মাতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ…

মাতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ…

ডিজিটেল সংবাদ, বিহপুৰীয়া: বিহপুৰীয়াৰ বৰাইখনাত শুকুৰবাৰে পুৱা সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ চহৰ আলি নামৰ এজন যুৱকক হত্যা কৰিলে মাতৃ চৰ্মত বানুৱে ।

পাৰিবাৰিক কণ্ডলৰ বাবে এই হত্যাকাণ্ডটো সংঘটিত কৰা বুলি জানিব পৰা গৈছে । অভিযুকিত মাতৃ গৰাকীয়ে স্থানীয় ৰাইজৰ আগত ৰণচণ্ডী মুৰ্তি ধাৰণ কৰি স্বীকাৰ কৰিলে নিজে হত্যাকাণ্ডটো সংঘটিত কৰা বিষয়টো ৷

উল্লেখ্য যে, পুত্ৰ চহৰে বিগত বহুদিন ধৰি মাতৃক কৰি গৈছিল অমানুষিক অত্যাচাৰ। শুকুৰবাৰে পুৱা ঘৰুৱা কথাত মাতৃৰ লগত হৈছিল কাজিয়া ৷

কাজিয়াৰ পিছতে হত্যাকাৰী মাতৃক খেদি গৈছিল মাৰিবলৈ। আৰু নিজৰ প্ৰাণ বছাবৰ বাবে হত্যাকাৰী মাতৃয়ে পুত্ৰ চহৰৰ চকুলৈ দলিয়াইছিল বালি। তাৰ পিছতেই পুত্ৰ চহৰক বাহেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in