শৈৱপীঠ নাগশংকৰ মন্দিৰত বিশ্ব কাছ দিৱস পালন

আজি বিশ্ব কাছ দিৱস৷ শোণিতপুৰ জিলাৰ শৈৱপীঠ নাগশংকৰ দেৱালয় কাছৰ বাবেই বিখ্যাত৷ এই নাগশংকৰ দেৱালয়ৰ বৃহৎ পুখুৰীতেই সংৰক্ষণ হৈ আছে ১৯ টা প্ৰজাতিৰ কাছ৷

author-image
Tushar Pratim
New Update
শৈৱপীঠ নাগশংকৰ মন্দিৰত বিশ্ব কাছ দিৱস পালন

ডিজিটেল সংবাদ জামুগুৰিহাটঃ আজি বিশ্ব কাছ দিৱস৷ শোণিতপুৰ জিলাৰ শৈৱপীঠ নাগশংকৰ দেৱালয় কাছৰ বাবেই বিখ্যাত৷ এই নাগশংকৰ দেৱালয়ৰ বৃহৎ পুখুৰীতেই সংৰক্ষণ হৈ আছে ১৯ টা প্ৰজাতিৰ কাছ৷

এই কাছসমূহে শৈৱপীঠখনৰ সৌন্দৰ্য বৃদ্ধি কৰি আহিছে৷ আজি বিশ্ব কাছ দিৱস উপলক্ষে এই নাগশংকৰ দেৱালয় চৌহদতে পালন কৰা হয় বিশ্ব কাছ দিৱস৷

বনবিভাগ, টি এছ এ ইণ্ডিয়া আৰু নাগশংকৰ মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰণ্যক আৰু ডব্লিউ ডব্লিউ এফৰ সহযোগত অনুষ্ঠিত এই অনুষ্ঠানত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক ড০ সোণালী ঘোষৰ লগতে বন বিভাগৰ উচ্চপদস্থ বিষয়াসকলো উপস্থিত থাকে। 

উপস্থিত শীৰ্ষ বিষয়াসকলে কাছ সংৰক্ষণৰ ওপৰত বক্তব্য প্ৰদান কৰে৷ কাছ সংৰক্ষণৰ ওপৰতেই এই অনুষ্ঠানতে কাছৰ ওপৰতে তৈয়াৰ কৰা এক দিহানামো পৰিৱেশন কৰে স্থানীয় মহিলাসকলে৷ 

জামুগুৰিহাট কাছ