অসম

চলচিত্ৰ প্ৰেমীৰ বাবে সুখবৰ…

asomiyapratidin

ডিজিটেল সংবাদ: চলচিত্ৰ প্ৰেমীৰ বাবে সুখবৰ। নগাঁৱত মুকলি কৰা হৈছে এটি বোলছবি গৃহ। অত্যাধুনিক সুবিধাযুক্ত এই বোলছবি গৃহটি মুকলি কৰা হৈছে বৰঘাটত।

 বৰঘাটৰ ৰিফ্ৰেচক' নামৰ ব্যৱসায় প্ৰতিস্হানটোৰ চৌহদত স্হাপন কৰা হৈছে এই ছবিঘৰটি। বৃহস্পতিবাৰে বোলছবি ঘৰটি শুভ উন্মোচন কৰে নগাঁৱৰ উপায়ুক্তই।

 অপেৰা চিনেমা নামেৰে স্থাপন কৰা হৈছে এই বোলছবি গৃহটি। বোলছবি গৃহটি মুকলি কৰাৰ পিছতে আৰম্ভ হোৱা প্ৰথম দৰ্শনীত যথেষ্ট লোকৰ সমাগম হয়।

 কামপুৰৰ উদিয়মান যুব ব্যৱসায়ী গৌতম বৰাই নিৰ্মান কৰোৱাইছে এই ছবিগৃহটি । বোলছবি গৃহটিত একেলগে ১২০ জন লোকে ছবি চাব পাৰিব।