/asomiyapratidin/media/media_files/2026/01/30/dnt-delete-copy-2026-01-30-18-53-23.jpg)
ডিজিটেল সংবাদ শিলচৰঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে অভিযান। ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ সাফল্য। দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলোৱা কুখ্যাত ড্ৰাগছ মাফিয়া অৱশেষত পৰিল শিলচৰ আৰক্ষীৰ জালত। শিলচৰৰ মেহেৰপুৰত অভিযান চলাই আৰক্ষীয়ে বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে। নিজামুদ্দিন নামৰ এজন লোকৰ ঘৰত ভাড়াতীয়া হিচাপে থকা এজনৰ লোকৰ পৰা জব্দ কৰে এই বৃহৎ পৰিমাণৰ হেৰ'ইনখিনি।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/30/whatsapp-im-2026-01-30-18-50-14.jpeg)
উল্লেখ্য যে, ভাড়াতীয়া হিচাপে থকা শ্ৰীভূমিৰ পাথাৰকান্দিৰ চামিম আহমেদ নামৰ ড্ৰাগছ ব্যৱসায়ীজনৰ ভাড়া ঘৰত তালাচী চলাই আৰক্ষীয়ে হেৰ'ইন ভৰ্তি ৮৫ টা চাবোনৰ বাকচ উদ্ধাৰ কৰে। বাকচ কেইটাৰ পৰা মুঠ ৯৪৭ গ্ৰাম হেৰ'ইন জব্দ কৰে। জব্দ কৰা হেৰ'ইনৰ মূল্য প্ৰায় পাঁচ কোটি টকা বুলি সদৰী কৰিছে অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেনে। চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা হেৰ'ইনখিনি সৰবৰাহৰ কৰি কাছাৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল ধৃত চামিম আহমেদে। ইপিনে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us