/asomiyapratidin/media/media_files/2026/03/08/1-2026-03-08-13-30-15.jpg)
ডিজিটেল সংবাদ,শিলচৰঃ অসম ৰাইফলছ আৰু মিজো আৰক্ষীৰ যুটীয়া অভিযানত বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দ। গোপন তথ্যৰ ভিত্তিত মিজোৰামৰ চাম্ফাই জিলাৰ ৰুৱান্টলাং এলেকাত অভিযান চলাই অসম ৰাইফলছ আৰু আৰক্ষীয়ে ৪৭ কাৰ্টন বিদেশী চিগাৰেট জব্দ কৰে।
অসম ৰাইফলছৰ এক সূত্ৰই জানিবলৈ দিয়া মতে,জব্দ কৰা চিগাৰেট খিনি Benson আৰু Hedges Blue Gold ব্ৰেণ্ডৰ। এই জব্দকৃত চিগাৰেট খিনিৰ বজাৰ মূল্য প্ৰায় ৬১.১০ লাখ টকা বুলি জানিব পৰা গৈছে। চিগাৰেটখিনি চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা মিজোৰামৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰাৰ বাবে মজুত কৰি ৰখাৰ সন্দেহ প্ৰকাশ কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/08/whatsapp-image-2026-03-08-13-30-46.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us