কেন্দ্ৰীয় মন্ত্ৰী ভূপাতিৰাজু শ্ৰীনিবাশ বৰ্মাৰ মানকাচৰ ভ্ৰমণৰ সময়সূচী সলনি

মানকাচৰত কেন্দ্ৰীয় মন্ত্ৰী ভূপাতিৰাজু শ্ৰীনিবাশ বৰ্মাৰ বৃহস্পতিবাৰৰ কাৰ্য্যসূচী বাতিল কৰা হৈছে। মন্ত্ৰীগৰাকীৰ গুৱাহাটীত কেবাটাও কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি কাইলৈ পুৱাৰ ভাগতহে মানকাচৰলৈ ৰাওনা হ'ব।

author-image
Asomiya Pratidin
New Update
কেন্দ্ৰীয় মন্ত্ৰী ভূপাতিৰাজু শ্ৰীনিবাশ বৰ্মাৰ মানকাচৰ ভ্ৰমণৰ সময়সূচী সলনি

কেন্দ্ৰীয় মন্ত্ৰী ভূপাতিৰাজু শ্ৰীনিবাশ বৰ্মাৰ মানকাচৰ ভ্ৰমণৰ সময়সূচী সলনি

ডিজিটেল সংবাদ, মানকাচৰঃ মানকাচৰত কেন্দ্ৰীয় মন্ত্ৰী ভূপাতিৰাজু শ্ৰীনিবাশ বৰ্মাৰ বৃহস্পতিবাৰৰ কাৰ্য্যসূচী বাতিল কৰা হৈছে। মন্ত্ৰীগৰাকীৰ গুৱাহাটীত কেবাটাও কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি কাইলৈ পুৱাৰ ভাগতহে মানকাচৰলৈ ৰাওনা হ'ব। হাটশিঙিমাৰী জিলা প্ৰশাসনে ইতিমধ্যে এই তথ্য নিশ্চিত কৰিছে। 

Advertisment

শুকুৰবাৰে মন্ত্ৰীগৰাকী আহি চৰকাৰী আঁচনি পৰিদৰ্শনৰ পাছত জিলা প্ৰশাসনৰ হৈছে এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰিব। ইফালে ৩১ মে'ত দুদিনীয়া কাৰ্য্যসূচীলৈ ৰাজ্যিক মন্ত্ৰী ৰঞ্জিত দাস মানকাচৰ ভ্ৰমণলৈ আহিব বুলি জিলা প্ৰশাসনৰ পৰা জানিবলৈ দিছে।

মানকাচৰ