/asomiyapratidin/media/media_files/2025/05/29/NZRRdPpUTITwzlgxZPI7.jpeg)
১২কোটি টকা লুণ্ঠনৰ ফন্দি!
ডিজিটেল সংবাদ, ঢকুৱাখনা: চৰকাৰী আঁচনি মাত্ৰেই খিৰতী গাই গণ্য কৰা এক প্ৰৱণতা ভয়াবহ ৰূপত গা কৰি উঠিছে ঢকুৱাখনাত। নীতি-নিয়ম পদপিষ্ট কৰি বিভাগীয় আমোলা বিষয়া, জনপ্ৰতিনিধিক তুষ্ট কৰি ঢকুৱাখনাৰ জনসাধাৰণৰ কল্যাণৰ বাবে আবণ্টিত পুঁজি গো-গ্ৰাসে নিজৰ কৰাৰ এক নির্লজ প্ৰতিযোগিতা চলিছে গেৰুৱা দলৰ শাসন কালত। তাৰ শেহতীয়া প্ৰমাণ ঢকুৱাখনা সদৰত নিৰ্মিত জিলা অসামৰিক চিকিৎসালয়খন।
প্ৰায় ১২কোটি টকা ব্যয় সাপেক্ষে ২০২৩ চনত নিৰ্মাণ কাৰ্য আৰম্ভ কৰা এইখন ১০০খন বিচনা যুক্ত অসামৰিক চিকিৎসালয় পুঁজিলৈ লুলুপ দৃষ্টি দি ঠিকাদাৰে যেতিয়া যি মন যায় তাকে কৰি আহিছে। লোকনিৰ্মাণ (গৃহ) বিভাগৰ তদাৰকীত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ লখিমপুৰ জিলাৰ কাৰিকৰী অভিযন্তা জ্যোতিময় মেধিৰ পৰ্যবেক্ষণত এইখন চিকিৎসালয় নিৰ্মাণৰ ঠিকা লাভ কৰিছে "অৰবিটছ এছোচিয়েচন"ৰ ৰিয়ান আহমেদ নামৰ ঠিকাদাৰজনে। ঢকুৱাখনাৰ বিধায়ক নব দলে,সাংসদ প্ৰদান বৰুৱা আৰু তদানীন্তন উপযুক্ত সুমিত স্বত্বাৱনৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰা এইখন ১২কোটি টকীয়া চিকিৎসালয় গৃহ চূড়ান্ত ক্ৰুটিপূৰ্ণভাবে নিম্ন মানৰ সামগ্ৰীৰে নিৰ্মাণৰ ফলত নিৰ্মাণৰত অৱস্থাতে চিৰাল ফাট দিয়া পৰিলক্ষিত হৈছে।
প্ৰাককলনৰ নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি ঠিকাদাৰৰ ইচ্ছাৰেই নিৰ্মাণ হৈ থকা এইখন গুৰুত্বপূৰ্ণ জিলা অসামৰিক চিকিৎসালয়ৰ খুঁটা ,বীমত ব্যৱহাৰ কৰিছে নিম্ন মানৰ ৰদ, বালি। যাৰ পৰিণতিত নিৰ্মাণৰত অৱস্থাতেই চকলা চকলে উৱলি খহি গৈছে চিমেণ্ট বালিৰ মিশ্ৰণ। ওলাই পৰিছে মামৰে ধৰা ৰদ। তাৰোপৰি দুখন বেৰ আৰু দুটা খুঁটাৰ মাজৰ অংশত থকা ফাঁক "থাৰ্মকল" ভৰাই ঢাকি তাত চিমেণ্ট, বালিৰ মিশ্ৰণ দি গাপ দি ভয়ংকৰ ফন্দি আৰু অনিয়ম সংঘটিত কৰিছে ঠিকাদাৰে। নিজকে বিধায়ক নব দলেৰ ঘনিষ্ঠ বুলি মুকলি দম্ভালি মাৰি অহা এইজন অকমন্য ঠিকাদাৰে শামুকীয়া গতিৰে, অত্যন্ত বিসঙ্গতিপূৰ্ণ ব্যৱস্থাৰে নিৰ্মাণ কাৰ্য চলাই অহাৰ স্বত্তেও লখিমপুৰ জিলাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি প্ৰবন্ধক, জিলা আয়ুক্ত, কাৰিকৰী অভিযন্তা আৰু লোকনিৰ্মাণ (গৃহ) বিভাগে ঠিকাদাৰৰ দৌৰাত্ম্যত লেকাম লগাবলৈ সাহস গোটাব পৰা নাই।
এনেবোৰ পক্ষই অনিয়ম ,চৰকাৰী পুঁজিৰ অপচয় দেখি জানিও গ্ৰহণ কৰি আহিছে অন্ধমুনিৰ ভূমিকা। যাৰ বাবে অতি দুৰ্বল আৰু স্থায়িত্বহীন ভাৱে চিকিৎসালয়খন নিৰ্মাণ কৰি আবণ্টিত সমূদায় চৰকাৰী পুঁজি উদৰস্থ কৰাৰ ফন্দিৰে এই দুই অশুভ শক্তি ৰাজনীতিক-ঠিকাদাৰ মিলিত হোৱা বুলি ঢকুৱাখনাত ব্যাপক চৰ্চা আৰম্ভ হৈছে। ঢকুৱাখনা নগৰৰ মাজ মজিয়াতে নিৰ্মাণ হৈ থকা এইখন জিলা পৰ্য্যায়ৰ চিকিৎসালয় নিৰ্মাণৰ আৰম্ভণিতে সূত্ৰপাত ঘটা এনে ভয়ংকৰ দুৰ্নীতি, অনিয়মৰ প্ৰতি ঢকুৱাখনাৰ তথাকথিত সামাজিক সংগঠন,দল আৰু নাগৰিক সমাজে মুকবধিৰৰ ভূমিকা পালি অহাৰ বিপৰীতে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক সদস্য জ্ঞানদীপ বৰাই ছাত্ৰ সন্থাৰ এটা সজাতি দলৰ সহযোগিতাত বুধবাৰে ক্ৰুটিপূৰ্ণ নিৰ্মাণস্থলী পৰিদৰ্শন কৰি স্তম্ভিত হয় ।
পৰিদৰ্শনৰ অন্তত জোৰা টাপলি মাৰি নিৰ্মাণ কৰা ১২কোটি ব্যয় সাপেক্ষ চিকিৎসালয়খনৰ নিম্ন মানৰ অংশ ভাঙি পুনৰ শক্তিশালী ভাবে নিৰ্মাণৰ দাবী জনাইছে লোকনিৰ্মান (গৃহ)বিভাগক। ১২ কোটিৰ কমিচনৰ আশাত ধৃতৰাষ্ট্ৰৰ ভূমিকা পালি ঢকুৱাখনাবাসীৰ বহু আকাংক্ষিত চিকিৎসালয়খনৰ সঠিক নিৰ্মাণলৈ পিঠি দিয়া অপশক্তি সমূহক সকীয়নী দি বৰাই এই ক্ষেত্ৰত এক উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰো দাবী জনাইছে স্বাস্থ্য মন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু জিলা আয়ুক্তক।
স্মৰ্তব্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহণ কৰিয়ে ঢকুৱাখনাৰ ৩০খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ জিলা পৰ্য্যায়ৰ চিকিৎসালয় নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল। তাৰেই ফলশ্ৰুতিত নিৰ্মাণ হৈ থকা এইখন ১০০খন বিচনাযুক্ত চিকিৎসালয়ৰ নিৰ্মাণৰ বেলিকা সংঘটিত ভয়ংকৰ অনিয়মৰ অংশীদাৰ হোৱা ঠিকাদাৰ, লখিমপুৰ জিলাৰ লোকনিৰ্মাণ (গৃহ) বিভাগৰ লগতে জিলা এন এইছ এমৰ অভিযন্তা মেধিৰ বেপৰোৱামীৰ ওপৰতো কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ছাত্ৰ সন্থাই ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us