/asomiyapratidin/media/media_files/2025/04/28/LI5IErfn8wlCgV9nHpNd.jpg)
ডিজিটেল সংবাদ, শিলচৰ: সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে এইবাৰ বৰাকত আয়োজন কৰা হৈছে অসমীয়া জাতিৰ হিয়াৰ আমঠু ৰঙালী বিহু। আছুৰ কাছাৰ জিলা কমিটীৰ উদ্যোগত দেওবাৰে দিন জোৰা কাৰ্যসূচীৰে টাউন ক্লাৱ খেল পথাৰত বিহু অনুষ্ঠিত হয়।
বৰাকৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় স্থাপনৰ উদ্দেশ্যে বিহু অনুষ্ঠানত বিহু হুচৰী, বিহু নৃত্য, ধামাইল নৃত্য,ডিমাচা নৃত্য, খাচী নৃত্য, আদিবাসী ঝুমুৰ নৃত্য, মণিপুৰী নৃত্য, নগা নৃত্য, মনিপুৰী শিল্পীৰ খোল বাদন, কোচ ৰাজবংশী সকলৰ পৰম্পৰা নৃত্য সহ সুকুমাৰ কলা প্ৰদৰ্শন সহ বিভিন্ন বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়।
/asomiyapratidin/media/media_files/2025/04/28/KjtqhHC9RGml27iuA6DP.jpg)
লগতে বৰাকৰ বিশিষ্ট সাহিত্যিক, গৱেষক ড০ অমলেন্দু ভট্টাচাৰ্য সহ সাহিত্য, সংস্কৃতি, শিক্ষা,ক্ৰীড়া আৰু বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা বৰাকৰ ভাষা ধৰ্ম নিৰ্বিশেষে ৫০ জনতকৈও বেছি বিশিষ্ট ব্যক্তিক ফুলাম গামোচা, জাপি আৰু মানপত্ৰৰে সম্বৰ্ধনা জনাই উদ্যোগতা সকলে।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰে আছুৰ কেন্দ্ৰীয় কমিটীৰ সাংস্কৃতিক সম্পাদক বিতোপন শৰ্মা আৰু সাংগঠনিক সম্পাদক কংকন শৰ্মাই। অনুষ্ঠানত ভাষণ দি আছুৰ নেতা দ্বয়ে কয় যে, ব'হাগে ঐক্য আৰু সমন্বয়ৰ কথা কয়। আছুৱে জাতি,ধৰ্ম ভাষা নিৰ্বিশেষে প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত একতা স্থাপনৰ লক্ষ্যৰে কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰখন আগুৱাই নিয়াৰ ক্ষেত্ৰত কাম কৰি আহিছে। তাৰ উদাহৰণ স্বৰূপে ২০০৫ চনত ভাৰত কণ্ঠ খিতাপ লাভ কৰা শিলচৰৰ দেৱজিৎ সাহাৰ প্ৰসংগ উল্লেখ কৰে।
/asomiyapratidin/media/media_files/2025/04/28/e4ctzs1G9DIDkLsIXRgn.jpg)
আছু নেতৃত্বই প্ৰত্যক্ষভাৱে দেৱজিৎ সাহাৰ হৈ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ লোক সকলক একত্ৰিত কৰি সংগীত শিল্পী গৰাকীক ভাৰত কণ্ঠ খিতাপ অৰ্জন কৰাত মুখ্য ভুমিকা লৈছিল বুলি উল্লেখ কৰা আছু নেতা জনে। তদুপৰি,আছুৰ ভাতৃ সংগঠন অসম সেনা আৰু উন্নতি সভাৰ জৰিয়তে সমগ্ৰ অসমতে মৎস্য আৰু দুগ্ধ উৎপাদনৰ কাম আৰম্ভ কৰা হৈছে।
ক্ষুদ্ৰ ক্ষুদ্ৰ আকাৰত কেইবাখনো জিলাত এনে উদ্যোগ ইতিমধ্যে গঢ়ি তোলা হৈছে। বৰাকৰ তিনিও খন জিলাত এই কাম আৰম্ভ হৈছে বুলি সদৰী কৰে আছু নেতা দ্বয়ে। ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যেৰে আছুৱে এনে পদক্ষেপ লোৱা বুলি মন্তব্য কৰে।
ইফালে, শিলচৰৰ মুকলি বিহুথলীত বৰাকৰ জাতি জনগোষ্ঠী সমূহে তেওঁলোকৰ পৰম্পৰাগত কৃষ্টি সংস্কৃতিৰ চিন স্বৰূপে ভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰি বিহু অনুষ্ঠানটোক সাফল্য মণ্ডিত কৰা বুলি মন্তব্য কৰে আৰু নেতাদ্বয়ে।
এয়া বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাজত সমন্বয়ৰ এক অপূৰ্ব নিদৰ্শন বুলি অভিহিত কৰি তেওঁলোকে আৰু কয় যে নিশ্চিত ভাৱে এয়া আছুৰ বাবে ঐতিহাসিক ঘটনা। সমন্বয়ৰ এই পৰিবেশ বৰাকত ভৱিষ্যতেও অব্যাহত ৰাখিব বুলি উল্লেখ কৰে বিতোপন শৰ্মা আৰু কংকন শৰ্মাই।
/asomiyapratidin/media/media_files/2025/04/28/munYnioNfKHwb5IHwHjk.jpg)
সমগ্ৰ অসমতে আছুৰ সাংগঠনিক ভেঁটি আৰু অধিক শক্তিশালী কৰিবলৈ ছাত্ৰ সন্থাই সদায় চেষ্টা অব্যাহত ৰাখিছে। বৰাক উপত্যকাৰ ক্ষেত্ৰতো আছু নেতৃত্বই বিশেষ গুৰুত্ব আৰোপ কৰিছে। ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এটা প্ৰতিনিধি দলে বৰাকত কেইবা দিন ধৰি বাহৰ পাতি সংগঠন বিস্তাৰৰ পদক্ষেপ গ্ৰহণ কৰিছে। তাৰেই ফলশ্ৰুতিত প্ৰথমবাৰৰ বাবে দেওবাৰে শিলচৰত বিহু অনুষ্ঠানৰ আয়োজন সম্ভৱ হৈ উঠিছে।
এইক্ষেত্ৰত সদৌ কাছাৰ জিলা ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰি আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য হোৱা কৃষ্ণ মোহন সিংহ বিশেষ ধন্যবাদৰ পাত্ৰ বুলি মন্তব্য কৰে আছু নেতা দ্বয়ে। মণিপুৰী সাহিত্যৰ সাহিত্য অকাডেমি যুৱ বঁটা প্ৰাপক তথা অসম বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ কৃষ্ণ মোহন সিংহই বৰাক উপত্যকাত আছুক সম্প্ৰসাৰণৰ বাবে দিবা-নৈশ পৰিশ্ৰম কৰি থকা বুলিও উল্লেখ কৰে কেন্দ্ৰীয় সমিতিৰ নেতা দুজনে।
বিহু অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিটো সাংস্কৃতিক দলৰ লগতে আছুৰ আমন্ত্ৰণৰ প্ৰতি সহাৰি জনাই আতিথ্য গ্ৰহন কৰা অতিথি সকলক ধন্যবাদ জ্ঞাপন কৰে আছুৰ কাছাৰ জিলা সমিতিৰ সভাপতি কৃষ্ণমোহন সিংহই। খিলঞ্জীয়া সকলৰ বাবে বৰাকত আজিলৈ এখন মুকলি সাংস্কৃতিক মঞ্চ নথকাত ক্ষোভ প্ৰকাশ কৰে তেওঁ। সেয়ে বৰাকত খিলঞ্জীয়া সকলৰ বাবে এখন মুকলি সাংস্কৃতিক মঞ্চ স্থাপন কৰিবলৈ আছু নেতা জনে অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us