কোকৰাঝাৰত ইউপিপিএল দলৰ কেন্দ্ৰীয় অধিৱেশন আৰম্ভ, সলনি হ'ব নেতৃত্বৰ...

কোকৰাঝাৰ চহৰৰ চন্দ্ৰপাৰাত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ইউপিপিএল দলৰ তৃতীয় ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন।
কোকৰাঝাৰত ইউপিপিএল দলৰ কেন্দ্ৰীয় অধিৱেশন আৰম্ভ, সলনি হ'ব নেতৃত্বৰ...

ডিজিটেল সংবাদ, কোকৰাঝাৰ- কোকৰাঝাৰ চহৰৰ চন্দ্ৰপাৰাত শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে ইউপিপিএল দলৰ তৃতীয় ত্ৰি-বাৰ্ষিক কেন্দ্ৰীয় অধিবেশন। চন্দ্ৰপাৰাৰ জৌগালু পথাৰৰ প্ৰায় একহাজাৰ বিঘা বিশাল ভূমিত আটক ধুনীয়াকৈ আৰম্ভ হোৱা আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি মুখ্যদ্বাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে পৰিষদীয় সদস্য ছাইখং বসুমতাৰীয়ে ।

ইয়াৰ পিছতে প্ৰতিনিধি শিৱিৰ মুকলি কৰে সঞ্জয় স্বৰ্গীয়াৰী , অতিথিশালা মুকলি কৰে কাৰ্যবাহী সদস্য উকিল মুছাহাৰী , মুখ্য ৰভা আৰু মঞ্চ মুকলি কৰে বিধায়ক জিৰণ বসুমতাৰী, প্ৰদৰ্শনী থলী মুকলি কৰে বিটিচিৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, ভোজনালয় মুকলি কৰে পৰিষদীয় সদস্য পবিত্ৰ কুমাৰ বড়োই ।

উল্লেখ্য যে আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ইউপিপিএলৰ তৃতীয় ত্ৰিবাৰ্ষিক অধিবেশনত ইতিমধ্যে ইউপিপিএলৰ ১০ খন জিলা সমিতিৰ পৰা ছয় হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে । ইউপিপিএল দলৰ মুল প্ৰতিনিধি সভা আজি নিশা অনুষ্ঠিত হ'ব ।

ইপিনে সংবাদমাধ্যমৰ আগত বিধায়ক লৰেঞ্চ ইছলাৰীয়ে তিনিদিনীয়া ত্ৰিবাৰ্ষিক কাৰ্যসূচীৰ বিস্তাৰিত বিবৰণ দি কয় যে প্ৰতিনিধি সভাতে ২০২৪ চনত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বিষয়ে আলোচনা কৰা হ'ব । তদুপৰি কোকৰাঝাৰ লোকসভা সমষ্টি আৰু মঙ্গলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থীত্ব সন্দৰ্ভতো প্ৰতিনিধি সভাত আলোচিত হ'ব ।

প্ৰতিনিধি সভাতে ইউপিপিএলৰ নতুন কমিটি গঠন সন্দৰ্ভত আলোচনা কৰা হ'ব বুলি সদৰি কৰিছে বিধায়ক লৰেঞ্চ ইছলাৰীয়ে । তদুপৰি অধিবেশনৰ অন্তিম দিনাৰ মুকলি সভাত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিশিষ্ট অতিথি হিচাপে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা, অগপৰ সভাপতি অতুল বৰা আৰু মিত্ৰজোঁটৰ জি এচ পিৰ নেতৃবৃন্দ উপস্থিত থাকিব বুলি সদৰি কৰিছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in