ভুল ঢাকিবলৈ আৰু কি ভুল কৰিলে টেৰছ গোৱালাই…

ভুল ঢাকিবলৈ আৰু কি ভুল কৰিলে টেৰছ গোৱালাই…

● মৃদুল কুমাৰ সন্দিকৈ

ভুল হৈ যায়! ভুল স্বীকাৰ কৰি তেনে ভুল নকৰাৰ সংকল্প ল'লে মানুহ সৰু হৈ নাযায়। কিন্তু তাকে নকৰি এটা ভুল ঢাকিবলৈ আন এটা ভুল কৰিলে কথাবোৰ বাঢ়ি যায়। ২৫ ফেব্ৰুৱাৰী, ২০২০ত দুপৰীয়া সময়ত চানমাৰী গড়কাপ্তানী বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ সন্মুখৰ ন' পাৰ্কিং চাইন বোৰ্ড আঁৰি থোৱা স্থানত এজন বিধায়কে গাড়ী পাৰ্কিং কৰি থৈ যোৱাক লৈ কিছু অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হৈছিল।

ন' পাৰ্কিঙত ৰখাই থোৱা সেই ভিআইপিৰ গাড়ীখন

ন' পাৰ্কিং জ'নত এএছ০১ বিভি ০০০৫ নম্বৰৰ হুণ্ডাই ক্ৰেটা গাড়ীখন দীৰ্ঘ সময় ধৰি ৰখাই থোৱাৰ বাবে যান বাহন শাখাৰ আৰক্ষীয়ে নিয়ম অনুসৰিয়েই গাড়ীখনত হুইল ক্লেম লক লগাই দিছিল। যান বাহন শাখাৰ আৰক্ষীৰ এই কাৰ্যত ক্ষোভিত হৈ পৰি এগৰাকী জনপ্ৰতিনিধিয়ে আৰক্ষী গৰাকীক দুৰ্ব্যৱহাৰ কৰা আৰু শাৰিৰীকভাৱে অপদস্থ কৰাৰ অভিযোগ উঠিছিল।

গাড়ীখনত ৩জনকৈ শাসকীয় দলৰ বিধায়ক ক্ৰমে- সুৰেন ফুকন, টেৰছ গোৱালা আৰু চক্ৰ গগৈ আছিল। যান বাহন শাখাৰ আৰক্ষীৰ এজন কনিষ্টবলে মোবাইলেৰে ফটো তোলাত আপত্তি দৰ্শাই বিধায়ক টেৰছ গোৱালাই তেওঁক বাধা দিয়া বুলি উল্লেখ কৰিছে ইতিমধ্যে।

সাধাৰণতে এনেধৰণে যান বাহনত হুইল ক্লেম লক লগালে একোখন ফটো তুলি থয়। এই কাৰ্যত আৰক্ষীক বাধা দি শাৰিৰীকভাৱে অপদস্থ কৰাৰ দৃশ্য কিছু উপস্থিত লোকে প্ৰত্যক্ষ কৰাৰ পাছত বিধায়কৰ গাড়ীখনক বাধা দি কিয় আৰক্ষীৰ লগত এনে ব্যৱহাৰ কৰা হৈছে বুলি প্ৰশ্ন কৰিছিল।

ইতিমধ্যে চৰ্চিত হৈ পৰা এই খবৰৰ পাছত দুলীয়াজানৰ বিধায়ক টেৰছ গোৱালাই অভিযোগ কৰিছে যে সেইদিনা আচলতে তেওঁ আৰক্ষীক অপদস্থ কৰা নাছিল। ইয়াৰ বিপৰীতে যান বাহন শাখাৰ আৰক্ষীয়েহে তেওঁক অশ্ৰাব্য ভাষাত গালি গালাজ কৰা বুলি অভিযোগ তুলি যান বাহন শাখাৰ কৰ্তব্য পালন কৰা বিষয়া-কনিষ্টবলৰ বিৰুদ্ধে উৰ্ধ্বতন কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিলে।

এই ঘটনা সন্দৰ্ভত টেৰছ গোৱালাই কয়, 'অসমৰ মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহত বিধায়িনী দলৰ বৈঠক হৈছিল, এই বৈঠক শেষ কৰাৰ পাছত আমি যিবোৰ সমষ্টিত ৰাস্তাৰ কাম চলি আছে, সেই সম্পৰ্কে কথা পাতিবলৈ মই, ডিগবৈৰ বিধায়্ক সুৰেন ফুকন আৰু মৰান সমষ্টিৰ বিধায়ক চক্ৰ গগৈ ডাঙৰীয়াই একেখন গাড়ীৰে আমি চানমাৰীত থকা পি ডব্লিউ ডিৰ ছীফ ইঞ্জিনিয়াৰক লগ পাবলৈ গৈছিলো। লগ পাবলৈ যাওতে আমি দেখিলো কেম্পাছত যথেষ্ট গাড়ী সোমাই আছে, সেইবাবে আমাৰ ড্ৰাইভাৰে অন্যান্য গাড়ী যিদৰে ৰখাই থোৱা আছিল, তাৰ পিছফালে গাড়ীখন ৰখাই দিলে।'

এইখিনিলৈকে ঠিকেই আছে। কিবা কাৰণত গাড়ীখন তাতে ৰখালে আৰু নৰখাব লগা ঠাইত গাড়ীখন ৰখোৱাৰ বাবে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিলে। যান বাহন শাখাৰ আৰক্ষীৰ এয়া দায়িত্ব। এখন গাড়ীৰ বাবে সেই পথেৰে অহা যোৱা কৰা আন সাধাৰণ কিমান লোক সমস্যাত ভূগিব পাৰে, সেই কথা তথাকথিত এইসকল ভিভিআইপিয়ে বুজি নাপাবও পাৰে।

স্পষ্টীকৰণ দি টেৰছ গোৱালাই কৈছিল- 'কাম কৰি আহি আমাৰ গাড়ীৰ চকাটোত তলা মৰা দেখা পাই সোধপোছ কৰি গম পালো, পুলিছে লগাইছে। পিছফালে দেখা পালো এখন পুলিছৰ গাড়ী আছিল। আমি বিষয়াগৰাকীক আমাৰ ড্ৰাইভাৰ আৰু সুৰেন দাই ক'লে যে গাড়ীটো আমাৰ হয়, আমি বিধায়ক হয়, কি কৰিব এতিয়া? যদি ফাইন কাটিলে কাটক, নহ'লে গাড়ীৰ চকাটো খুলি দিয়ক আমি যাও। বিষয়াগৰাকীয়ে এইটো ব্যৱস্থা গ্ৰহণ কৰি থাকোতেই অন্য এগৰাকী কনিষ্টবল হয় নেকি নাজানো, তেওঁৰ নাম বিষ্ণু বৰাই ভিডিঅ' কৰিবলৈ আৰম্ভ কৰে। আমি মানা কৰিলো, ভিডিঅ' কেলেই কৰিব লাগে, যি পেনাল্টি আছে আমি দিম। সেই কথাটো চেটেল হোৱাৰ পিছত আমাক খুলি দিলে আৰু …'

ঘটনাস্থলীত সেইদিনা বিধায়ক সুৰেন ফুকন…

টেৰছ গোৱালাই কোৱাৰ দৰে সেইদিনা কনিষ্টবলজনে কোনো ভিডিঅ' কৰা নাছিল। তেওঁ কেৱল গাড়ীখন খুলি দিয়াৰ পূৰ্বে এখন ফটো তুলিব বিচাৰিছিল। কিন্তু তাতেই খং খাই শাৰিৰীকভাৱে সেই কনিষ্টবলজনক গতা মাৰি দি ৰাজপথত দাদাগিৰি দেখুওৱা বুলি অভিযোগ তুলিছিল টেৰছ গোৱালাৰ বিৰুদ্ধে।

সেই স্থানত উপস্থিত থকা প্ৰত্যক্ষদৰ্শীৰ মতে, আৰক্ষীয়ে বিধায়কৰ গাড়ী বুলি জানিব পাৰি গাড়ীখন এৰি দিব বিচাৰিছিল। কিন্তু এখন ফটো ৰখাব বিচাৰিছিল। তাত ভুল ক'ত? কিহৰ বাবে তেওঁক এই বাধা দিলে টেৰছ গোৱালাই? ফটো এখন তোলাটো অপৰাধ নে গাড়ীখন ন' পাৰ্কিঙত প্ৰায় এঘণ্টা ধৰি ৰখাই থোৱাটো প্ৰকৃততে অপৰাধ আছিল?

যান বাহন শাখাৰ যিজন কনিষ্টবলক বিধায়ক গোৱালাই অপদস্থ কৰিছিল, তেওঁৰ ভাষ্য আছিল এনেধৰণৰ- 'প্ৰায় এঘণ্টা সময়ধৰি গাড়ীখন ৰখাই থোৱা আছিল। কাৰ গাড়ী আমি জনা নাছিলো। তাৰ পাছত বিধায়কৰ পৰিচয় দি তেওঁলোকে গাড়ীখন লৈ যাব বিচাৰিলে। খুলি দিয়া হৈছিল। এখন ফটো তুলিছিলো। তেওঁ আহি মোক শাৰিৰীকভাৱে অপদস্থ কৰিলে আৰু ইমান অবাইচ ভাষাৰে গালি গালাজ কৰিলে যে পাব্লিকেই গাড়ীখন সেই স্থানৰ পৰা নিয়াত বাধা দি জৰিমণা বিহিবলৈ বাধ্য কৰালে।'

সেইদিনা কৰ্তব্যত যান বাহন শাখাৰ কনিষ্টবল বিষ্ণু বৰা…

টেৰছ গোৱালাৰ মতে, 'কথাটো চেটেল হোৱাৰ পাছত আমাক খুলি দিলে, আমি ঘূৰি আহোতে খেদি আহিলে ৪ গৰাকী পুলিছ কনিষ্টবলে। আমাক আগুচি ধৰি আমাৰ চকাত পুনৰ লক লগাই দিলে। আমাক তাৰ পাছত বিভিন্ন অসমীয়া অশ্লীল জাতীয় শব্দৰে আমাক সম্বোধন কৰিছে আৰু মিডিয়াক মাতিছে…।'

টেৰছ গোৱালা ডাঙৰীয়াই এই কথা ঠিকেই ক'লে যে কথাটো চেটেল হোৱাৰ পিছত আমাক খুলি দিলে। কিন্তু আমি ঘূৰি আহোতে পুনৰ আমাৰ চকাত লক কৰি দিলে। এয়া তেওঁৰ কথা। যদি সমস্যাটোৰ সমাধান হৈছিলেই তেনেহ'লে ট্ৰেফিক আৰক্ষী কেইগৰাকীয়ে ৩জন শাসকীয় দলৰ বিধায়কক পুনৰ খেদি গৈ চকাটো লক কৰি দিব লগা পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল বুলি সাধাৰণ লোকে মানি ল'ব পাৰেনে?

স্থানীয় প্ৰত্যক্ষদৰ্শীক এই সন্দৰ্ভত সোধপোছ কৰি জানিব পৰা গৈছিল যে আৰক্ষী কনিষ্টবলজনক ফটো তোলাৰ বাবে যথেষ্ট গালি গালাজ কৰা হৈছিল। সেই সময়ত দ্বিতীয়বাৰৰ বাবে গাড়ীখন লক কৰি দিয়াৰ পাছত কিহৰ বাবে টেৰছ গোৱালাই গাড়ীৰ ভিতৰত বহি আত্মগোপন কৰিবলগা হৈছিল? এগৰাকী বিধায়ক হিচাপে তেওঁ এই কথা স্বীকাৰ কৰক যে আৰক্ষীৰ কৰ্তব্যত বাধা দিয়াৰ বাবে তেওঁ এই অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হ'ল।

ঘটনাস্থলীৰ পৰা তেওঁলোকৰ বাহন যোৱালৈকে প্ৰায় ডেৰ ঘণ্টাৰো অধিক সময় সেই স্থানত কোনো সাংবাদিকেই উপস্থিত নাছিল। কাকতালিয়ভাৱে এজন প্ৰত্যক্ষদৰ্শীয়েহে সেই স্থানত এনে এক ঘটনা সংঘটিত হৈ থকা বুলি খবৰ দিয়াত সেই সময়ত খৰ খেদাকৈ তাত উপস্থিত হৈ টেৰছ গোৱালা ডাঙৰীয়াক কি হৈছে বুলি জানিব বিচৰা হৈছিল। কিন্তু তেখেতে গাড়ীৰ দুৱাৰ বন্ধ কৰি ভিতৰতে বহি থাকিল। সংবাদ মাধ্যমক পুলিছে মতা কথাটো এটা মনে সজা কথা আৰু আৰক্ষীয়ে কোনো ভিডিঅ' কৰা নাছিল। দুখনমান ফটোহে মাৰিছিল।

টেৰছ গোৱালাই ইয়াৰ পাছত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল, ক'লা গ্লাছ লগোৱা গাড়ীৰ ভিতৰত বহি থাকি কেনেদৰে গম পাইছিল? তেওঁৰ চালকজনে 'এমএলএয়ে চাই আছে সব' বুলি ট্ৰেফিকৰ কনিষ্টবল-বিষয়াকহে হুমকি দিয়াৰ চেষ্টা চলাইছিল। কিন্তু অতি ভদ্ৰভাৱে যান বাহন শাখাৰ আৰক্ষীয়ে পালন কৰিছিল নিজৰ দায়িত্ব, কাটিছিল জৰিমণা।

যান বাহন শাখাৰ আৰক্ষীৰ বিৰুদ্ধে সৰৱ হৈ টেৰছ গোৱালাই পৰৱৰ্তী সময়ত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছিল- '…আৰু যি সকল পথচাৰী আছিল, তেওঁলোকক ৰখাই কৈছিল যে আজি বিধায়কসকলৰ আমি খেল দেখাম। সোনকালে সোনকালে আহিব লাগে বুলি চিঞৰি আছিল। আৰু তেতিয়া সুৰেন ফুকন ডাঙৰীয়াই গাড়ীৰ পৰা নামিলে আৰু ক'লে ভাই মিডিয়াক কেলেই মাতিব লাগে। এগৰাকী দীঘল দাঢ়ি থকা লোকে মই কৈছো এইটো ইছলামিক গোটৰ কোনোবা হয়, মোৰ ফালে হেলমেট দেখুৱাইছে আৰু কৈছে যে- এই বিজেপি বিধায়কসকলক মাৰি পেলাব লাগে, তেওঁলোকৰ গুণ্ডাগিৰি বেছি হৈছে, তেওঁলোকক আজি সুযোগ পাইছো, কিবা এটা কৰিব লাগে…।'

ক'ৰ পৰা নি ঘটনাক ক'ৰ সৈতে সংযোগ ঘটালে বিধায়কগৰাকীয়ে। যান বাহন সম্পৰ্কীয় এটা ঘটনাক তেওঁ মৌলবাদী শক্তিৰ সৈতে সংযুক্ত কৰি এজন সাধাৰণ নাগৰিকক সাঙুৰি কোৱা এই কথাবোৰ অতি হাস্যকৰ। নিজক বচাবলৈ ট্ৰেফিক আৰক্ষীৰ সন্মুখত তৰ্জন গৰ্জন কৰাৰ পাছত সৃষ্টি হোৱা প্ৰতিক্ৰিয়া ঢাকিবলৈ কৰা এয়া এখন নাটকৰ বাহিৰে আন কি হ'ব পাৰে?

সেই সময়ত ক'লা গ্লাচৰ গাড়ীৰ ভিতৰত সোমাই আছিল বিধায়কগৰাকী। তেওঁ কোৱাৰ দৰে আমি সমগ্ৰ ভিডিঅ'টো পৰীক্ষা কৰি এজনেই তাত দীঘল দাঢ়ি থকা লোকক দেখা পাইছিলো। কিন্তু তেওঁৰ হাতত হেলমেট নাছিল আৰু তেওঁ কোনো ধৰণৰ প্ৰতিক্ৰিয়াই দিয়া নাছিল।

এজন জন প্ৰতিনিধিৰ মুখত এনে কথা…

এই কথাটো হেনো গম পায়েই বিধায়ক টেৰছ গোৱালাই মুখ্যমন্ত্ৰীৰ অ' এছ ডিলৈ ফোন কৰিছিল। 'মুকুল দাক ফোন কৰিলো, তেওঁ লগে লগে ডিপাৰ্টমেন্টক কথাটো জনাই দিলে, মই প্ৰকাশ কাশ্যপক ফোন কৰিছো, নাই পোৱা। চন্দ্ৰ মোহন পাটোৱাৰীৰ অ'এছডিকো ফোন কৰিছো। আমি ভয় খালো, কিবা কাৰণত যদি পূৰ্ব পৰিকল্পিত প্লেন কৰি থৈছে, তেনেহ'লে আমাৰ যিকোনো ঘটনা ঘটিব পাৰে। সেইকাৰণে আমি লগে লগে যাক যেনেকৈ পাৰো যোগাযোগ কৰিছো। অলপ পাছতে কিবা এটা খবৰ আহিল চাগে, তাৰে দুজনমান বিষয়া আহি আমাৰ লকটো খুলি দিলে…।'

খবৰ একো অহা নাছিল। নিয়ম অনুসৰি আৰক্ষীয়ে জৰিমণা বিহি আদালতত সেই জৰিমণা দিবলৈ কৈ যাবলৈ দিছিল বাহনখনক। আৰু তেতিয়া আপুনি বহি আছিল গাড়ীৰ ভিতৰত। আপোনাৰ গাড়ী চালকে বাহিৰত তৰ্জন গৰ্জন কৰি আছিল।

আৰক্ষীয়ে এনেদৰে বিহিছিল জৰিমণা…

এই ঘটনাৰ পাছতে কি হৈছিল জানিবলৈ যোগাযোগ কৰা হৈছিল টেৰছ গোৱালাক। তেওঁ কৈছিল- ৩ গৰাকী বিধায়ক গড়কাপ্তানী বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়লৈ অহাৰ কথা। পৰিস্থিতি সন্দৰ্ভত আৰক্ষীকেই জগৰীয়া কৰিছিল যদিও কোৱা নাছিল কোনো লোকে তেওঁক হত্যাৰ ভাবুকি দিয়াৰ কথা। কেৱল কৈছিল- পুলিছেহে তেওঁক বেয়া ব্যৱহাৰ কৰিছে। সৰ্বদিশে এই ঘটনাক ধিক্কাৰ দিয়াৰ পাছত এনে অপবাদেৰে নিজক ৰক্ষা কৰাৰ চেষ্টা কিয় চলালে আপুনি?

বিধায়কগৰাকীয়ে লগতে জনাইছিল, এই পৰিস্থিতিৰ মাজতে আন এখন গাড়ীৰে সেই ঠাই ত্যাগ কৰিছিল বিধায়ক চক্ৰ গগৈয়ে। গাড়ীৰ পৰা নামি বাহিৰত আছিল সুৰেন ফুকন। কিন্তু বিধায়ক টেৰছ গোৱালাই গাড়ীৰ ভিতৰত কিয় আত্মগোপন কৰিব লগা হৈছিল?

মুখ্যমন্ত্ৰীৰ কৰ্তব্যৰত বিষয়াকে ধৰি বহু বিষয়াৰ সৈতে বিধায়কগৰাকীয়ে যোগাযোগ কৰাৰ কথা কৈছে। আচলতে সেই সময়ত ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ চেষ্টা কৰিছিল এই বিধায়কগৰাকীয়ে। বিধায়কসকলৰ বাবে নিৰাপত্তাৰক্ষীৰ ব্যৱস্থা থাকে। কিয় অনা নাছিল লগত নিৰাপত্তাৰক্ষীয়ে? ৩জন বিধায়কে একেলগে গড়কাপ্তানী বিভাগৰ কাৰ্যালয়লৈ সঘন আহ যাহ কৰাৰ কাহিনী কি?

ইয়ালৈকে আহিছিল ৩ বিধায়ক…

আমি খবৰ লৈছিলো গড়কাপ্তানী বিভাগৰ কাৰ্যালয়ত। কিয় গৈছিল তেওঁলোক তালৈ? মুখ খুলি কোনেও একো নক'লেও যি ইংগিত দিলে তাতেই বুজি পোৱা বহু কথা লুকাই থাকিল। সেইদিনা বাট পথৰ কথা ক'বলৈ গড়কাপ্তানী বিভাগৰ বিল্ডিঙৰ মুখ্য অভিযন্তাক কিয় সাক্ষাৎ কৰিছিল তেওঁলোকে? বিধায়কগৰাকীয়ে কৈছিল- গড়কাপ্তানী বিভাগৰ কাৰ্যালয়লৈ তেওঁলোকে বাট পথৰ কথা ক'বলৈ গৈছিল।

এই তৎপৰতা ৰাইজৰ বাবে নে ব্যক্তিগত স্বাৰ্থত, সেয়াও এক বিচাৰ্য্য বিষয়। মুখ্যমন্ত্ৰীয়ে বিচাৰ কৰক, বিধায়কসকলে কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰি ৰাইজৰ কাম কৰে নে আন কোনো বিষয়া কৰ্মচাৰীক হেঁচা প্ৰয়োগৰ বাবে এইদৰে তাঁতবাতি কাঢ়ে।

এইগৰাকী বিষয়াক লগ কৰিবলৈ তেওঁলোক গৈছিল সেইদিনা…

প্ৰায়ে হেনো কিছু কিছু বিধায়ক অহা যোৱা কৰে সেই কাৰ্যালয়লৈ। অনিচ্ছাকৃত ভাৱেও এই কথা যাতে মিছা বুলি ক'ব নোৱাৰে, সেয়েহে এগৰাকী গড়কাপ্তানী বিভাগৰ বিল্ডিং শাখাৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ৰ সহায়কৰ ভাষ্য এয়া। তেওঁ কৈছিল বিধায়ককেইজন যোৱাৰ কথা। কিয় আহিছিল, তেওঁ সেয়া নাজানে। কিন্তু যোৱাৰ কথা স্বীকাৰ কৰিছিল। টেৰছ গোৱালাই কোৱাৰ দৰে তেওঁলোকে বাট পথৰ কথা ক'বলৈ এইগৰাকী বিষয়াক লগ কৰাৰ প্ৰয়োজন আছিলনে? কিয়নো গড়কাপ্তানী বিভাগৰ এগৰাকী পৃথক মুখ্য অভিযন্তা থাকে।

এয়াই হৈছে সত্য। টেৰছ গোৱালা আৰু বিধায়কসকলে আৰু এটা কথা হয়তো মন নকৰিলে, তেওঁলোকে এতিয়াও চাই লওঁক, ক'ত তেওঁলোকে গাড়ীখন ৰখাইছিল। এনেয়েও সেই স্থানত যান বাহন ৰখোৱাৰ অনুমতি দিয়া হোৱা নাই। তাৰ উপৰিও সেই স্থানত চলি আছে নৰ্দমা নিৰ্মাণৰ কাম। তেনেস্থলত সেই স্থানত এখন বাহন ৰখাই থলে কি পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, সেই কথা বুজাৰ অৱকাশ কিয় টেৰছ গোৱালাসহ ৩ বিধায়কৰ নহ'ল?

যি স্থানত বাহনখন ৰাখিছিল, তাৰ সমীপতে চলি আছে কাম…

ট্ৰেফিক কনিষ্টবল তথা বিষয়াৰ বিৰুদ্ধে অভিযোগ দাখিল কৰি মৌলবাদী শক্তিক এই ঘটনাৰ সৈতে সংযোগ কৰি টেৰছ গোৱালাই জানো মানুহৰ মনৰ পৰা মচি দিব পাৰিব- সেয়া তেওঁ ভুল কৰা নাছিল? যান বাহন শাখাৰ এগৰাকী কনিষ্টবলক শাৰিৰীকভাৱে অপদস্থ কৰি নিজৰ দোষ ঢাকিবলৈ তেওঁ এনে এখন নতুন নাটক ৰচাতকৈ ভুল স্বীকাৰ কৰি লোৱা হ'লে অন্ততঃ ৰাইজে বুজি পালেহেঁতেন- ভুল হৈ যায়। ভুলৰ শুধৰণি আছে।

চাইকেল লৈ বিধানসভালৈ অহা যোৱা কৰা আৰু মানুহে অতি সহজ সৰল বুলি ভৱা টেৰছ গোৱালাই আচলতে নিজৰ পৰিচয় নিজেই দি দিলে। লগতে নিৰাপত্তা নোলোৱাকৈ কাৰ্যালয়ে কাৰ্যালয়ে ঘূৰি এচাম বিধায়কে কি কৰে, সেই কথাও বুজাৰ অৱকাশ ৰাইজক দি গ'ল। ইমানৰ পাছতো তেওঁ কেনেকৈ ভাৱিব- খোল খাই পৰা নাই এইসকল জন প্ৰতিনিধিৰ মুখা…।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in