নিৰ্দয় মানুহৰ অত্যাচাৰত বৰপেটাত অপমৃত্যু হাজাৰ হাজাৰ কপৌ চৰাইৰ...

নিৰ্দয় মানুহৰ অত্যাচাৰত বৰপেটাত অপমৃত্যু হাজাৰ হাজাৰ কপৌ চৰাইৰ...

author-image
Asomiya Pratidin
New Update
নিৰ্দয় মানুহৰ অত্যাচাৰত বৰপেটাত অপমৃত্যু হাজাৰ হাজাৰ কপৌ চৰাইৰ...

নিৰ্দয় মানুহৰ অত্যাচাৰত বৰপেটাত অপমৃত্যু হাজাৰ হাজাৰ কপৌ চৰাইৰ...

ডিজিটেল ডেস্কঃ কেমেৰাৰ সন্মুখতে মৰিছে হাজাৰ হাজাৰ কপৌ চৰাই। নিৰ্দয় মানুহৰ অত্যাচাৰত প্ৰাণ হেৰুৱাইছে নিস্পাপ কপৌৰ জাকে। এই ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ জনীয়াত।

Advertisment

জনীয়াৰ মহম্মদপুৰত এজন খেতিয়কে নিজৰ খেতিপথাৰত খাদ্যৰ সৈতে বিষ মিহলাই চৰাইৰ বাবে চটিয়াই দিছে। ফলত এই বিষ মহিলি হৈ থকা খাদ্য খাই মৃত্যুৰ মুখত পৰিছে অসংখ্য কপৌ চৰাই।

এই সন্দৰ্ভত এজন যুৱকে জানিবলৈ দিয়া মতে, তেওঁ নিজৰ ঘৰৰ চৌহদৰ লগতে কাষৰ অঞ্চলত চৰাইবোৰ উৰি উৰি গৈ পৰি যোৱা দৃশ্য প্ৰত্যক্ষ কৰে। তাৰ পাছতে ঘটনাৰ উৎস বিচাৰি জানিবলৈ পাই তেওঁলোকৰ গাঁৱৰে হিকমত আলী আৰু তেওঁৰ দুই পুত্ৰ নাগৰ আৰু সাগৰে তেওঁলোকৰ খেতি পথাৰ চৰাইৰ পৰা ৰক্ষা কৰিবলৈ এইদৰে বিষ মিহলাই খাদ্য খিচি দিছে।

এই খাদ্য খাই হাজাৰ হাজাৰ কপৌ চৰাইৰ মৃত্যু হৈছে। ঘটনাৰ বিষয়ে সবিশেষ জানিব পাৰি স্থানীয় লোক আৰু প্ৰকৃতিপ্ৰেমিয়ে এনে কাৰ্যৰ পৰা হিকমত আলীৰ লগতে তেওঁৰ দুই পুত্ৰ সাগৰ আৰু নাগৰক বিৰত থাকিবলৈ আহ্বান জনাইছিল।

কিন্তু স্থানীয় লোকৰ বাধাক আওকান কৰি তেওঁলোকে এনে কাৰ্য সংঘটিত কৰিলে। এতিয়া অঞ্চলটোত বিষযুক্ত খাদ্য খাই উৰি উৰি আহি কপৌ চৰাইবোৰ হঠাৎ মাটিত বাগৰি পৰা আৰু তাৰ পাছতে মৃত্যু হোৱাৰ দৃশ্য সুলভ হৈ পৰিছে।

যি দৃশ্যই মৰ্মাহত কৰি তুলিছে স্থানীয় ৰাইজৰ লগতে প্ৰকৃতিপ্ৰেমিক। সেয়েহে সকলোৱে এই নিৰ্মম কাৰ্য সংঘটিত কৰা লোককেইজনৰ বিৰুদ্ধে শীঘ্ৰেই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

প্ৰশাসনক সঠিক তদন্তৰে অভিযুক্তক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণৰো দাবী উত্থাপন হৈছে। আনহাতে এইদৰে অপমৃত্যু হোৱাৰ পৰা পক্ষীকুলক ৰক্ষা কৰাৰো দাবী জনাইছে।

Also Read: ইউক্ৰেইন নহয়, এইবাৰ ছিৰিয়াত আক্ৰমণ কৰিলে ৰাছিয়াই...

কপৌ চৰাই