শোণিতপুৰত বিজেপিৰ পৰ্যালোচনা বৈঠক সম্পন্ন

সভাত বিভিন্ন পৰ্য্যায়ৰ কাৰ্য্যকৰ্তা সকলে সাংগঠনিক দিশত বিভিন্ন দিহা পৰামৰ্শই বক্তব্য আগবঢ়ায়। ইয়াৰ উপৰিও সভাত আগন্তক ৫ নৱেম্বৰত সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ স্মৃতি দিৱসটি বালিপৰা গাঁও পঞ্চায়তৰ উদ্যোগত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ  শোণিতপুৰৰ বালিপৰা গাঁও পঞ্চায়তৰ সভাকক্ষত আজি বিজেপিৰ  গাঁও পঞ্চায়ত এলেকাৰ কাৰ্য্যকৰ্তা সকলৰ এখনি পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয় ৷

Advertisment

বালিপৰা মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক অমিয়া ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলাৰ সাধাৰণ সম্পাদক ধ্ৰুৱ প্ৰসাদ কুৰ্মী,বালিপৰা মণ্ডলৰ সভাপতি দ্বিপেন সিংহ,ৰঙাপৰা সমষ্টিৰ যুৱ মৰ্চাৰ সভাপতি অপূ্ৰ্ব হাজৰিকা, জিলাৰ কাৰ্যনিৰ্বাহক পুৰ্ণ শইকীয়া, পঞ্চায়ত সভানেত্ৰী  বীণা হাজৰিকা ই অংশগ্ৰহণ কৰে ৷

সভাত বিভিন্ন পৰ্য্যায়ৰ কাৰ্য্যকৰ্তা সকলে সাংগঠনিক দিশত বিভিন্ন দিহা পৰামৰ্শই বক্তব্য আগবঢ়ায়। ইয়াৰ উপৰিও সভাত আগন্তক ৫ নৱেম্বৰত সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ স্মৃতি দিৱসটি বালিপৰা গাঁও পঞ্চায়তৰ উদ্যোগত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

এই উপলক্ষে পুৰ্ণ শইকীয়াক সভাপতি,অমিয়া ডেকাক কাৰ্য্যকৰী সভাপতি আৰু ৰত্নেশ্বৰ দাস,অপূৰ্ব হাজৰিকাক যুটীয়া সম্পাদক হিচাপে লৈ এখনি শক্তিশালী উদযাপন সমিতি গঠন কৰা হয়।

বিজেপি