ভয় নেদেখুৱাব এমএলএ ছাৰ, ডিউটিহে কৰিছো…

ভয় নেদেখুৱাব এমএলএ ছাৰ, ডিউটিহে কৰিছো…

● মৃদুল কুমাৰ সন্দিকৈ

মহানগৰীৰ ৰাজপথত সাধাৰণতে দেখা পোৱা যায় ব্যাপক যান-জঁট। বহু লোকে পথৰ কাষতে পাৰ্কিং কৰি থৈ যায় যান বাহন। ন' পাৰ্কিং চাইন বৰ্ড লিখি থোৱা ঠাইতো জনা বুজা মানুহেই ৰখাই থয় গাড়ী। সময় তেতিয়া দুপৰীয়াৰ প্ৰায় ১২.৩০ বাজিছে।

মহানগৰীৰ এটা অত্যন্ত ব্যস্ত পথ হ'ল গোপীনাথ বৰদলৈ পথ। চানমাৰীৰ পৰা গুৱাহাটী ক্লাৱলৈকে এই পথছোৱাত প্ৰায়ে থাকে যান বাহনৰ ভিৰ। বিদ্যালয়ৰ ছুটিৰ সময়ত যান-জঁট নিয়ন্ত্ৰণ কৰিবৰ বাবে তৎপৰ হৈ পৰে যান বাহন আৰক্ষী।

চানমাৰী আৰক্ষী থানাৰ যান বাহন শাখাৰ আৰক্ষীৰ এজন কনিষ্টবলে দেখা পাইছিল গড়কাপ্তানী বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ সন্মুখত প্ৰায় পথৰ মাজতে ৰখাই থোৱা আছে এখন গাড়ী। প্ৰায় এঘণ্টা সময় গাড়ীখন ৰৈ থকা বুলি জনাইছিল প্ৰত্যক্ষদৰ্শীয়ে।

ন' পাৰ্কিঙত ৰখাই থোৱা সেই ভিআইপিৰ গাড়ীখন

আইন অনুসৰি, ন' পাৰ্কিঙত ৰখোৱা এই গাড়ীখনৰ সন্মুখৰ চকাত কনিষ্টবলজনে হুইল ক্লেম লক লগাই দিছিল। কিছু সময় পাছত সেই ঠাইত উপস্থিত হৈছিল কেইজনমান ভিভিআইপি লোক। গাড়ীত হুইল ক্লেম লক লগোৱা দেখি খঙত অগ্নিশৰ্মা হোৱা সেই লোক কেইজন সাধাৰণ লোক নাছিল।

চিনি পাইছেনে এইজন শাসকীয় দলৰ বিধায়কক…

ইতিমধ্যে যান বাহন শাখাৰ কেইজনমান সতীৰ্থ কনিষ্টবল আহি পাইছিল সেই স্থান। গাড়ীখন তাত ৰখাই গড়কাপ্তানী বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত সোমাইছিল শাসকীয় দলৰ ৩ বিধায়ক ক্ৰমে- দুলীয়াজানৰ টেৰছ গোৱালা, মৰাণৰ বিধায়ক চক্ৰ গগৈ আৰু ডিগবৈৰ বিধায়ক সুৰেন ফুকন।

দুজন বিধায়ক ক্ৰমে- টেৰছ গোৱালা আৰু সুৰেন ফুকন আহিছিল একেখন গাড়ীত, যিখন গাড়ী ৰখাই থোৱা হৈছিল সেই ন' পাৰ্কিং স্থানত। বিধায়কদ্বয়ক লৈ অহা গাড়ীৰ চালকজনেও ট্ৰেফিক আৰক্ষীৰ নিৰ্দেশ মানিবলৈ বিচৰা নাছিল।

ন' পাৰ্কিঙত ৰখাই থোৱা গাড়ীখনৰ নম্বৰ…

ন' পাৰ্কিঙত থকা গাড়ীখনৰ নম্বৰ আছিল এএছ০১ বিভি ০০০৫। সেই গাড়ীখনৰ এখন ফটো তুলিব বিচাৰিছিল ট্ৰেফিক কনিষ্টবল বিষ্ণু বৰাই। তাতেই হেনো সন্মান হানি হ'ল বিধায়কদ্বয়ৰ। গাড়ীৰ পৰা নামি দুলীয়াজানৰ বিধায়ক টেৰছ গোৱালাই চোঁচা লৈছিল কৰ্তব্যৰত ট্ৰেফিক আৰক্ষী কনিষ্টবল জনলৈ।

ফটো তুলিবলৈ লোৱা মোবাইলটো কাঢ়ি লৈ গতা মাৰি দিছিল বিষ্ণু বৰাক। পাৰিছিল অশ্লীল ভাষাৰে গালি। সুধিছিল- কোন চিনি পাইছানে নাই বুলি। নিজেই ভুল কৰি কৰ্তব্যৰত ট্ৰেফিক আৰক্ষীক এইদৰে শাৰিৰীকভাৱে অপদস্থ কৰিছিল বিধায়কগৰাকীয়ে।

ট্ৰেফিক কনিষ্টবল বিষ্ণু বৰা

সেই দৃশ্য চাই আছিল লগত থকা আনজন বিধায়ক সুৰেন ফুকনে। বিধায়ক টেৰছ গোৱালাৰ চালকজনেও গালি পাৰিছিল ট্ৰেফিক কনিষ্টবল জনক। তাৰ পাছত সেই স্থানৰ পৰা জোৰ জবৰদস্তি আঁতৰি যাব খুজিছিল বিধায়কদ্বয়।

এই অবাঞ্চিত ঘটনাত হতভম্ব হৈ পৰিছিল কনিষ্টবল বিষ্ণু বৰা। দীৰ্ঘ সময় ধৰি ন' পাৰ্কিঙত ৰখাই থোৱা গাড়ীখনৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ গৈয়েই ৰোষত পৰিছিল শাসকীয় দলৰ বিধায়কজনৰ। বিষ্ণু বৰাই সেই অভিজ্ঞতাৰ কৈ ক'লে- 'যথেষ্ট সময়ধৰি গাড়ীখন তাত ৰখাই থোৱা আছিল। কাৰ গাড়ী মই জনা নাছিলো। কিন্তু তেওঁলোকে আহিয়েই মোক শাৰিৰীকভাৱে অপদস্থ কৰিলে। মই নিয়ম অনুসৰি মোৰ দায়িত্ব পালনৰ চেষ্টা কৰিছিলো। এই পথটোত এনেদৰে বাটে পথে ন' পাৰ্কিং জ'নত গাড়ী ৰখাই থলে যথেষ্ট সমস্যা হয়। সেয়ে আমি স্কুল ছুটিৰ সময়খিনিত বিশেষভাৱে পথটো যাতে গাড়ী চলাচলত সুবিধা হয়, তাৰ প্ৰতি দৃষ্টি ৰাখো।'

কৰ্তব্যৰত ট্ৰেফিক আৰক্ষী কনিষ্টবলজনক বাধা দি সেই স্থানতেই ইউ টাৰ্ণ লৈ গাড়ীখন চানমাৰীৰ দিশে যাবলৈ চেষ্টা কৰোতে এই ঘটনা চাই থকা একাংশ লোকে আগভেটি ধৰিছিল গাড়ীখন। গাড়ীৰ পৰা নামি আহি ডিগবৈৰ বিধায়ক সুৰেন ফুকনে কিবা বুজাবলৈ চেষ্টা কৰিলেও ৰাইজে কিন্তু নেৰিলে তেওঁলোকক।

তাৰ পাছত সেই স্থানতে পুনৰ গাড়ীত লগাই দিয়া হ'ল হুইল ক্লেম লক। ইয়াৰ পাছত আৰু অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি। 'বিধায়কৰ গাড়ীত হুইল ক্লেম লগাবলৈ সাধাৰণ ট্ৰেফিক কনিষ্টবল তই কোন' বুলি তৰ্জন গৰ্জন কৰি আহিল বিধায়কজন আৰু চালকজন।

আৰক্ষীক কৰ্তব্যত বাধা, উভতি ধৰিলে ৰাইজে…

এজন দুজনকৈ সেই স্থানত উপস্থিত হলহি বহু মানুহ। ৰাইজৰ ৰূপ আৰু খং দেখি গাড়ীৰ দুৱাৰ বন্ধ কৰি ভিতৰত সোমাই থাকিল দুলীয়াজানৰ বিধায়ক টেৰছ গোৱালা। বুজি পাইছিল- কথা বিষম হ'ল। বিধায়কজন আৰু চালকজনে কিন্তু নেৰিলে তৰ্জন গৰ্জন। কৈ গ'ল- ইয়াৰ পৰিণাম ভয়াবহ হ'ব। এমএলএ ছাৰে সকলো শুনি আছে।

ঘটনাস্থলীত উপস্থিত হ'লহি যান বাহন শাখা আৰক্ষীৰ উচ্চপদস্থ বিষয়া। উপস্থিত ৰাইজেও ট্ৰেফিক আৰক্ষীক বাধা দিয়া বিধায়কজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী তুলিলে। নিয়ম অনুসৰিয়েই এজন উচ্চপদস্থ বিষয়াই জৰিমণাৰ চালান কাটিলে।

চালান কাটিলে বিধায়কৰ বাহনৰ…

সেই সময়তো কনিষ্টবল বিষ্ণু আৰু সেই স্থানত উপস্থিত থকা যান বাহন শাখাৰ প্ৰায় ১০ জন বিষয়া-কনিষ্টবলৰ বিৰুদ্ধে সৰৱ হৈ থাকিল টেৰছ গোৱালাৰ চালকজন। গাড়ীৰ ভিতৰত বহি থকা টেৰছ গোৱালাক ঘটনা সন্দৰ্ভত সুধিবলৈ কেইবাবাৰো চেষ্টা কৰাৰ পিছতো তেওঁ খুলি নিদিলে গাড়ীৰ দুৱাৰ।

কনিষ্টবলজনৰ আক্ষেপ- যথেষ্ট দুৰ্ব্যৱহাৰ কৰাৰ উপৰিও তেওঁৰ গাত হাত দিছে বিধায়কজনে। এনেদৰে প্ৰায় আধা ঘণ্টাৰো অধিক সময় গাড়ীৰ ভিতৰতে বহি থাকিল টেৰছ গোৱালা। আৰক্ষীয়ে জৰিমণা বিহাৰ ৰছিদ লিখি দিয়াৰ পাছত কনিষ্টবল বিষ্ণু বৰাক 'চাই লোৱাৰ' হুংকাৰ দিলে টেৰছ গোৱালাৰ চালকজনে।

ভিভিআইপি গাড়ীখনৰ ভিতৰতে দুৱাৰ মাৰি বহি থাকিল টেৰছ গোৱালা…

ঘটনা সন্দৰ্ভত সেই স্থানত উপস্থিত থকা যান বাহন শাখাৰ উপ পৰিদৰ্শকগৰাকীক সোধা হৈছিল- ট্ৰেফিক কনিষ্টবল বিষ্ণু বৰাৰ গাত বিধায়কজনে হাত দিয়া কথাটো সঁচা নে মিছা? বিষয়াগৰাকীয়ে সেই সময়ত তেওঁ ঘটনাস্থলীত উপস্থিত নাছিল বুলি বিষয়টো এৰাই চলিলেও আন উপস্থিত লোকে ক'লে- গতা মাৰি দিছিল টেৰছ গোৱালাই কনিষ্টবলজনক। আৰক্ষীয়ে জৰিমণা আদালতত জমা দিবলৈ দিয়া বুলি ক'লে বিষয়াগৰাকীয়ে।

সেই সময়ত উপস্থিত থকা লোকসকলে বিজেপিৰ বিধায়কৰ এনে দাদাগিৰি দেখি তবধ মানিলে। ন' পাৰ্কিঙত গাড়ী ৰখাই থৈ যোৱা বিধায়কজনে তাত গাড়ী ৰখোৱাত বাধা দিয়াৰ বাবে আৰক্ষীৰ গাত হাত তোলা কাৰ্যক ধিক্কাৰ দিলে। লগতে ক'লে- ভাল কাম কৰিছে এই কনিষ্টবল জনে। আইন সকলোৰে বাবে সমান। বিধায়কগিৰি সকলোতে নহয়।

কোনোমতে ক্ষোভিত ৰাইজৰ সন্মুখৰ পৰা জৰিমণা ভৰি উধাও হ'ল বিজেপিৰ দুই বিধায়ক টেৰছ গোৱালা আৰু সুৰেন ফুকন। ৰাইজে প্ৰশংসাৰে উপচায় দিলে সাহসী কনিষ্টবল বিষ্ণু বৰাক। দুই একে ক'লে- পুলিছে এনেদৰে নিৰপেক্ষভাৱে কাম কৰিলেহে ৰাইজৰ আস্থাভাজন হ'ব পাৰিব আৰক্ষী। অৱশ্যে চকু-মুখত শংকাৰ ভাৱ ফুটি উঠিল কনিষ্টবল বিষ্ণু বৰাৰ।

শংকিত বিষ্ণু বৰা, জানোছা…

বিষ্ণু বৰা নামৰ এই কনিষ্টবল জনৰ ঘৰ ডিব্ৰুগড়ত। কিছু বছৰৰ পূৰ্বে অসম আৰক্ষীত যোগদান কৰা বিষ্ণু তিতাবৰত থকা ৩নং অসম আৰক্ষী বেটেলিয়ানৰ জোৱান। ডেপুটেশ্যনত আহি মহানগৰীত যান বাহন শাখাত কৰ্মৰত বিষ্ণু এজন সৎ আৰক্ষী হিচাপে নাম আছে।

কৰ্তব্য সুচাৰুৰূপে সম্পাদনা কৰিবলৈ যোৱা বিষ্ণুক টেৰছ গোৱালাই দি গ'ল নানা অপযশ। সেই স্থানক উপস্থিত থকা প্ৰত্যক্ষদৰ্শীয়ে ক'লে- বৰ অভদ্ৰামী কৰি গ'ল এই কনিষ্টবলজনৰ সৈতে।এয়াই নেকি জনপ্ৰতিনিধিৰ ব্যৱহাৰ? নিজৰ ভুল স্বীকাৰ নকৰি আৰক্ষীক শাৰিৰীকভাৱে অপদস্থ কৰাৰ সাহস ক'ৰ পৰা পালে এইজন বিধায়কে?

যিখন গাড়ী সেই ন' পাৰ্কিং স্থানত ৰখাই থোৱা আছিল, সেই গাড়ীখন আছিল 'ক্ৰেটা চিআৰ বিআই' মডেলৰ।বঙা ৰঙৰ গাড়ীখনৰ গৰাকী কোন সেই সন্দৰ্ভত অনুসন্ধান কৰোতে গম পোৱা গ'ল- এই গাড়ীখনৰ মালিক হিচাপে আছে জয়ন্ত কুমাৰ দেউৰী। ৪ বছৰ ৬ মাহৰ পূৰ্বে ক্ৰয় কৰা হৈছিল এই বাহনখন। ২০১৫ চনৰ ২৮ আগষ্টত গাড়ীখন পঞ্জীয়ন কৰা হৈছিল কামৰূপ মহানগৰ পৰিবহন বিষয়াৰ কাৰ্যালয়ত।

গাড়ীখনৰ মালিক জয়ন্ত কুমাৰ দেউৰী…

ঘটনাস্থলীত মুখ নুখুলিলেও কিছু সময় পাছত যোগাযোগ কৰা হৈছিল বিধায়ক টেৰছ গোৱালাক। চানমাৰীত কিয় এনে পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু ট্ৰেফিক আৰক্ষীক কিয় তেওঁ শাৰিৰীকভাৱে অপদস্থ কৰিলে, সেই বিষয়ে জানিব বিচৰাত গোৱালাই ক'লে- আৰক্ষী কনিষ্টবলজনেহে তেওঁক হেনো দুৰ্ব্যৱহাৰ কৰিছে। ওভত মাত মাতি কিহৰ এমএলএ বুলি হেনো প্ৰশ্ন কৰিছিল। মানুহ মাতি গাড়ীখন ৰখাই জৰিমনা বিহিছিল।

প্ৰশ্ন হয়, তেনে পৰিৱেশ সৃষ্টি হোৱাৰ কাৰণ কি আছিল। কোনে মানি ল'ব এজন সাধাৰণ কনিষ্টবলে এজন বিধায়কক এনেদৰে অপদস্থ কৰা বুলি। নিজৰ দোষ ঢাকিবলৈ বিধায়কগৰাকীয়ে ক'লে মনে সজা কিছু কাহিনী। কিন্তু সকলো প্ৰত্যক্ষদৰ্শীয়েই দেখি আছিল তেওঁ কৰা দাদাগিৰি।

যি সময়ত যান বাহন আইন প্ৰযোজ্য কৰাৰ ক্ষেত্ৰত চৰকাৰ অতি কঠোৰ হৈছে, তেনেস্থলত এজন জন প্ৰতিনিধিৰ এনে আচৰণে চকু কপালত তুলিছে সাধাৰণ ৰাইজৰ। যান বাহনৰ নীতি নিয়ম মানি চলিম বুলি খোদ মুখ্যমন্ত্ৰীয়ে শপত লৈয়েই ঘোষণা কৰাৰ বিপৰীতে ৰাজপথত কৰ্তব্যৰত এজন যান বাহন শাখাৰ কনিষ্টবলক শাৰিৰীকভাৱে অপদস্থ কৰাৰ বিৰুদ্ধে ল'বনে মুখ্যমন্ত্ৰীয়ে কিবা ব্যৱস্থা?

সাধাৰণ লোক হোৱা হ'লে আৰক্ষীয়েও ৰুজু কৰিলেহেঁতন গোচৰ। কিন্তু এতিয়া কি হ'ব? টেৰছ গোৱালাৰ বিৰুদ্ধে কেৱল জৰিমণা বিহাতেই সকলো অন্ত পৰিব নেকি? নিস্বাৰ্থভাৱে আৰু সাহসেৰে কৰ্তব্য সম্পাদন কৰিবলৈ যোৱা এই আৰক্ষী কনিষ্টবলগৰাকী প্ৰতিশোধৰ বলি হ'ব নেকি? সেই নিশ্চয়তা দিব পাৰিবনে গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে।

ভাল কাম কৰা এনে সৰু মানুহবোৰৰ ক্ষেত্ৰত ভিভিআইপি সকলে সদায় চলায় দাদাগিৰি। তেওঁলোকৰ গালৈ দোষ ঠেলি নিজেই হয় ধোৱা তুলসীৰ পাত। কিন্তু ৰাইজৰ দৃষ্টিত নায়ক হৈ গ'ল বিষ্ণু বৰা আৰু খলনায়ক হৈ পৰিল এই জন প্ৰতিনিধি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in