অসম

ন’ পাৰ্কিঙত ৰখোৱা বিধায়কৰ গাড়ীত হুইল ক্লেম ল’ক লগোৱা বিষ্ণু বৰাক প্ৰশংসা আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ

asomiyapratidin

ডিজিটেল ডেস্কঃ যান বাহন শাখাৰ ট্ৰেফিক কনিষ্টবল বিষ্ণু বৰাক প্ৰশংসা আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ। বহু প্ৰতিবন্ধকাতৰ মাজতো সততাৰে দায়িত্ব পালন কৰাৰ বাবে প্ৰশংসা কৰিলে আইন শৃংখলাৰ দায়িত্বত থকা অতিৰিক্ত সঞ্চালকপ্ৰধান জিপি সিঙে।

টুইটাৰত বিষ্ণু বৰাৰ ফটো টুইট কৰি বিধায়কৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি নজিৰ স্থাপন কৰা চানমাৰী যান বাহন শাখাৰ আৰক্ষী দলটোৰ অভিনন্দন জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, ন' পাৰ্কি জ'নত যান বাহন ৰখোৱাৰ বাবে এখন গাড়ীত হুইল ক্লেম ল'ক লগাই দিছিল যান বাহন শাখাৰ আৰক্ষীয়ে। গাড়ীখনত আছিল দুলীয়াজানৰ বিধায়ক টেৰছ গোৱালা। লগত আছিল আন দুজন বিধায়ক ক্ৰমে- মৰাণৰ চক্ৰ গগৈ আৰু ডিগবৈৰ সুৰেন ফুকন। কৰ্তব্য সম্পাদন কৰাৰ সময়ত আৰক্ষী কনিষ্টবল বিষ্ণু বৰাক শাৰিৰীকভাৱে অপদস্থ কৰাৰো অভিযোগ উঠিছিল।