Advertisment

চাহ আসক্তসকল সাৱধান হওঁক, গৱেষণাত পোহলৈ আহিছে ভয়ংকৰ তথ্য

চাহ ভাৰতীয় সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। প্ৰায় প্ৰতিখন ঘৰত দৈনিক চাহ বনোৱা হয়। চাহ ছেকিবলৈ আমি ছেকনীৰ ব্যৱহাৰ কৰো।কিন্তু আপুনি জানি আচৰিত হ'ব যে, চাহ ছেকিবলৈ ব্যৱহাৰ কৰা ছেকনীখন কৰ্কট ৰোগৰ অন্যতম কাৰক।

author-image
Asomiya Pratidin
New Update
cancer

ডিজিটেল ডেস্ক: চাহ ভাৰতীয় সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ। প্ৰায় প্ৰতিখন ঘৰত দৈনিক চাহ বনোৱা হয় আৰু চাহ ছেকিবলৈ আমি ছেকনীৰ ব্যৱহাৰ কৰো।কিন্তু আপুনি জানি আচৰিত হ'ব যে, চাহ ছেকিবলৈ ব্যৱহাৰ কৰা ছেকনীখন কৰ্কট ৰোগৰ অন্যতম কাৰক।আজি এই বিষয়ে জানো আহক- 

Advertisment

ভাৰতত চাহ খোৱাৰ প্ৰথা বহুত পুৰণি আৰু প্ৰায় সকলোৰে ঘৰত গোটেই দিনটো চাহ তৈয়াৰ কৰা হয়। চাহ বনোৱাৰ পিছত আমি চাহ ছেকিবলৈ প্লাষ্টিক, ষ্টীল বা চিলিকনৰ ছেকনী ব্যৱহাৰ কৰো। বহুতেই আকৌ চাহ ছেকিবলৈ সস্তীয়া আৰু নিম্ন মানদণ্ডৰ প্লাষ্টিকৰ ছেকনী ব্যৱহাৰ কৰে, যি স্বাস্থ্যৰ বাবে অত্যন্ত বিপদজনক হ'ব পাৰে।

আমেৰিকান কেমিকেল ছ'চাইটিৰ জাৰ্নেল অৱ এনভায়ৰনমেণ্টেল চাইন্স এণ্ড টেকন'লজীত প্ৰকাশিত এক অধ্যয়নত স্পষ্ট হৈছে যে প্লাষ্টিক ছেকনীত থকা মাইক্ৰ'প্লাষ্টিক আৰু নেনোপ্লাষ্টিকৰ দৰে বিপদজনক আণুবীক্ষণিক কণাবোৰ চাহত দ্ৰৱীভূত হৈ শৰীৰত প্ৰৱেশ কৰে। যাৰ ফলত কৰ্কট ৰোগৰ আশংকা বৃদ্ধি হয়।

প্ৰকৃততে, নিম্ন মানদণ্ডৰ প্লাষ্টিক ছেকনীত বহু ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ আৰু প্লাষ্টিক উপাদান থাকে। যেতিয়া গৰম চাহ সেই ছেকনীৰ মাজেৰে পাৰ হয়, ছেকনীৰ প্লাষ্টিকৰ পৰা এই ক্ষতিকাৰক উপাদানবোৰ চাহত গলি দ্ৰৱীভূত হয়। এই উপাদানবোৰ সেৱন কৰাৰ ফলত শৰীৰত বিপদজনক প্ৰভাৱ পৰে। বিশেষকৈ প্লাষ্টিকৰ ছেকনীত গৰম চাহ ঢালিলে ই দ্ৰুতগতিত গলিবলৈ আৰম্ভ কৰে, আৰু ইয়াৰ পৰা মাইক্ৰ'প্লাষ্টিক উপাদানবোৰ মুকলি হৈ চাহত মিহলি হয়। যদি এই চাহ পান কৰা হয়, ই পোনপটীয়াকৈ শৰীৰত প্ৰৱেশ কৰে আৰু শৰীৰৰ অংগত জমা হৈ কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে।

কোনবোৰ ছেকনী সুৰক্ষিত?

ষ্টেইনলেছ ষ্টীল বা পিতলৰ  ছেকনী প্লাষ্টিক ফিল্টাৰতকৈ সুৰক্ষিত বুলি গণ্য কৰা হয়। এই ছেকনীবোৰ উচ্চ মানদণ্ডৰ ধাতুৰে নিৰ্মাণ কৰা হয়,যি গৰম চাহৰ সংস্পৰ্শলৈ আহিলে ক্ষতি নকৰে। তদুপৰি, ষ্টেইনলেছ ষ্টীল বা পিতলৰ ছেকনী দীঘলীয়া সময়ৰ বাবে ব্যৱহাৰ কৰিব পাৰি আৰু স্বাস্থ্যৰ বাবে সুৰক্ষিত।ছেকনীবোৰ নিয়মীয়াকৈ পৰিস্কাৰ কৰাটোও খুব জৰুৰী।

Also Read: বহু স্বাস্থ্য সমস্যাৰ সমাধান দিয়ে নিমখীয়া কফিয়ে