toll gate
toll gate 
অসম

সাৱধান ! গাড়ী ঘৰত থকাৰ পিছতো টোলগেট পাৰ হোৱাৰ নামত কাটিব পাৰে টেক্স...

Asomiya Pratidin

ডিজিটেল সংবাদ, লামডিং : ৰাজ্যত গঢ়ি উঠা একাংশ টোলগেটৰ নামত চলিছে ব্যাপক অনিয়ম ৷ গাড়ী ঘৰত থকাৰ পিছতো টোলগেট পাৰ হোৱাৰ নামত আপোনাৰ গাড়ীৰ নম্বৰত কাটিব পাৰে টোল টেক্স ৷

লামডিঙৰ ৰতন দাস নামৰ এজন ৰে'লৱে বিষয়াৰ AS01BY4957 নম্বৰৰ চাৰিচকীয়া গাড়ীখন লামডিঙৰ নিজ গৃহতে যোৱা দুমাহ ধৰি থকাৰ সময়তে বৃহস্পতিবাৰে হঠাৎ ব্যক্তিজনৰ মোবাইল ফোনলৈ আহিল এক মেচেজ ৷ মেচেজটোত উল্লেখ থকা মতে নাজিৰা খাট টোলগেট পাৰ হোৱাৰ সময়ত টোল টেক্স ভৰিব লগীয়া হ'ল বাহনখনে ৷

এই মেচেজৰ পিছতেই হতভম্ব হৈ পৰিল ৰতন দাস ৷ যোৱা দুমাহ ধৰি ঘৰত থকা বাহনখনে টেক্স কেনেকৈ ভৰিব লগীয়া হ'ল ৷ আনফালে ৰতন দাসে এই বাহন লৈ নাজিৰাটো দূৰৰে কথা লামডিঙৰ পৰা যোৱা দুমাহ ধৰি বাহিৰলৈ যাতায়ত কৰা নাই আৰু তেনেক্ষেত্ৰত কিদৰে সম্ভৱ হৈ পৰিল এই ঘটনা ৷ ৰাজ্যত এনেদৰেই চলিছে নেকি টোল টেক্সৰ নমুনা।