/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/loksabha.jpg)
ডিজিটেল ডেস্ক: বৰ্তমান চলি আছে সংসদৰ বৰ্ষাকালীন অধিৱেশন। এই অধিৱেশনত বিৰোধীয়ে বিভিন্ন বিষয়ৰ বিৰোধীতা কৰি প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছে। ইয়াৰ মাজতে সোমবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰে।
মূল্যবৃদ্ধিৰ বিৰুদ্ধে সংসদত বিৰোধীতা কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে কংগ্ৰেছৰ একাংশই নেতাই হুলুস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰাত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ৪ গৰাকী কংগ্ৰেছ সদস্যক নিলম্বন কৰে।
যি সকল কংগ্ৰেছ সদস্যক নিলম্বন কৰা হৈছে সেই সকল হ'ল- মণিকম ঠাকুৰ, জোতিমণি, ৰম্যা হৰিদাস আৰু টিএন প্ৰতাপন। নিলম্বিত সদস্য সকলে গান্ধী প্ৰতিমাৰ ওচৰত বিৰোধ প্ৰদৰ্শন কৰি আছিল। এই সদস্য সকলৰ প্ৰতিবাদকৰ বাবে সংসদৰ কাম কাজত বাধা আহি পৰিছিল যাৰ বাবে তেওঁলোকক নিলম্বন কৰা হয়।
আৰু পঢ়ক: ঢকুৱাখনা মহাবিদ্যালয়ৰ ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন