কাছাৰত আৰক্ষীৰ অভিযানত দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

কাছাৰৰ অসম-মেঘালয় সীমান্তৰ কাটিগড়াৰৰ কালাইনছড়া আৰক্ষী নাকা চেক গেটত আৰক্ষীৰ তীব্ৰ অভিযান। অভিযানত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ।

author-image
Asomiya Pratidin
New Update
3

 ডিজিটেল সংবাদ,শিলচৰঃ কাছাৰৰ  অসম-মেঘালয় সীমান্তৰ কাটিগড়াৰৰ কালাইনছড়া আৰক্ষী নাকা চেক গেটত আৰক্ষীৰ তীব্ৰ অভিযান। অভিযানত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হৈছে। এখন নম্বৰবিহীন বাহনৰ সৈতে দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত দুই সৰবৰাহকাৰীৰ নাম নাৱাদ আৰু জুৱেল বুলি জানিব পৰা গৈছে। দুয়ো মেঘালয়ৰ খেলৰিহাটৰ বাসিন্দা ৷​ 

WhatsApp Image 2026-03-03 at 2.37.34 PM

সৰবৰাহকাৰীকেইটাই তিনিটা চাবোনৰ বাকচত হেৰ’ইন ভৰাই বাহনখনৰ ভিতৰৰ গোপন কক্ষত লুকুৱাই নিয়াৰ চেষ্টা কৰিছিল। ৬ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে কালাইনৰ পৰা মেঘালয়লৈ এই হেৰ’ইনখিনি লৈ যোৱাৰ পৰিকল্পনা কৰিছিল বুলি সদৰী কৰিছে আৰক্ষীয়ে। ইপিনে কালাইনছড়া নাকা চেক গেটত কৰ্তব্যৰত আৰক্ষী কৰ্মীসকলে নিয়মীয়া তালাচী চলাই থকাৰ সময়তে বাহনখনৰ পৰা এই নিচাজাতীয় সামগ্ৰীখিনি আৰক্ষীয়ে জব্দ কৰে। লগতে জব্দ কৰা হেৰ’ইনখিনিৰ বজাৰ মূল্য লক্ষাধিক টকা বুলি জানিবলৈ দিয়ে।

WhatsApp Image 2026-03-03 at 2.38.01 PM

শিলচৰ