Best Tourist places in Assam
Best Tourist places in Assam 
মুখ্য-পৃষ্ঠা

12 Best Tourist places in Assam: ভ্ৰমণৰ উপযোগী অসমৰ ১২ পৰ্যটনস্থলী

Asomiya Pratidin

ডিজিটেল ডেস্ক: 12 Best Tourist places in Assam- অসম উত্তৰ-পূৱ ভাৰতৰ এক অনন্য তথা মনোমোহা ৰাজ্য।পৰ্যটক সকলক আৰ্কষিত কৰিব পৰা অসমত বহু সম্বল আছে।অসম বিশেষকৈ চাহ, মুগা ৰেচম, তেল-পেট্ৰ'লিয়াম তথা জৈৱ বৈচিত্ৰ্যৰ বাবে জনাজাত।এই বিচিত্ৰ ৰাজ্যত বাস কৰা জনসাধাৰণৰ বাবে জীৱনৰ উৎস হৈছে ব্ৰহ্মপুত্ৰ নদী।অসমত থকা এনে বিভিন্ন আপুৰুগীয়া সম্পদবোৰৰ বাবেই অসম পৰ্যটকসকলৰ আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু

বিশেষভাৱে উল্লেখ কৰিবলগীয়া অসমৰ এনে কেইখনমান পৰ্যটনস্থলী হৈছে-

কামাখ্যা মন্দিৰ

কামাখ্যা দেৱীৰ নামত উৎসৰ্গিত কামাখ্যা মন্দিৰটো নীলাচল পাহাৰত অৱস্থিত।এই মন্দিৰটো দেশৰ ৫১ টা শক্তিপীঠৰ আটাইতকৈ পুৰণি।এই মন্দিৰটো তথা ইয়াৰ মূল প্ৰৱেশদ্বাৰটোৰ কাৰুকাৰ্য অতি চমৎকাৰী।কামাখ্যা মন্দিৰৰ দেৱালবোৰতো বহু ভাস্কৰ্যশিল্প খোদিত হৈ আছে।অম্বুবাচী মেলাৰ সময়ত এই মন্দিৰত দেশ-বিদেশৰ লাখ-লাখ ভক্তৰ সমাগম হয়।বিশেষকৈ অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত কামাখ্যা মন্দিৰত ভক্তই ভিৰ কৰা দেখা যায়।  

kamakhya temple

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে ১৯৭৪ চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰিছিল। এই উদ্যানখন নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত।এই ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালি  ৮৫৮.৯৮ বৰ্গ কিলোমিটাৰ। ১৯৮৫ চনত ইউনেস্ক’য়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰে।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়, বাঘ, হলৌ বান্দৰ, শিহু, বনৰীয়া মহ,হাতী,হৰিণ, বনৰীয়া গাহৰি,বন কুকুৰা আদি জীৱ-জন্তৱে বাস কৰে।উল্লেখ্য, ২০০৬ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভ কৰে। 

kaziranga natinal park

মাজুলী

মাজুলী বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ আৰু অসমৰ এখন উল্লেখনীয় জিলা।ব্ৰহ্মপুত্ৰ নদীৰ এই দ্বীপটো পূৰ্বতে যোৰহাট জিলাৰ এটা মহকুমা আছিল যদিও ২০১৬ চনত মাজুলীক জিলা হিচাপে ঘোষণা কৰা হয়। 'সত্ৰনগৰী' খ্যাত মাজুলী সত্ৰীয়া-সংস্কৃতিৰো পীঠকেন্দ্ৰ।মাজুলীত বছৰটোৰ সকলো সময়তে পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হয়।

Majuli

মহা মৃত্যুঞ্জয় মন্দিৰ

মহা মৃত্যুঞ্জয় মন্দিৰ হিন্দুৰ ঈশ্বৰ শিৱৰ প্ৰতি উৎসৰ্গিত এক হিন্দু মন্দিৰ। এই মন্দিৰটো এটা শিৱলিংগৰ ৰূপত নিৰ্মাণ কৰা হৈছে আৰু এই শিৱলিংগ হৈছে বিশ্বৰ সৰ্ববৃহৎ শিৱলিঙ্গ।এই শিৱলিংগৰ উচ্চতা ১২৬ ফুট।

Mahamrityunjay Temple

উমানন্দ নদীদ্বীপ

উমানন্দ নদীদ্বীপ বিশ্বৰ আটাইতকৈ সৰু নদীদ্বীপ। ব্ৰহ্মপুত্ৰৰ বুকুত জিলিকি থকা এই নদীদ্বীপটোত উমানন্দ মন্দিৰ অৱস্থিত।উমানন্দ মন্দিৰটো ভগৱান শিৱক উৎসৰ্গা কৰি ১৬৯৪ চনত ৰজা গদাধৰ সিঙে নিৰ্মাণ কৰিছিল।শিৱৰাত্ৰিত এই মন্দিৰত বহু সংখ্যক দৰ্শনাৰ্থী তথা ভক্তৰ ভিৰ হয়। ধাৰ্মিক, ঐতিহাসিক গুৰুত্ব ,শিলৰ ভাস্কৰ্য, প্ৰাকৃতিক সৌন্দৰ্য আৰু দ্বীপটোৰ মনোৰম দৃশ্যই ভক্তপ্ৰাণ ৰাইজক বাৰুকৈয়ে আকৰ্ষিত কৰে।এই মন্দিৰ ভ্ৰমণ কৰাৰ সৰ্বশ্ৰেষ্ঠ সময় হৈছে শীতৰ মাহ বিশেষকৈ অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী মাহ।

Umananda

শিৱসাগৰ

উজনি অসমৰ এখন ঐতিহাসিক জিলা শিৱসাগৰ।ছশ বছৰীয়া আহোম ৰাজবংশৰ বহু উত্থান-পতনৰ সাক্ষী এইখন জিলাখন।শিৱসাগৰ নামটো জিলাখনৰ সদৰ শিৱসাগৰ নগৰত থকা শিৱসাগৰ পুখুৰীৰ নামৰ পৰা অহা।সমগ্ৰ জিলাখনতে আহোম শাসনকালৰ বহু স্থাপত্য,ভাস্কৰ্য, মৈদাম, পুখুৰী, গড়, আলিবাট আদি সিঁচৰতি হৈ আছে।বছৰটোৰ সকলো সময়তে দেশ বিদেশৰ পৰ্যটকসকলে এই জিলাখন ভিৰ কৰা দেখা পোৱা যায়।

Sivsagar

ডিব্ৰুগড়

উত্তৰ-পূব ভাৰতৰ যোগাযোগ আৰু ঔদ্যোগিক কেন্দ্ৰ হিচাপে ডিব্ৰুগড়ে পৰ্যটকসকলৰ মাজত দ্ৰুতগতিত জনপ্ৰিয়তা লাভ কৰিছে। ডিব্ৰু নদীৰ নামেৰে নামাকৰণ কৰা, ডিব্ৰুগড় অসমৰ সৰ্ববৃহৎ চহৰ। ইয়াৰ উদ্ভিদ-প্ৰাণী তথা সমৃদ্ধ সংস্কৃতিয়ে ভ্ৰমণকাৰীক আকৰ্ষিত কৰে।কোনো কোনো ঋতুত বহুতো পৰিভ্ৰমী চৰাইয়ে ডিব্ৰুগড়ত আশ্ৰয় লয়।দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য, জয়পুৰ বৰ্ষাৰণ্য, নাম্ফাকে গাওঁ, নাহৰকটীয়া আদি হৈছে ডিব্ৰুগড় জিলাৰ ভ্ৰমণ কৰিবলগীয়া ঠাই।অক্টোবৰৰ পৰা জানুৱাৰীলৈ এই ঠাইসমূহত পৰ্যটকৰ ভিৰ পৰিলক্ষিত হয়।

Dibrugarh

শুৱালকুছি

অসমৰ সংস্কৃতি আৰু পৰম্পৰা যেন প্ৰতিফলিত হয় শুৱালকুছিত।শিপিনীৰ গাওঁ হিচাপে জনাজাত শুৱালকুছিযে ৰাজ্যখনত আটাইতকৈ বেছি ৰেচম উৎপাদন কৰে।যাৰ বাবে শুৱালকুছিক ‘মানচেষ্টাৰ অফ ইষ্ট’ বুলি কোৱা হয়।

Sualkuchi

মানস ৰাষ্ট্ৰীয় উদ্যান

মানস ৰাষ্ট্ৰীয় উদ্যান বাক্সা জিলাত অৱস্থিত। এই অভয়াৰণ্যক ১৯৯০ চনত মানস ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল। ১৯৭৩ চনত এই উদ্যানক ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা কৰা হয়। আনহাতে, মানস ৰাষ্ট্ৰীয় উদ্যানক ১৯৮৫ চনত ইউনেস্ক’য়ে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰে।এই উদ্যানৰ মুঠ মাটিকালি ৫০০ বৰ্গ কিলোমিটাৰ। মানহ ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড়, হাতী , বনৰীয়া মহ, বাঘ, বান্দৰ, হৰিণা, ভালুক, নল গাহৰিকে ধৰি বিভিন্ন জীৱ-জন্তু পোৱা যায়।

manas national park

ডিগবৈ

অসমৰ তৈল নগৰী হিচাপে খ্যাত ডিগবৈ। সেউজীয়া চাহ বাগিচাৰে আবৰি থকা তিনিচুকীয়া জিলাৰ অৰ্থনৈতিক কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু ডিগবৈ। ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰৰ বাবে বিখ্যাত অসমৰ এই চহৰখনৰ এক ঐতিহাসিক গুৰুত্ব আছে। উনবিংশ শতিকাত ইয়াত খাৰুৱা তেল আৱিষ্কাৰ কৰা হৈছিল।

Digboi

তেজপুৰ

অসমৰ আটাইতকৈ ধুনীয়া তথা চাফা চহৰ তেজপুৰ।অতুলনীয় মনোৰম প্ৰাকৃতিক সৌন্দৰ্য আৰু ঐতিহ্যৰে ভৰপুৰ এই চহৰখনৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে ।যাৰ বাবে তেজপুৰ পৰ্যটকৰ অন্যতম পছন্দৰ গন্তব্যস্থান। পদুম পুখুৰী, অগ্নিগড়, বামুনী পাহাৰ, কলিয়া ভোমোৰা সেঁতু, বুঢ়া চাপৰী বন্যপ্ৰাণী অভয়াৰণ্য, চিত্ৰলেখা উদ্যান, দ-পৰ্বতীয়া আদি হৈছে তেজপুৰৰ উল্লেখনীয় ভ্ৰমণমূলক ঠাই।

Tezpur

নামেৰী ৰাষ্ট্ৰীয় উদ্যান

বিভিন্ন জীৱ-জন্তু, গছ-গছনিৰে ভৰপুৰ নামেৰীক ১৯৮৫ চনত অভয়াৰণ্য আৰু ১৯৯৮ চনত নামেৰী ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হয়।নামেৰী ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত। এই উদ্যানৰ মুঠ মাটিকালি ২০০ বৰ্গ কিলোমিটাৰ।নামেৰী ৰাষ্ট্ৰীয় উদ্যানক ২০০০ চনত ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰা হয়। এই উদ্যানত বিভিন্ন জাতিৰ বান্দৰ,  শিয়াল, বনৰৌ,হৰিণ, বাঘ, হাতীৰ লগতে বিভিন্ন জীৱ-জন্তু পোৱা যায়।

Nameri National Park