/asomiyapratidin/media/media_files/2025/09/15/whatsapp-i-2025-09-15-12-26-37.jpeg)
ডিজিটেল সংবাদ,জামুগুৰিহাটঃ পাহাৰীয়া নদীৰ বানৰ কবলত শোণিতপুৰৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও। পাহাৰীয়া নদীৰ বাঢ়নী পানীত বুৰ গ'ল চপালগা, বগীজুলি,দোৱাঙনি, দক্ষিনখিলাকে ধৰি কেইবাখনো গাঁও।
যোৱা নিশাৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰীয়া নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ ফলত জলমগ্ন শতাধিক পৰিয়াল। পাহাৰীয়া নৈৰ বাঢ়নি পানীয়ে চপালগা গাঁৱৰ আমলগা নদীৰ মথাউৰি চিঙি নিয়ে।
মথাউৰি চিঙাৰ ফলত প্ৰথম বাৰৰ বাবে জলমগ্ন হয় গামানি চপালগা গাঁওখন। গড়কপ্তানী পথৰ ওপৰেৰে পানী বাগৰাৰ ফলত যাতায়ত বন্ধ হৈ পৰিছে। লগতে বাসগৃহ সমূহত একাঠু পানী হোৱাত ৰাইজ বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷
এই পৰিস্থিতিত নদুৱাৰ সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰৰ বানপীড়িত ৰাইজৰ ওচৰত পুৱাই উপস্থিত হয় সমষ্টিটোৰ বিধায়ক পদ্ম হাজৰিকা। বিধায়ক গৰাকীয়ে পৰিস্থিতিৰ বুজ লোৱাৰ লগতে খাদ্য সামগ্ৰীৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।