ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰাক্তন সংঘচালক বিৰিঞ্চিধৰ বুঢ়াগোহাঁইৰ মৃত্যুত শোক প্ৰকাশ

প্ৰয়াত বুঢ়াগোহাঁয়ে কৰা অহোপুৰুষাৰ্থ সংঘৰ প্ৰতিগৰাকী স্বয়ংসেৱকৰ কাৰণে সদায় অনুপ্ৰেৰণা হৈ ৰ'ব বুলি গুণমুগ্ধই মন্তব্য কৰে

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰাক্তন সংঘচালক বিৰিঞ্চিধৰ বুঢ়াগোহাঁইৰ মৃত্যুত শোক প্ৰকাশ

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ প্ৰান্তৰ প্ৰাক্তন সংঘচালক বিৰিঞ্চিধৰ বুঢ়াগোহাঁইৰ বুধবাৰে নিশা প্ৰায় ১১ বজাত দেহাৱসান ঘটে। প্ৰাক্তন সংঘচালকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ গুণমুগ্ধৰ।

Advertisment

উল্লেখ্য যে, মৰিগাঁও মহাবিদ্যালয়ৰ দৰ্শনশাস্ত্ৰৰ অৱসৰপ্ৰাপ্ত অধ্যাপক,সংগীতজ্ঞ,সু-নিপুণ বেহেলাবাদক আছিল বুঢ়াগোহাঁই। তেওঁৰ মৃত্যুত সংঘই এগৰাকী নিষ্ঠাৱান কাৰ্যকৰ্তাক হেৰুৱালে বুলি উল্লেখ কৰে তেওঁৰ গুণমুগ্ধই।

অসম আন্দোলনৰ সময়তো তেওঁ মধ্য অসমত অগ্ৰণী ভূমিকা পালন কৰিছিল বুঢ়াগোহাঁয়ে। প্ৰতিকূল পৰিস্থিতিৰ মাজতো হাজাৰ বাধা নেওচি ব্ৰহ্মপুত্ৰ উপত্যকাত সংঘ কাৰ্যৰ উত্তৰণৰ বাবে প্ৰয়াত বুঢ়াগোহাঁয়ে কৰা অহোপুৰুষাৰ্থ সংঘৰ প্ৰতিগৰাকী স্বয়ংসেৱকৰ কাৰণে সদায় অনুপ্ৰেৰণা হৈ ৰ'ব বুলি গুণমুগ্ধই মন্তব্য কৰে। লগতে তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰে।

Also Read: হোলীৰ আনন্দৰ মাজতে নৈত গা ধুবলৈ গৈ অকাল মৃত্যক সাৱটিলে দুই ছাত্ৰই

Rashtriya Swayamsevak Sangh