/asomiyapratidin/media/media_files/2026/03/08/3-2026-03-08-11-21-47.jpg)
ডিজিটেল সংবাদ,শিলচৰঃ ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষী আৰু অসম ৰাইফলছৰ বৃহৎ সাফল্য। গোপন খবৰৰ ভিত্তিত শিলচৰ-কালাইন পথত অভিযান চলাই দুখন বাহনৰ পৰা বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে আৰক্ষী আৰু অসম ৰাইফলছে।
মিজোৰামৰ পৰা গুৱাহাটী অভিমুখী AS01 DR- 7027নম্বৰৰ হুণ্ডাই ক্ৰেটা আৰু AS 29-9335 নম্বৰৰ বলেৰ' বাহন দুখনত তালাচী চলাই আৰক্ষীয়ে বাহন দুখনৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰিছে হেৰ'ইন ভৰ্তি ৪৮ টা চাবোনৰ বাকচ। বাকচ কেইটাৰ পৰা মুঠ ৫৩৮ গ্ৰাম হেৰ'ইন জব্দ কৰা হয়। জব্দ কৰা হেৰ'ইনৰ মূল্য প্ৰায় ৩.২৫ কোটি টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/08/whatsapp-ima-2026-03-08-11-22-04.jpeg)
উল্লেখ্য যে, হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে ৫ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। লগতে বাহন দুখন আৰু ৬ টা মোবাইল ফোন জব্দ কৰে। ড্ৰাগছখিনি চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা কাছাৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল বুলি জানিব পৰা গৈছে। অৱশ্যে, তদন্তৰ খাতিৰত ধৃত ব্যক্তিকেইজন নাম সদৰী কৰা নাই আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us