UPPL
UPPL 
অসম

পুনৰ ইউ.পি.পি.এলৰ সভাপতিৰ পদত প্ৰমোদ বড়ো...

Asomiya Pratidin

ডিজিটেল ডেস্ক : ২০২৩-২৪বৰ্ষৰ ইউপিপিএল দলৰ নতুন সমিতি গঠন। সৰ্বমুঠ ২২ গৰাকী সদস্যক লৈ ইউপিপিএলৰ মুল সমিতি গঠন কৰা হৈছে। পুনৰ ইউ.পি.পি.এলৰ সভাপতিৰ দায়িত্ব অৰ্পন প্রমোদ বড়োক। আনহাতে কাৰ্যকৰী সভাপতি হিচাপে ৰনগৌড়া নাৰ্জাৰীয়ে দায়িত্বভাৰ গ্ৰহণ কৰে।

সাধাৰণ সম্পদক (প্রশানিক)ৰ পদত ৰাজু কুমাৰ নাৰ্জাৰীক আৰু সাধাৰণ সম্পাদক (সাংগঠনিক) পদত মাধৱ চন্দ্ৰ ছেত্ৰীক দায়িত্বভাৰ অৰ্পন কৰা হয়। উল্লেখ্য যে কোকৰাঝাৰৰ চন্দ্ৰপাৰাত যোৱা ১১ নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈছে ইউপিপিএলৰ ত্ৰিবাৰ্ষিক অধিৱেশন।

অধিবেশনৰ দ্বিতীয়দিনাৰ দ্বিতীয় প্ৰতিনিধি সভাতে সমিতি গঠন কৰা হয়। দেওবাৰে ইউপিপিএলৰ অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।