰ নীতি ভংগ কৰি প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।